Advertisment

বিশিষ্ট সাহিত্যিক ড০ জয়ন্ত মাধৱ বৰাক "বাক্য সাহিত্য বঁটা-২০২৪" প্ৰদান

শিৱসাগৰৰ অগ্ৰণী গ্ৰন্থ প্ৰকাশন প্ৰতিষ্ঠান "বাক্য"ই বিশিষ্ট সাহিত্যিক তথা সাহিত্য অকাডেমীৰ বঁটা প্ৰাপক ড° জয়ন্ত মাধৱ বৰাক "বাক্য সাহিত্য বঁটা-২০২৪" প্ৰদান কৰে।

author-image
Asomiya Pratidin
New Update
বিশিষ্ট সাহিত্যিক ড০ জয়ন্ত মাধৱ বৰাক বাক্য সাহিত্য বঁটা-২০২৪ প্ৰদান

বিশিষ্ট সাহিত্যিক ড০ জয়ন্ত মাধৱ বৰাক "বাক্য সাহিত্য বঁটা-২০২৪" প্ৰদান

ডিজিটে সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ অগ্ৰণী গ্ৰন্থ প্ৰকাশন প্ৰতিষ্ঠান "বাক্য"ই বিশিষ্ট সাহিত্যিক তথা সাহিত্য অকাডেমীৰ বঁটা প্ৰাপক ড° জয়ন্ত মাধৱ বৰাক "বাক্য সাহিত্য বঁটা-২০২৪" প্ৰদান কৰে। ড° জয়ন্ত মাধৱ বৰাই মানুহৰ মৰম আৰু উৎসাহে এগৰাকী সাধাৰণ ব্যক্তিৰ পৰা বিখ্যাত সাহিত্যিক হোৱা কলিকতাৰ বিভূতি ভূষণ বন্দোপাধ্যায়ৰ উদৰহৰণ দাঙি ধৰে। নতুন প্ৰজন্মই মানুহক ভাল পোৱাৰ সপোন জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছে বুলি তেওঁ মন্তব্য কৰে।

Advertisment

বঁটাটি প্ৰদান কৰি লোক-সংস্কৃতিৰ গৱেষক ড০ অনিল শইকীয়াই কয় যে, হৃদয়ৰ তাগিদা, সম্পাদকৰ তাগিদা আৰু প্ৰকাশকৰ তাগিদাই সাহিত্যৰ সৃষ্টি কৰে। ড০ জয়ন্ত মাধৱ বৰাই হৃদয়ৰ তাগিদাতহে সাহিত্য সৃষ্টি কৰে। হীৰাইহে হীৰাক চিনি পায়।

বিশিষ্ট সাহিত্যিক ড০ জয়ন্ত মাধৱ বৰাক বাক্য সাহিত্য বঁটা-২০২৪ প্ৰদান
বিশিষ্ট সাহিত্যিক ড০ জয়ন্ত মাধৱ বৰাক "বাক্য সাহিত্য বঁটা-২০২৪" প্ৰদান

 

একেটা অনুষ্ঠানতে "গল্পবোৰ ভালপোৱা" শীৰ্ষক ড০ ৰীতামণি বৰাৰ গল্প সংকলন উন্মোচন কৰি গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ ড০ সব্যসাচী মহন্তই কয়, "অসমীয়া সাহিত্যৰ প্ৰতিখন ক্ষেত্ৰৰ অবাধ বিচৰণ কৰা ড০ ৰীতামণি বৰাই নিৰন্তৰ সাহিত্য চৰ্চা কৰি আহিছে। তেওঁৰ গল্পৰ স্বকীয়তা-সৰলতাই গল্পক অধিক উপভোগ্য। সুখপাঠ্য, সাৱলীল ভাষাৰে লিখা গ্ৰন্থৰ মাজেৰে প্ৰেম-ভালপোৱা কি অনুধাৱন কৰিব পাৰিব।"

'বাক্য'ৰ সঞ্চালক সত্যজিৎ নাথৰ কাব্যগ্ৰন্থ "পানীৰ পোহৰত" উন্মোচন কৰি বুৰঞ্জীবিদ নবীন বুঢ়াগোহাঁইয়ে সমাজ ব্যৱস্থাক কাব্যৰ শৰীৰেৰে তুলি ধৰিছে বুলি কয়। তেওঁ ৰাজ্যিক প্ৰেক্ষাপটত চিনাকি কবিসকলৰ ভিতৰত অন্যতম।

ইফালে শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্তই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট কবি গংগামোহন মিলিয়ে কাব্যালোচনী "ভাষা" আৰু বিশিষ্ট সাহিত্যিক প্ৰেম গগৈয়ে কবি মিণ্টু সাগৰ দাসৰ "অ-সম্পাদকীয় পৃষ্ঠা" উন্মোচন কৰে। অনুষ্ঠানত আছুৰ নৱ-নিৰ্বাচিত সহকাৰী সাধাৰণ সম্পাদক সমীৰণ ফুকনক  শিৱসাগৰ প্ৰেছ ক্লাবৰ হৈ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিমাংশু নেওগে অভিনন্দন জনায়।

নামতি পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ধ্ৰৱজ্যোতি নাথ, সাহিত্যিক ড০ প্ৰশান্ত কুমাৰ চুতীয়া, অসম উন্নতি সভাৰ সম্পাদক শৰৎ হাজৰিকাৰ লগতে পবিত্ৰ প্ৰাণ ভট্টাচাৰ্য, বিজয় ৰবি দাস, অশ্ৰুমণি দত্ত ঘোষ, মনোজ কুমাৰ গগৈ, ড০ লিপি ফুকন, নৱজ্যোতি শইকীয়াকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

বঁটা প্ৰদান অনুষ্ঠান গ্ৰন্থ উন্মোচন