/asomiyapratidin/media/media_files/2025/05/19/h3qQF43i8Pj9wazrwvZF.jpg)
ডিজিটেল ডেস্কঃ ১৩ বছৰৰ অপেক্ষাৰ অন্তত ন্যায় পালে চৰাইদেউ জিলাৰ জলহা গাঁৱৰ এটা পৰিয়ালে। ২৩ জনকৈ লোকক ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ পিছতে পুনৰ চৰ্চালৈ আহিছে ১৩ বছৰৰ পূৰ্বৰ ডাইনী হত্যাৰ এক জঘন্য অধ্যায়।
উল্লেখ্য যে, ২০১২ চনৰ ৯ ফেব্ৰুৱাৰীত জলহা গাঁৱত সংঘটিত হৈছিল সেই জঘন্য ঘটনা। এদল উন্মাদ লোকৰ অত্যাচাৰত প্ৰাণ হেৰুৱাইছিল ফুলেশ্বৰী হালোৱা নামৰ মহিলাগৰাকীয়ে। সেই নিশা এই মহিলাগৰাকীক ডাইনী সন্দেহত এজোপা ঔ-টেঙা গছত বান্ধি প্ৰহাৰৰ কৰাৰ উপৰিও জ্বলাই দিছিল জীৱন্তে।
সামগ্ৰ ৰাজ্যকে জোকাৰি যোৱা এই ঘটনাৰ পিছত ভুক্তভোগী মহিলাগৰাকীৰ পুত্ৰই ঘটনা সন্দৰ্ভত সোণাৰি আৰক্ষী থানাত দাখিল কৰিছিল এক গোচৰ। সেই গোচৰতে আৰক্ষীয়ে মুঠ ৩৫ গৰাকী লোকক গ্ৰেপ্তাৰ কৰি তদন্ত আগবঢ়াই নিছিল।
আদালত মজিয়াত এই গোচৰ উঠাৰ পিছত সুদীৰ্ঘ ১৩ বছৰৰ আইনী যুঁজৰ অন্তত অৱশেষত আহিল ৰায়দানৰ সময়। ন্যায়ালয়ে সুদীৰ্ঘ সময়ৰ বিচাৰৰ অন্তত ঘটনাৰে জড়িত মুঠ ২৩ গৰাকী লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ৫ হাজাৰকৈ টকা জৰিমণা বিহিছে। তাৰোপৰি ভুক্তভোগী পৰিয়াললৈ ৮ লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণো দিয়াৰ নিৰ্দেশ দিছে ন্যায়ালয়ে।
চৰাইদেউ জিলা ন্যায়িক আদালতে আজি এই ৰায় প্ৰদান কৰাৰ পিছতে সংবাদ মাধ্যমৰ আগত জিলাখনৰ জ্যেষ্ঠ অধিবক্তা মহেশ্বৰ গদুকাই কয়, ন্যায়ধীশ আবু বক্কৰ চিদ্দীকিয়ে আজি উল্লেখযোগ্য ৰায় দিলে। মুঠ ২৩ গৰাকীক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছে।
তেওঁ উল্লেখ কৰা মতে এই ঘটনাক লৈ মুঠ ১৪ গৰাকী সাক্ষীক লৈ তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে। গোটেই ঘটনা সন্দৰ্ভত ৩৫ গৰাকী লোকক আটক কৰা হৈছিল যদিও ইয়াৰে ১০ জনক চাৰ্জশ্বীটত ৰেহাই দিয়া হৈছিল।
ইয়াৰে এজন সেই সময়ত গাঁও প্ৰধান আছিল। তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে। গাঁওৰক্ষী বাহিনীৰ সম্পাদকগৰাকীয়ে সেই ঘটনাৰ পোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ন্যায়ালয়ে তেওঁক জৰিমনা বিহিছে।
যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ২৩গৰাকীৰ ভিতৰত আছে ১১ গৰাকী মহিলা আৰু ১২ গৰাকী পুৰুষ। তাৰোপৰি তেওঁলোকক ৫ হাজাৰকৈ টকা জৰিমণা বিহা হৈছে।