Advertisment

শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহীৰ চৰকাৰী আৱাসত ভিজিলেন্সৰ অভিযান

শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বনী কুমাৰ দলেৰ চৰকাৰী বাসগৃহত আজি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে অভিযান চলায়। বিশাল আৰক্ষী বাহিনী লৈ চলোৱা অভিযানক লৈ ৰহস্য।

author-image
Asomiya Pratidin
New Update
শিৱসাগাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহীৰ চৰকাৰী আৱাসত ভিজিলেন্সৰ অভিযান

ডিজিটেল সংবাদ শিৱসাগৰঃ শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বনী কুমাৰ দলেৰ চৰকাৰী বাসগৃহত আজি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে অভিযান চলায়। শিৱসাগৰ কেন্দ্ৰীয়  বজাৰৰ সমীপৰ চৰকাৰী বাসগৃহত চলোৱা এই অভিযানৰ সময়ত অভিযানকাৰী দলটোক মুখ্যমন্ত্ৰী তদাৰকী কোষৰ উপ-আৰক্ষী অধীক্ষকে পৰ্যায়ৰ বিষয়াই নেতৃত্ব দিয়ে।

Advertisment

তেওঁৰ নেতৃত্বত মুঠ ৬ জনীয়া তদাৰকী কোষৰ দলে চলালে এই অভিযান। অভিযানৰ সময়ত শিৱসাগৰ সদৰ আৰক্ষীৰ এটা বৃহৎ দলো উপস্থিত থাকে।

উল্লেখ্য যে, মুখ্য কাৰ্যবাহী অশ্বনী কুমাৰ দলেক ইতিমধ্যে বি টি এডিলৈ বদলি কৰা হৈছিল যদিও তেওঁ শিৱসাগৰ এৰি বি টি এ ডিলৈ যাবলৈ বিচৰা নাছিল। তেওঁ শিৱসাগৰ কিয় এৰিব বিচৰা নাছিল তাক লৈয়ো ৰহস্যৰ সৃষ্টি হৈছিল।

তেনে পৰিস্থিতিত তেওঁৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে বিশাল আৰক্ষী বাহিনী লৈ অভিযান চলোৱা বিষয়টো বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। 

চি এম ভিজিলেঞ্চ