/asomiyapratidin/media/media_files/2025/02/05/s4Au93Ih4bv56l44hzxs.jpg)
ডিজিটেল সংবাদ,চৰাইদেউঃ সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কোষাধ্যক্ষ সদ্য প্ৰয়াত নৱজ্যোতি ভূঞাৰ বিয়োগে সমগ্ৰ চৰাইদেউ জিলাতে গভীৰ শোকৰ ছাঁ পেলাইছে ৷ বুধবাৰে প্ৰয়াত ভূঞাৰ আদ্যশ্ৰাদ্ধ উপলক্ষে তেখেতৰ বাসগৃহ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয়৷
শুভাকাংক্ষী,আত্মীয়- স্বজন, যথেষ্ট সংখ্যক গুণমুগ্ধ আৰু ভকত- বৈষ্ণৱৰ উপস্থিতি প্ৰয়াত নৱজ্যোতি ভূঞাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি তেখেতৰ আত্মাৰ সদগতি কামনাৰে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় ৷
পিছত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কেন্দ্ৰীয় নেতৃত্বত তথা বিভিন্ন জিলাৰ পৰা অহা সন্থাৰ বিষয়ববীয়াই প্ৰয়াত ভূঞাদেৱলৈ শেষ শ্ৰদ্ধা নিবেদন কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ ইয়াৰ পিছতেই প্ৰয়াত নৱজ্যোতি ভূঞাৰ সমাজ জীৱনৰ বিভিন্ন দিশত বৰঙণি আগবঢ়োৱা বিষয়ৰ লগতে তেখেতৰ বৰ্ণময় কৰ্মজীৱনৰ ওপৰত যুগুত কৰি উলিওৱা “চৰাইপুংৰ কণ” নামাকৰণে এখনি স্মৃতি গ্ৰহণ উন্মোচন কৰা হয় ৷