/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/f2c62c4e-c43a-45cd-ab0f-93c2b05ef7bc/o_piti_maru_na_dub.jpg)
ডিজিটেল সংবাদ,শিৱসাগৰঃ শিৱসাগৰ জিলাৰ দিখৌ,দিচাং আৰু দৰিকা নদীৰ বৰ্দ্ধিত জলস্তৰৰ বাবে অব্যাহত আছে হাহাকাৰময় পৰিস্থিতি। দিখৌ আৰু দিচাং নদীৰ জলস্তৰ অস্বাভাৱিক গতিত বৃদ্ধি পোৱাৰ বাবে ইতিমধ্যে বহু অঞ্চল পানীত ডুব গৈছে।
কেইবা সহস্ৰাধিক লোকে আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে ৷ বানাক্ৰান্ত হৈছে হেজাৰ হেজাৰ ঘৰচীয়া জীৱ-জন্তু। সোমবাৰে দিখৌ নদীৰ বাঢ়নী পানীত এজন লোক ডুব গৈ মৃত্যুৰ মুখত পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4a75cabf-d227-4152-bda3-09bc1d138217/2b03d066_d9f3_4e71_a33b_0407829fe92b.jpg)
লাভ কৰা তথ্য অনুসৰি সোমবাৰে পুৱা চেৰেকাপাৰ শিমলুতলত বৰ্দ্ধিত দিখৌ নদীৰ পানীয়ে এজন লোকক উতুৱাই নিয়ে। স্থানীয় লোকে ততালিকে লোকজনক উদ্ধাৰ কৰে যদিও তেওঁৰ মৃত্যু হয়। লোকজনৰ নাম কূশল ৰাভা(৪৫) বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/795ce4f1-b6f6-4a42-912a-1f00f65d5de1/75f3ec5e_cfdb_45a9_9349_1f88acf4b597.jpg)
শিৱসাগৰ নগৰৰ দাঁতি কাষৰীয়া অঞ্চলকে ধৰি কেইবাখনো ৰাজহ গাওঁ পানীৰ কৱলত পৰিছে। শিৱসাগৰ নগৰৰ নপাম গাঁও দিখৌ নদীৰ বাঢ়নি পানীত ডুব গৈছে।শালমৰীয়াত এতিয়াও পথৰ ওপৰেদি বাগৰি আছে পানী।
আনহাতে আজি পুৱাৰে পৰা কোঁৱৰপুৰৰ বলিয়াঘাট সংযোগী পথৰ ওপৰেদি তীব্ৰ গতিত দিখৌ নদীৰ পানী বাগৰিব লাগিছে। ফলত এই অঞ্চলসমূহত এক আতংকৰ পৰিস্থিতি সৃষ্টি হয়। ইয়াৰ সামান্তৰালকৈ দিখৌ আৰু দিচাং নদীৰ দাঁতিত থকা বহু ঠাইত বাঢ়নী পানীয়ে ৰাইজক আহুকালত পেলাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/3d6a34de-fe33-4384-944f-2928acdd02fd/5b2468ae_cb03_4a18_bb8a_70c6b7ca60ef.jpg)
উল্লেখযোগ্য যে দিখৌ আৰু দৰিকা নদীৰ জলস্তৰ স্থিৰ হৈছে যদিও বাঢ়ি আছে দিচাং নদীৰ পানী। জল সম্পদ বিভাগে প্ৰদান কৰা তথ্য অনুসৰি দিখৌ নদীৰ পানী সীমাৰ ওপৰেদি বৈ আছে। নাজিৰাত দিখৌ নদী বিপদ সীমাৰ এক মিটাৰৰ ওপৰেদি আৰু শিৱসাগৰত ১.৪৭ মিটাৰৰ ওপৰত বৈ আছে।
সেইদৰে দিচাং নদী পাটসাঁকোত ০.৮০ মিটাৰ আৰু নঙলামৰাত ০.৪৬ মিটাৰৰ ওপৰত বৈ আছে। দৰিকা নদী বৈ আছে বিপদ সীমাৰ ০.৮৪ মিটাৰ ওপৰত। অৱশ্যে আগৰ তুলনাত দিখৌ আৰু দৰিকা নদীৰ জলস্তৰ কমিছে যদিও দিচাং নদী এতিয়াও বাঢ়ি আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/fcf902e2-a155-49b1-8306-08f36921080b/d6f5f605_679e_4f36_a20a_ac4c495a87be.jpg)
আনহাতে বিধায়ক অখিল গগৈয়ে আজি নপাম গাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়।তেওঁ বানত ডুব যোৱা অঞ্চল পৰিভ্ৰমণ কৰাৰ লগতে স্থানীয় ফুকন নগৰ প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে। বিধায়কগৰাকীয়ে আন আন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ অসুবিধাৰ বুজ লয়।
আনহাতে ৰাইজৰ এনে বিপদৰ সময়ত শিৱসাগৰ জিলা প্ৰশাসনে আগবঢ়াব লগীয়া সহায় আৰু সহযোগিতা আগবঢ়োৱা নাই বুলি আক্ৰান্ত লোকসকলে অভিযোগ আনিছে। প্ৰশাসনে ইতিমধ্যে ফুকন নগৰ প্ৰাথমিক বিদ্যালয়,থানামুখ প্ৰাথমিক বিদ্যালয়,বনগাওঁ হাই স্কুল,টিপমীয়া প্ৰাথমিক বিদ্যালয়, কমাৰফদীয়া প্ৰাথমিক বিদ্যালয়,শিমলুগুৰি নাট্য মন্দিৰ, বৰমীৰি প্ৰাথমিক বিদ্যালয়, বিহুবৰ মধ্য ইংৰাজী বিদ্যালয় আৰু কেন্দুগুৰি প্ৰাথমিক বিদ্যালয় আদিত আশ্ৰয় শিবিৰ মুকলি কৰিছে যদিও এতিয়াও সাহাৰ্য সামগ্ৰী লাভ নকৰাৰ অভিযোগ আনিছে একাংশ আক্ৰান্তই।
বিপৰিতে ব্যক্তিগত আৰু ৰাজহুৱাভাৱে বিভিন্ন জনে আক্ৰান্ত লোকসকলক সহায় আগবঢ়োৱা পৰিলক্ষিত হৈছে। আজি ভাটি বনগাওঁ এলেকাত দুৰ্যোগ প্ৰশমন বিভাগে উদ্ধাৰ অভিযান চলাই ১৭১ গৰাকী পুৰুষ,১৯৩ গৰাকী মহিলা,১০৪ টা শিশু আৰু ৭ টা সদ্যোজাতক উদ্ধাৰ কৰে। অৱশ্যে আজিৰ পৰা পানীৰ স্তৰ কমি যোৱাৰ ফলত আক্ৰান্ত অঞ্চলসমূহৰ পানী শুকাব বুলি বিভাগে আশা প্ৰকাশ কৰিছে।
Also Read: সদৌ অসম খণ্ড সমল ব্যক্তি ফৰামৰ বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি