শিৱসাগৰৰ কৃষকৰ উৎপাদিত শস্য উপলব্ধ হ'ব ডুবাইৰ বজাৰত...

শিৱসাগৰ জিলাৰ কৃষকে উৎপাদন কৰা শাক, পাচলি উৰাজাহাজত তোলা হৈছে বিদেশৰ বজাৰ দখলৰ বাবে ৷শিৱসাগৰৰ কৃষকে মূৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা  শাক,পাচলিয়ে চাহিদা পূৰণ কৰিব মৰুৰ দেশ ডুবাইৰ বজাৰ।

author-image
Asomiya Pratidin
New Update
শিৱসাগৰৰ কৃষকৰ উৎপাদিত শস্য উপলব্ধ হ'ব ডুবাইৰ বজাৰত...

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ কৃষকে উৎপাদন কৰা শাক, পাচলি উৰাজাহাজত তোলা হৈছে বিদেশৰ বজাৰ দখলৰ বাবে ৷শিৱসাগৰৰ কৃষকে মূৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা  শাক,পাচলিয়ে চাহিদা পূৰণ কৰিব মৰুৰ দেশ ডুবাইৰ বজাৰ।

Advertisment

ডুবাইৰ বজাৰ দখল কৰাৰ বাবে  উৰাজাহাজত উঠিল শিৱসাগৰত উৎপাদিত কাজিনেমু আৰু ৰঙালাও৷শিৱসাগৰ জিলাৰ দিচাংমুখৰ ভাইটি পাংগিং আৰু নিতাইপুখুৰীৰ মন্টুচ শইকীয়াকে আদিকৰি একাংশ  খেতিয়কৰ শাক, পাচলি উপলব্ধ হ’ব ডুবাইৰ বজাৰত।

এই উপলক্ষে  শিৱসাগৰৰ পৰা ডুবাইলৈ ৰপ্তানি কৰা হৈছে ৰঙালাওৰ লগতে কাজিনেমু। অসমৰ ৰঙলাউ আৰু জাতীয় ফল কাজিনেমুৰ ডুবাইৰ যাত্ৰাৰ খবৰে আন আন কৃষকসকলকো উৎসাহিত কৰি তুলিছে।

আজি শিৱসাগৰৰ পৰা সুদূৰ ডুবাইলৈ প্ৰেৰণ কৰা হ’ল ১৫০০ কিলোগ্ৰাম ৰঙালাউৰ লগতে ১০০০ কিলোগ্ৰাম কাজিনেমু। ডুবাইলৈ প্ৰেৰণ কৰা সামগ্ৰী কঢ়িওৱা বাহনৰ ফ্লেগ অফ কৰে শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ  ৰণোজ পেগুৱে।

তাৰ পিছত এই শাক পাচলি উঠোৱা হ’লগৈ আকাশী যানত৷ কাইগা একজিমছ নামৰ গুৱাহাটীস্থিত এটা প্ৰতিষ্ঠানে কৃষকসকলৰ পৰা এই শাক পাচলিসমূহ ক্ৰয় কৰি বিদেশলৈ ৰপ্তানি কৰি আহিছে।

শিৱসাগৰ জিলা প্ৰশাসনে কৃষক আৰু প্ৰতিষ্ঠানটোৰ মাজত যোগসূত্ৰ স্থাপন কৰি সামগ্রীসমূহ বিক্ৰী কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই। জিলাখনৰ পৰা  প্ৰথমটো শাক, পাচলিৰ পেকেট প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে শিৱসাগৰ জিলাৰ দিচাং,  ব্ৰক্ষ্মপুত্ৰ,  দিহিং আদি নদীকাষৰীয়া অঞ্চলসমূহত দীৰ্ঘদিন ধৰি কৃষকসকলে বৃহৎ পৰিমাণৰ ৰবি শস্য উৎপাদন কৰি আহিছে। হেজাৰ বিঘা মাটিত  কবি,  বেঙেনা,  বিলাহী,  আলুৰ লগতে অন্যান্য শাক, পাচলি উৎপাদন কৰি আহিছে৷

ইয়াৰ উপৰি প্ৰতিবছৰে  উৎপাদিত বৃহৎ পৰিমাণৰ ৰঙালাউ আৰু কাজিনেমু উৎপাদন কৰি আহিছে যদিও থলীতেই পাইকাৰী হাৰত ক্ৰয় কৰা ব্যৱসায়ী নোপোৱাৰ বাবে কৃষকসকল চিন্তিত হৈছিল৷এইবাৰ দিচাং চাপৰি,  ৰূপহীমুখ,  দিহিংমুখ আদি অঞ্চলত একাংশ চফল ডেকাই শ শ বিঘা মাটি চহাই কৰিছে সৰিয়হৰ খেতি৷

