প্ৰতিবাদকো নেওচি অসমীয়াক প্ৰহাৰ কৰা ঠিকাদাৰ নিৰ্মল ম'ৰক জামিন...

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাক চৰ শোধোৱাৰ লগতে সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সংবাদকৰ্মীৰ মূল ফলা কাৰ্যৰ মূল অভিযুক্ত জলজীৱনৰ কুখ্যাত ঠিকাদাৰ নিৰ্মল ম'ৰেক জামিন
protest
protest

ডিজিটেল সংবাদ,শিৱসাগৰ: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাক চৰ শোধোৱাৰ লগতে সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সংবাদকৰ্মীৰ মূল ফলা কাৰ্যৰ মূল অভিযুক্ত  জলজীৱনৰ কুখ্যাত ঠিকাদাৰ নিৰ্মল ম'ৰেক জামিন। নিৰ্মল ম'ৰেক কাৰাগাৰলৈ প্ৰেৰণৰ পৰিৱৰ্তে ৰাজ আতিথ্যৰে শিৱসাগৰ সদৰ থানাৰ পৰাই জামিনত মুকলি কৰি দিয়াক লৈ সৃষ্টি হৈছে তীব্ৰ  প্ৰতিক্ৰিয়াৰ৷

কিন্তু এই ক্ষেত্ৰত মৌন হৈ ৰৈছে অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ নেতা সকল ৷ অ’এনজিচিৰ কোটি টকীষা চিণ্ডিকেটত জড়িত হৈ থলুৱা ঠিকাদাৰক পেটে ভাতে মাৰি অহা ভূমিপুত্ৰৰ আক্ৰমণকাৰী নিৰ্মলৰ দৰে বহিৰাগতক সদৰ থানাৰ পৰাই ৰাজকীয় আতিথ্যৰে জামিনত মুকলি কৰি দিয়াৰ ঘটনাত ক্ষোভত ফাটি পৰিছে দল সংগঠন সমূহ ৷

প্ৰথমৰ পৰাই নিৰ্মলক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণৰ দাবীত অটল হৈ থকা জাতীয় আৰু জনগোষ্ঠীয় দল সংগঠনৰ প্ৰতিবাদক  নস্যাৎ কৰি ভাৰতীয় দণ্ডবিধি আইনৰ দোহাইৰে আক্ৰমণকাৰী নিৰ্মল সদৰ থানাৰ পৰা মুক্ত হৈ অহা কাৰ্য্যত অসমীয়া জাতি সত্বাৰ ওপৰত হোৱা নিৰ্মলৰ দৰে অনা- অসমীয়া গুণ্ডাৰ দ্বিতীয়টো পুৰ্ণহতীয়া আঘাত হিচাপে পৰিগণিত হৈছে ৷

protest
protest

ইফালে সোমবাৰে নিশা শিৱসাগৰ আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই নিৰ্মলক জামিনৰ বিকল্প নাই বুলি স্পষ্ট কৰি দিয়াত আজি পুৱাৰে পৰা শিৱসাগৰত পুনৰ আৰম্ভ হয় তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ ৷

বিগত ৩০ এপ্ৰিলৰ বিয়লি জাতীয় সংগঠনৰ নেতাক অন কেমেৰা প্ৰহাৰ কৰা উদণ্ড ঠিকাদাৰ নিৰ্মল ম'ৰৰ শিৱসাগৰৰ বাবুপট্টীস্থিত বাসগৃহত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যই এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰিবলৈ যাওঁতে নিৰ্মলৰ বাসগৃহৰ পৰা কৰা শিলা বৰ্ষণত চৰিফুল আহমেদ নামৰ এগৰাকী ফটো সাংবাদিক মূৰ ফাটি আহত হৈছিল ৷

আহত সাংবাদিক চৰিফুল আহমেদে এই ঘটনাৰ পিছতেই সদৰ আৰক্ষী থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত ৬১/ ২০২৩ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধি ৩২৪/ ৩৩৬ নম্বৰৰ ধাৰা প্ৰযোজ্য কৰিছিল ৷

