শিৱসাগৰ সদৰ থানাত বিজেপি নেতাৰ বিৰুদ্ধে জিলা কংগ্ৰেছৰ এজাহাৰ

শিৱসাগৰ সদৰ থানাত বিজেপি নেতাৰ বিৰুদ্ধে জিলা কংগ্ৰেছৰ এজাহাৰ

author-image
Asomiya Pratidin
New Update
শিৱসাগৰ সদৰ থানাত বিজেপি নেতাৰ বিৰুদ্ধে জিলা কংগ্ৰেছৰ এজাহাৰ

ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰ জিলা কংগ্ৰেছ কমিটীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে অপমানজনক আৰু উচটনিমূলক মন্তব্য কৰাৰ অভিযোগত বিজেপি নেতা তাৰবিন্দৰ সিং মাৰৱাহ, ৰৱনীত বিট্টু, ৰঘুৰাজ সিং আৰু সঞ্জয় গাইকৱাদৰ বিৰুদ্ধে যোৱা ২০ ছেপ্টেম্বৰত এজাহাৰ দাখিল কৰে। শিৱসাগৰ সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি প্ৰসন্ন হাতীবৰুৱা, শিৱসাগৰ ব্লক কংগ্ৰেছৰ সভানেত্ৰী আছফিয়া উল্লা আৰু সম্পাদক নাজিম হুছেইনে এই এজাহাৰ দাখিল কৰে।

Advertisment

ইয়াৰ পিছতে তেঁওলোকে কয় যে ১১ ছেপ্টেম্বৰত তাৰবিন্দৰ ছিং মাৰৱাহে বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে হত্যাৰ ভাবুকি, ১৫ ছেপ্টেম্বৰত ৰেলৱে ৰাজ্যিক মন্ত্ৰী ৰৱনীত বিট্টুৱে আৰু ১৬ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী ৰঘুৰাজ চিঙেও ৰাহুল গান্ধীক ভাৰতৰ এক নম্বৰ সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছিল।

একেদৰে শিৱসেনা সিন্দেৰ বিধায়ক সঞ্জয় গাইকৱাদে কংগ্ৰেছ নেতাজনৰ জিভা কাটিব পৰা ব্যক্তিৰ বাবে ১১ লাখ টকাৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰিছিল। সেয়ে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰা হয়।

Also Read: নেত্ৰ পষেক উপলক্ষে কল্লোলত চিত্ৰ প্ৰতিযোগিতা

bjp congress