একাংশ খেতিয়কে শিৱসাগৰ, যোৰহাট,  ডিব্ৰুগড় আদি জিলাত তেওঁলোকৰ উৎপাদিত শাক, পাচলি বিক্ৰী কৰি গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি শক্তিশালী কৰাত অবদান আগবঢ়াইছে৷ প্ৰকৃত বজাৰ ব্যৱস্থাৰ অভাৱ আৰু যাতায়াতৰ নামত অধিক ধন ব্যয় হোৱাত কৃষকসকল এক প্ৰকাৰে হতাশ হৈছিল যদিও অতি সম্প্ৰতি কৃষকসকলৰ উৎপাদিত শাক, পাচলিয়ে দেশৰ লগতে বিদেশৰ বজাৰ দখল কৰাত কৃষকসকলৰ মুখত হাঁহি বিৰিঙিছে৷

শাক, পাচলি বিদেশলৈ ৰপ্তানি হোৱাত কৃষকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালসমূহ উপকৃত হৈছে।  শিৱসাগৰ জিলাৰ দিখৌমুখ দিচাংমুখ, নিতাইপুখুৰী,  দিহিংমুখ,  স’ৰাগুৰি চাপৰি,  ৰূপহীমুখ আদি অঞ্চলসমূহত উৎপাদিত শাক, পাচলিয়ে জিলাখনৰ চাহিদা পূৰণ কৰি অহাৰ লগতে বিদেশলৈ ৰপ্তানি হোৱাত কৃষিকৰ্মৰ প্ৰতি অনীহা প্ৰকাশ কৰাসকলৰ মনলৈও উদ্যম উভতি আহিছে।

উল্লেখ্য যে, শিৱসাগৰ জিলাৰ নিতাইপুখুৰীৰ দিহিংপৰীয়া কৃষক উৎপাদক কোম্পানী, দিচাংমুখ এগ্ৰ প্ৰডিউচাৰ কোম্পানী আৰু মিটং কৃষক উৎপাদক কোম্পানীৰ কৃষকসকলে ১০০০ কিলোগ্ৰাম নেমু আৰু ১৫০০ কিলোগ্ৰাম ৰঙালাও উৎপাদন কৰিছে৷শিৱসাগৰ জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত এই শাক, পাচলি বিদেশৰ বজাৰলৈ ৰপ্তানি ব্যৱস্থা কৰা হয়।

স্থানীয় বজাৰত উৎপাদিত সামগ্ৰীৰ  সমাদৰ লাভ কৰাৰ পাছতেই উৎপাদিত সমগ্ৰীসমূহ বিদেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হোৱাত জনসাধাৰণে সন্তুষ্টি প্ৰকাশ কৰিছে৷ শাক, পাচলিৰ বিদেশ যাত্ৰাৰ শুভাৰম্ভণী অনুষ্ঠানত থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই উপস্থিত থকাৰ লগতে  এই  ৰপ্তানি কাৰ্যত বিশেষ সহযোগিতা আগবঢ়োৱা জিলা আয়ুক্ত আয়ুষ গাৰ্গ, অতিৰিক্ত আয়ুক্ত গীতালি দুৱাৰা, সহকাৰী আয়ুক্ত নিমাশ্ৰী ডাউকা, অসম কৃষি বিভাগৰ উপ-সঞ্চালক মালা শৰ্মা, শিৱসাগৰ জিলা কৃষি বিষয়া আচিফ বৰা, সহকাৰী  কৃষি সঞ্চালক মধুমিতা দেৱী, অমৃত শইকীয়া,মহকুমা কৃষি বিষয়া ৰুমী বৰা, নিলাক্ষী শইকীয়া, ৰিজৱী হাজৰিকা, কৃষি উন্নয়ণ বিষয়া কাকলি কোঁৱৰ, জিলা মিডিয়া বিশেষজ্ঞ দেৱাশ্ৰী দীক্ষা,  বিপনন সমন্বয়ক বিমান সন্দিকৈ,  কৃষি সম্প্ৰসাৰণ সহায়ক হৰেশ দাস আৰু উৎপাদক কোম্পানীকেইটাৰ  কৃষক সদস্যসকল উপস্থিত থাকে।

অনুস্থানটোত কাইগা একজিমচ প্ৰাইভেট লিমিটেডৰ হৈ আকাশ হাজৰিকা আৰু ৱাচিম উল্লা উপস্থিত থাকে। অনুষ্ঠানত মন্ত্ৰী ডাঃ  ৰণোজ পেগুৱে নদীকাষৰীয়া অঞ্চলসমূহত কৃষি কাৰ্য কৰি অহা কৃষকসকলৰ অসুবিধাসমূহ দূৰ কৰাৰ ক্ষেত্ৰত চৰকাৰে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি ব্যক্ত কৰে।

দিচাংমুখ কৃষি বিভাগ ৰপ্তানি