ডিজিটেল সংবাদ নামতিঃ শিৱসাগৰ জিলাৰ নামতি ছহিদ পিয়লি ফুকন মহাবিদ্যালয় খেলপথাৰত ১৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ অনুষ্ঠিত কৰা হৈছে আমন্ত্রণমূলক প্ৰাইজমাণি "দুর্গা বৰা কাপ" ফুটবল প্রতিযোগিতা। খেল পৰিচালনা সমিতিৰ সম্পাদক কন্দৰ্প নেওগে আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়া অনুসৰি, নামতি অঞ্চলৰ বৰেণ্য শিক্ষাবিদ, বৃহত্তৰ নামতি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ছহিদ পিয়লি ফুকন মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক অধ্যক্ষ তথা ক্রীড়া সংগঠক প্রয়াত দুর্গা বৰাৰ নেতৃত্বত ১৯৫৮ চনতে চেতিয়া কাটনি খণ্ডৰ কেতকুৰি চাপৰিত অনুষ্ঠিত হৈছিল ফুটবল টুর্ণামেণ্ট।
সেয়েহে সুদীর্ঘ কেইবা দশকৰ পিছত নামতি ক্রীড়া সন্থাৰ উদ্যোগত পিতামহ স্বৰূপ প্ৰয়াত দুর্গা বৰাৰ স্মৃতি ৰক্ষার্থে নামতি ক্রীড়া সন্থাৰ ফুটবল প্রশিক্ষণ কেন্দ্রৰ উদ্যোগত আৰু নামতিবাসী ৰাইজৰ সহযোগিতাত পুনৰ সেই ফুটবল প্রতিযোগিতাখনি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।
উক্ত আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাখনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া অধ্যয়ন কেন্দ্ৰ ফুটবল দলৰ লগতে তিনিচুকীয়াৰ বাৰেকুৰি আঞ্চলিক ক্ৰীড়া সন্থা, মৰিয়নী জংগল ব্লক ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ, আমগুৰি ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ, নামৰূপ টাউন ক্লাব, মৰাণ টাউন ক্লাব, চতুৰ্থ অসম আৰক্ষী কমাণ্ডো আৰু চৰাইদেউ ফুটবল ক্লাবে অংশগ্ৰহণ কৰিব। উক্ত প্রতিযোগিতাৰ আটাইকেইখন খেল উপভোগ কৰিবলৈ সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক নিমন্ত্ৰণ জনাইছে উদ্যোক্তাই।