কিন্তু শিৱসাগৰৰ চাৰিটাকৈ সাংবাদিক সংগঠনৰ লগতে কুৰিটাকৈ জাতীয়- জনগোষ্ঠীয় সংগঠনে আৰক্ষী প্ৰশাসনক সংবেদনশীল স্থানত লগা আঘাতৰ পৰিপ্ৰেক্ষিত্বত কঠোৰ ধাৰা প্ৰযোজ্যৰে নিৰ্মল ম'ৰক কাৰাগাৰলৈ নিক্ষেপৰ দাবী উত্থাপন কৰিছিল ৷

কিন্তু আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা থানাৰ পৰাই জামিন লাভৰ ধাৰা প্ৰযোজ্য কৰাত ক্ষোভত ফাটি পৰা শিৱসাগৰ জিলা সাংবাদিক সংস্থা, শিৱসাগৰ প্ৰেছ ক্লাব, ই মিডিয়া সংস্থা, জিলা ৱেব মিডিয়া সংস্থাৰ জিলাৰ ক্ৰীড়া সাংবাদিক সকলে উমৈহতীয়া ভাৱে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷

শিৱসাগৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক খলিলুৰ ৰহমান হাজৰিকা, জেষ্ঠ সাংবাদিক মনোজ বৰঠাকুৰ, জেষ্ঠ সাংবাদিক মণিৰূল ইছলাম বড়া, খাইৰুদ্দিন আহমেদ, মুজাহিদ আলি, সঞ্জয় পাৰিক, ফিৰোজ খান, কুমাৰ অভিজিত দুৱাৰা, পৰাগ শইকীয়া, ভাস্কৰজ্যোতি দাস, অনন্ত স্মীৰ্থ, চৈয়দ মুস্তাকুৰ ৰহমান, আশ্ৰফুৰ ৰহমান,প্ৰদীপ গগৈ,জিনুল আহমেদ, ৰাতু কুমাৰ দাস, প্ৰাঞ্জল পূজাৰী,ববীতা ভৰালী, চাহানাৰা বেগমৰ লগতে বহু কেইটা সংগঠনৰ বিষয়বৰ্বীয়া সংবাদকৰ্মীৰ এঘন্টীয়া ধৰ্মঘট কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি সংবাদকৰ্মীৰ দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায়।

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত এঘন্টীয়া ধৰ্মঘট কাৰ্যসূচীত সংবাদকৰ্মী সকলে দিয়া প্ৰতিবাদী বক্তব্যত সাংবাদিকৰ আক্ৰমণ কৰা ঘটনাৰ মূল অভিযুক্ত নিৰ্মল ম'ৰক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ নকৰা পৰ্য্যন্ত সকলো ধৰণৰ চৰকাৰী বা-বাতৰি বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

সদৌ শেষত আহত সাংবাদিক  আঘাতৰ গুৰুত্বতাৰ" প্ৰতি লক্ষ্য ৰাখি প্ৰযোজ্য ধাৰা সালসলনি কৰা জেললৈ নিৰ্মল ম' ৰক নিক্ষেপ নকৰা পৰ্য্যন্ত প্ৰশাসনৰ সৈতে অসহযোগৰ সিদ্ধান্ত সন্নিৱিষ্ট এখনি স্মাৰক পত্ৰ শিৱসাগৰ জিলা উপায়ুক্তৰ হাতত অৰ্পন কৰে ৷

ইয়াৰ পুৰ্বে সাংবাদিক আক্ৰমণকাৰীৰ কঠোৰ শাস্তি আৰু ঘটনাৰ উচ্চপৰ্য্যায়ৰ তদন্তৰ দাবীত শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক খলিলুৰ ৰহমান হাজৰিকাৰ নেত়ত্বত এটা প্ৰতিনিধিৰ দলে জিলা উপায়ুক্তক সাক্ষাত কৰি স্মাৰক প্ৰদাণ কৰে ৷

