/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/99e0042e-0646-4a6a-acc4-34e375bb74df/13.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ সোমবাৰে ঘোষণা হৈছে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ বাণিজ্য শাখাৰ ষষ্ঠ ষান্মাষিক পৰীক্ষাৰ ফলাফল (২০২৪) ।ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ অসম চৰকাৰৰ প্রাদেশিকৃত মহাবিদ্যালয়সমূহৰ ভিতৰত শিৱসাগৰ বাণিজ্য মহবিদ্যালয়ে ৯০.৩৪ শতাংশ উত্তীর্ণ হাৰেৰে চমকপ্রদ সাফল্য অর্জন কৰিবলৈ সক্ষম হয়।
মহাবিদ্যালয়খনৰ ১৭৬জন শিক্ষার্থীৰ ১৫৯জন উত্তীর্ণ হৈ মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। CGPA গ্রেডিং পইন্টত A+, A আৰু B+ মুঠ ৭২জন ছাত্র-ছাত্রীয়ে প্রথম শ্রেণীসহ সফলতা বুটলিবলৈ সক্ষম হৈছে। শিক্ষার্থীসকলৰ সফলতাৰ বাবে কলেজৰ সমূহ ছাত্র-ছাত্রী আৰু অধ্যক্ষ তথা শিক্ষক, কর্মচাৰী আৰু শুভাকাংক্ষীসকলে শুভেচ্ছা, অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছে।
এইবাৰ বিশ্ববিদ্যালয়ৰ ষষ্ঠ ষান্মাষিকৰ মুঠ উত্তীর্ণৰ হাৰ ৬২.৮৮ শতাংশ। উল্লেখ্য শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ এইবর্ষৰ বাণিজ্য শাখাৰ চতুর্থ ষান্মাষিকৰ পৰীক্ষাত ৯২ শতাংশ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ১০০ শতাংশ ছাত্র- ছাত্রী উত্তীর্ণ হৈছিল।
Also Read: চিত্ৰকলাৰ বাবে ৰাষ্ট্ৰীয় জলপানি লাভ নগাঁৱৰ দুই কন্যাৰ...