Advertisment

ঐতিহাসিক ৰংপুৰত অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থা সাধাৰণ সভা...

শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ জয়সাগৰত ইংৰাজী নৱবৰ্ষৰ প্ৰথম মাহটোতে অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা ৷ উক্ত সাধাৰণ সভাতেই সংগঠনটোৰ সাধাৰণ সম্পাদক নিৰ্বিচিত কৰা হ’ব ৷

author-image
Asomiya Pratidin
New Update
সদৌ অসম ছাত্ৰ সন্থা

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ জয়সাগৰত ইংৰাজী নৱবৰ্ষৰ প্ৰথম মাহটোতে অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা ৷ উক্ত সাধাৰণ সভাতেই সংগঠনটোৰ সাধাৰণ সম্পাদক নিৰ্বিচিত কৰা হ’ব ৷

Advertisment

শিৱসাগৰত  অনুষ্ঠিত হ’বলগীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাত পাঁচ হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । ২০২৫ চনৰ  ২৭ আৰু ২৮ জানুৱাৰীত এসময়ৰ ৰাজধানী ৰংপুৰৰ প্ৰাণকেন্দ্ৰ ঐতিহাসিক তলাতল ঘৰ বাকৰি আৰু শিৱসাগৰ বিশ্ববিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব সাধাৰণ সভা।

উক্ত সাধাৰণ সভাৰ বাবে শিৱসাগৰ চহৰৰ বৰ্ডিং খেলপথাৰত আজি এখন বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ৷ এই ৰাজহু সভাতেই সাধাৰণ সভাৰ বাবে অভ্যৰ্থনা সমিতি গঠন কৰা হয়।

আজিৰ সভাত  সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু ভাৰপ্ৰাপ্ত সম্পাদক  চাৰ্জুন হাঞ্চেৰ উপৰিও কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে।সভাত সভাপতিত্ব কৰে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানব হাজৰিকাই ।

আজিৰ সভাত অভ্যৰ্থনা সমিতি গঠন কৰা হয় ৷ অভ্যৰ্থনা সমিতিত গড়গাঁও কলেজৰ অধ্যক্ষ ড° সব্যসাচী মহন্তক সভাপতি, অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকা আৰু শিক্ষক তথা কুইজ মাষ্টৰ ব্ৰজেন বড়াক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হয় ৷

ছাত্ৰনেতা সমীৰণ ফুকনক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়। উল্লেখ্য যে ইয়াৰ পূৰ্বে শিৱসাগৰত ১৯৭৪, ১৯৭৯, ১৯৮৬ আৰু ২০০৫ চনত সৰ্ববৃহৎ অনুষ্ঠানটিৰ অধিবেশন আৰু সাধাৰণ সভা অনুষ্ঠিত হৈ গৈছে।

১৯৭৯ চনত অনুষ্ঠিত অধিবেশনত প্ৰাক্তন গৃহ মন্ত্ৰী প্ৰয়াত ভৃগু কুমাৰ ফুকন, ২০০৫ চনত প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ আছুৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। একেদৰে ১৯৮৬ চনত শিৱসাগৰত অনুষ্ঠিত সাধাৰণ সভাত সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল বৰ্তমানৰ সংগঠনটোৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য।

শেহতীয়াকৈ বিভিন্ন বিতৰ্কৰ বাবে জাতীয় সংগঠনটোৰ সাধাৰণ সম্পাদক গৰাকীয়ে সংগঠন এৰিবলগীয়াত পৰে ৷ এনে পৰিস্থিতিৰ বাবে ২০২৫ বৰ্ষৰ সাধাৰণ সভাতে আছুৰ পূৰ্ণকালীন সাধাৰণ সম্পাদক এজন নিৰ্বাচিত কৰা হ'ব।

সংগঠনটোৰ সাধাৰণ সম্পাদক কোন হ’ব তাকলৈ সৰ্বত্ৰ আলোচনা চলিছে ৷ সংগঠনটোৰ কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকনক সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ৷ ৰাজহুৱা সভাত শিৱসাগৰ জিলাৰ বহু সংখ্যক গণ্য মান্য ব্যক্তিৰ লগতে অন্যান্য দল সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে।

সদৌ অসম ছাত্ৰ সন্থা আছু