ড০ পৰিধি শৰ্মাৰ নতুন পৰিচয় কংগ্ৰেছৰ ৱাৰ্ড সদস্য

দিল্লী বিশ্ববিদ্যালয়ৰ ফিজিক্সৰ অধ্যাপক ড০ পৰিধি শৰ্মাৰ নতুন পৰিচয় ৱাৰ্ড মেম্বাৰ। দিখৌমুখ গাওঁ পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ সদস্য হ’ল ড০ পৰিধি শৰ্মা।

author-image
Asomiya Pratidin
New Update
ড০ পৰিধি শৰ্মাৰ নতুন পৰিচয় কংগ্ৰেছৰ ৱাৰ্ড সদস্য

ডিজিটেল ডেস্কঃৰ্মা।  দিল্লী বিশ্ববিদ্যালয়ৰ ফিজিক্সৰ অধ্যাপক ড০ পৰিধি শৰ্মাৰ নতুন পৰিচয় ৱাৰ্ড মেম্বাৰ। দিখৌমুখ গাওঁ পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ সদস্য হ’ল ড০ পৰিধি শউল্লেখ্য যে, আজিৰ পৰা কিছু দিন পূৰ্বে সমগ্ৰ অসমজুৰি খলকনি সৃষ্টি কৰা ড০ পৰিধি শৰ্মাই এইবাৰ প্ৰতিদ্বন্দিতা কৰিছিল পঞ্চায়ত নিৰ্বাচনত। 

Advertisment

সেই নিৰ্বাচনতে জয়ী হৈছে ড০ পৰিধি শৰ্মা। বিশ্ববিদ্যালয়ৰ পৰা গাওঁ পঞ্চায়তৰ সদস্যলৈ তেওঁৰ এই যাত্ৰাৰ আঁৰত আছে এক বিশেষ কাহিনী। কাহিনীৰ আঁৰৰ মূল ব্যক্তিজন হৈছে ধ্ৰৱজ্যোতি শইকীয়া। এই ধ্ৰুৱজ্যোতিয়েই শইকীয়াই যোৱা কিছু বছৰ ধৰি বিভিন্ন সময়ত বিভিন্ন ছদ্ম নামেৰে প্ৰথমে সামাজিক মাধ্যমত আত্মপ্ৰকাশ কৰি পাছত কাকত, আলোচনী আদিত অৰ্থনীতি, ৰাজনীতি, সামজ, বিজ্ঞান, সাহিত্য আদি বিভিন্ন ক্ষেত্ৰৰ বিষয় সামৰি ড০ পৰিধি শৰ্মা ছদ্ম নামেৰে তত্বগধূৰ লেখা লেখি আহিছিল। 

এই ক্ষেত্ৰত তেওঁ নিজকে দিল্লী বিশ্ববিদ্যালয়ৰ ফিজিক্সৰ অধ্যাপক হিচাপে পৰিচয় দিছিল। সেই পৰিচয়ৰেই ধ্ৰুৱজ্যোতিয়ে  মননশীল চিন্তা-চৰ্চা দাঙি ধৰিবলৈ সক্ষম হৈছিল। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ধ্ৰুৱজ্যোতি শইকীয়াৰ এই ৰহস্য ফাদিল হোৱাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল বিতৰ্ক। চি আই ডিত ৰুজু হোৱা এটা গোচৰৰ পাছতে পোহৰলৈ আহিছিল ড০ পৰিধিৰ আঁৰৰৰ প্ৰকৃত সত্য। 

সেইগৰাকী পৰিধি ওৰফে ধ্ৰুৱজ্যোতি শইকীয়াই এইবাৰ পঞ্চায়ত নিৰ্বাচনত দিখৌমুখ গাওঁ পঞ্চায়ত ৰ ৬ নং ৱাৰ্ডৰ সদস্য পদত প্ৰতিদ্বন্দিতা কৰিছিল। তেওঁক সমৰ্থন আগবঢ়াইছিল কংগ্ৰেছে। অৱশ্যে সদস্য পদৰ ক্ষেত্ৰত দলীয় প্ৰতীক চিহ্ন নথকাত তেওঁ কংগ্ৰেছৰ প্ৰতীকত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সুযোগ পোৱা নাছিল। 

তথাপিও তেওঁ নিৰ্বাচনত জয়ী হোৱাত দিখৌমুখ গাওঁ পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ কংগ্ৰেছৰ সদস্য হিচাপে নতুন পৰিচয় লাভ কৰিলে। আজিৰ নিৰ্বাচনী ফলাফলত তেওঁ নিকটৱৰ্তী প্ৰাৰ্থীতকৈ তেওঁ লাভ কৰিলে ৪৬ টা অধিক ভোট।
 

পঞ্চায়ত নিৰ্বাচন