আনহাতে বিগত পাঁচটা দিন ধৰি এক শ্বাহৰুদ্ধ পৰিৱেশে শিৱসাগৰ উত্তাল কৰি থকাৰ মাজতেই জিলা আৰক্ষী অধীক্ষকৰ আমন্ত্ৰনক্ৰমে জিলাখনৰ কুৰিটাতকৈও অধিক জাতী- জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গই অধীক্ষক গৰাকীৰ কাৰ্য্যালয়ত এক আলোচনাত মিলিত হয় ৷

এই আলোচনাকালত প্ৰতিবাদত বহা সাংবাদিক সকলৰ দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন থকাৰ কথা ব্যক্ত কৰাৰ লগতে জাতীয় সংগঠনক প্ৰহাৰ কৰা বৰ্হিৰাগত জলজীৱনৰ ঠিকাদাৰ নিৰ্মল ম'ৰক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পূৰ্বৰ দাবীতেই স্থিতি অটল থকাৰ কথা দোহাৰে ৷

ইয়াৰ পিছতেই শিৱসাগৰৰ প্ৰতিবাদত বহা সংবাদকৰ্মীৰ সৈতে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে আন এক বৈঠকত মিলিত হয় ৷ য'ত বিষয়া গৰাকীয়ে সাংবাদিক আহত হোৱাৰ ঘটনাত নিৰ্মল ম'ৰক অভিযুক্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিব পৰাকৈ জামিনবিহীন ধাৰা প্ৰযোজ্য কৰাৰ সন্দৰ্ভত তথ্য প্ৰমাণ লাভ নকৰাৰ যুক্তি দাঙি ধৰে ৷

বিষয়া গৰাকীয়ে জামিনবিহীন ধাৰা প্ৰযোজ্যৰে অভিযুক্তক জেললৈ প্ৰেৰণৰ ন্যায্যতা অস্বীকাৰ কৰি তদন্তৰ কেতবোৰ ভিডিঅ ক্লিপ দাঙি ধৰে ৷

ইয়াৰোপৰি তদন্তকাৰী আৰক্ষীয়ে খৰটকীয়াকৈ মেডিকেল ৰিপৰ্ট সংগ্ৰহ কৰা, ঘটনাস্থলীত সেই সময়ত উপস্থিত আন সতীৰ্থ সাংবাদিকৰ সাক্ষ্য প্ৰমাণ ( ষ্টেটমেন্ট) সংগ্ৰহ নকৰাকৈ অভিযুক্তৰ সহায়ক হোৱাকৈ ভাৰতীয় দণ্ডবিধিৰ  ৩২৪/ ৩৩৬ ধাৰা দুটা প্ৰযোজ্য কৰাত সাংবাদিক সকলে ক্ষোভ প্ৰকাশ কৰি প্ৰশাসনৰ সৈতে অসহযোগৰ সিদ্ধান্তত অটল থকাৰ কথা দোহাৰে ৷

লক্ষণীয় ভাৱে ৪৮ ঘন্টাৰ পূৰ্বৰ পৰাই জাতি- জনগোষ্ঠীয় দল সংগঠন আৰু সংবাদকৰ্মী সকলে সন্দেহ আৰু আশংকা কৰাৰ ধৰণেই অৱশেষত বহু বিতৰ্কীত ভূমি পুত্ৰক আক্ৰমণ কৰা, সাংবাদিকক আক্ৰমণ কৰা জলজীৱনৰ বিতৰ্কীত বৰ্হিৰাগত ঠিকাদাৰ নিৰ্মল মৰে জামিন লাভ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

শেহতীয়া বাতৰি মতে জামিনত মুক্ত আক্ৰমণকাৰী ঠিকাদাৰ নিৰ্মল ম' ৰে আজি নিশা সদৰ থানাৰ চৌহদত সমুহ অসমবাসী ৰাইজ, জাতীয়- জনগোষ্ঠীয় দল সংগঠন, ভূক্তভূগী লক্ষী দাস পানিকা, শিৱসাগৰৰ সমুহ সংবাদকৰ্মীৰ ওচৰত ক্ষমা ভিক্ষা বিচাৰে ৷

protest
মেৰাপানীত প্ৰৱল ধুমুহা-শিলাবৃষ্টিৰ ফলত হাঁহাকাৰময় পৰিৱেশ, বিদ্যুৎ সংযোগ বিচ্ছিন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in