/asomiyapratidin/media/media_files/2025/03/04/eMWvr5L7tPXDalRfgsha.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ চুবুৰীয়া ম্যানমাৰৰ পৰা নগালেণ্ড হৈ অসমলৈ অনা কোটি টকাৰ ড্ৰাগছ আজি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে দুখন বাহন জব্দ কৰাৰ লগতে ড্ৰাগছ কঢ়িয়াই অনা চাৰিটা মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
উল্লেখ্য যে শিৱসাগৰ আৰু যোৰহাটৰ কেইবাটাও চক্ৰই ম্যানমাৰৰ অবৈধ চুপাৰিৰ মাজত সুদীৰ্ঘ দিনধৰি ড্ৰাগছ আৰু মাৰণাস্ত্ৰ নগালেণ্ডৰ পৰা হালোৱাটিং হৈ অসমলৈ কঢ়িয়াই আনি ব্যৱসায় অব্যাহত ৰাখিছে৷ অভিযোগ অনুসৰি ম্যানমাৰৰ চুপাৰি আৰু ড্ৰাগছ সৰবৰাহকাৰীক নিৰাপদে পাৰ কৰি দিয়াৰ দায়িত্বত আছে দুটা সংগঠনৰ দুগৰাকী পাৱতগজা নেতা৷
/asomiyapratidin/media/media_files/2025/03/04/FoIBmSsnVtFAPIHCgVQs.jpeg)
চোলা কাপোৰ বদলি কৰাৰ দৰে সময়ে সময়ে সংগঠন বদলি কৰা এই তথাকথিত দালালৰূপী নেতা দুগৰাকীয়ে ড্ৰাগছ আৰু চুপাৰী পৰিবাহী গাড়ী অসমত প্ৰবেশ কৰোৱাৰ নামত বৃহৎ অংকৰ ধন নিয়মীয়াকৈ আদায় লয়৷ এই ধনৰ ভাগ আৰক্ষীকে ধৰি বিভিন্ন পক্ষক প্ৰদান কৰাৰো গুৰুতৰ অভিযোগ উঠিছে৷
আজি নগালেণ্ডৰ পৰা হালোৱাটিং অভিমুখী দুখন বলেৰ' বাহনত কোটি টকাৰ ড্ৰাগছ কঢ়িয়াই অনাৰ সময়তে স্থানীয় সূত্ৰৰ পম খেদি আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে৷ দুখন বলেৰ' বাহনত পৃথক চেম্বাৰ নিৰ্মাণ কৰি উক্ত চেম্বাৰত কঢ়িয়াই আনিছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ ভৰ্তি শতাধিক কণ্টেইনাৰ৷
ড্ৰাগছ সৰবৰাহ কৰাৰ বাবে কুখ্যাত চক্ৰটোৱে ব্যৱহাৰ কৰিছিল এখন নাম্বাৰ প্লেট বিহীন বলেৰ’ গাড়ীও৷ আৰক্ষীয়ে নাম্বাৰ প্লেট বিহীন বলেৰ' খন জব্দ কৰে৷ তদুপৰি এ এছ০৩ একে৮০৭০ নম্বৰৰ আন এখন বলেৰ' গাড়ীও জব্দ কৰে৷
/asomiyapratidin/media/media_files/2025/03/04/VMk5ve59MP0gGPSPaztj.jpeg)
ড্ৰাগছ সৰবৰাহকাৰী চাৰিটা মাফিয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰহী কেইটা ৰবি জয়ছোৱাল, পিন্টু দেৱনাথ, নাৰায়ণ দেৱনাথ আৰু বাবুৰাম কোঁৱৰ।
জনসাধাৰণৰ মতে এই বৃহৎ পৰিমাণ ড্ৰাগছৰ প্ৰকৃতগৰাকী কোন এই তথ্য নিখুঁত ভাৱে পোহৰলৈ আনিবলৈ হ’লে হালোৱাটিঙত ড্ৰাগছ আৰু ম্যানমাৰৰ চুপাৰী পাৰ কৰাৰ ঠিকা লোৱা বুলি শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে জ্ঞাত দুই সংগঠনৰ দালাল ৰূপী নেতাক গ্ৰেপ্তাৰ কৰাৰ প্ৰয়োজন৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us