Advertisment

ড° কুলধৰ শইকীয়াক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা প্ৰদান

সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা প্ৰদান কৰে সাহিত্য অকাডেমি বঁটা প্ৰাপক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ড° কুলধৰ শইকীয়াক।

author-image
Tushar Pratim
New Update
 ড° কুলধৰ শইকীয়াক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা প্ৰদান

ডিজিটেল সংবাদ, শিৱসাগৰ: সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই আজি প্ৰদান কৰিলে লক্ষ্মীনাথ বেজবৰুৱা বঁটা। এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত এক অনুষ্ঠানত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা প্ৰদান কৰা হয় সাহিত্য অকাডেমি বঁটা প্ৰাপক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ড° কুলধৰ শইকীয়াক।

Advertisment

শিৱসাগৰ চহৰৰ কালী প্ৰসাদ সোঁৱৰণি ভৱনত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা,গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি  ড° সব্যসাচী মহন্ত, আছুৰ প্ৰাক্তন নেতা শৰৎ হাজৰিকা, সদৌ অসম ছাত্ৰ সন্থাৰ কায্যনিৰ্বাহক সদস্য সমীৰণ ফুকন, সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানস হাজৰিকা, লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিয়ালৰ লোক, আছুৰ কৰ্মকৰ্তাসকলৰ লগতে বহু লোক উপস্থিত থাকে।

অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উৎপল শৰ্মা আৰু ড° কুলধৰ শইকীয়াই ভাষণ প্ৰদান কৰে। আদৰণি ভাষণ প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কায্য নিৰ্বাহক সদস্য সমীৰণ ফুকনে।

অনুষ্ঠানৰ আঁত ধৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক দীপাংকৰ শইকীয়াই।

সদৌ অসম ছাত্ৰ সন্থা অসম সাহিত্য সভা