/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/1c22632a-37ec-4ae1-a856-2d1ff87f435d/thai_15.jpg)
চৰাইদেউ মৈদামত ১৪ জনীয়া থাইলেণ্ডৰ পৰ্যটকৰ দল...
ডিজিটেল সংবাদ চৰাইদেউঃ ৰাজ্যত ৰঙালী বিহু উদযাপন মাজতে সোমবাৰে সুদূৰ থাইলেণ্ডৰ পৰা অহা ১৪ জনীয়া এটা পৰ্যটকৰ দলে ঐতিহাসিক চৰাইদেউ মৈদামথলীত উপস্থিত হয়। চৈধ্যজনীয়া পৰ্যটকৰ এই দলটোৱে আজি ঐতিহাসিক চৰাইদেউ মৈদামৰ প্ৰত্নতাত্বিক আৰু কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অধীনত থকা মৈদাম দৰ্শন কৰে।
দলটোৱে ঐতিহাসিক চৰাইদেউত থকা স্বৰ্গদেউসকলৰ মৈদাম পৰিভ্ৰমণ কৰি আপ্লুত হৈ পৰা বুজি জানিব পৰা গৈছে ৷ চৰাইদেউ ভ্ৰমণলৈ অহা পৰ্যটকৰ দলটি আজি সদৌ তাই আহোম ছাত্ৰ সন্থা(আটাছু)ৰ চৰাইদেউ জিলা সমিতিৰ মুখ্য প্ৰচাৰ সম্পাদক অম্লানজ্যোতি কোঁৱৰৰ লগতে ছৗকাফা আঞ্চলিক সমিতিৰ বিষয়ববীয়া , মহান চাওফা(স্বৰ্গদেউ)সকলৰ স্মৃতি তৰ্পন সমিতিৰ সম্পাদক অতুল ৰাজকোঁৱৰ আৰু টাই গৱেষক ছাত্ৰ মেদেনী মোহন গগৈ সংগ দিয়ে ।
Also Read: কচুৱাত কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ বঢ়মপুৰ সমষ্টিৰ বিজেপি বিধায়কৰ