আজান পীৰ(ৰঃ) দিৱস উদযাপন

 আজান পীৰ(ৰঃ) দিৱস উদযাপন

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ আজান পীৰ ভৱন আৰু গৱেষণা কেন্দ্ৰৰ উদ্যোগত দেওবাৰে আজান পীৰ ভৱনত দিনজোৰা কাৰ্যসূচীৰে আজান পীৰ দিৱস উদযাপন কৰা হয়। পুৱা পৰিচালনা সমিতিৰ সভাপতি চফিকুৰ ৰহমানে পতাকা উত্তোলন কৰাৰ পাছত হজৰত খন্দকাৰ পীৰ মাদ্ৰাছাৰ ছাত্ৰ সকলে কোৰাণ পাঠ কৰে। দিনৰ ১০ বজাৰ পৰা অনুস্থিত হয় জিলা ভিত্তিত জিকিৰ প্ৰতিযোগিতা। বিয়লি ২ বজাত পৰিচালনা সমিতিৰ সভাপতি চফিকুৰ ৰহমানৰ সঞ্চালনাত মুকলি সভা অনুষ্ঠিত হয়।

সভাত নিদিষ্ট বক্তাৰ ভাষণত বিশিষ্ট সাহিত্যিক প্ৰেম গগৈয়ে কয় যে, আমি অসমত বসবাস কৰা সকলো জনগোষ্ঠীয়েই অসমীয়া। আমাৰ মাজত বিভাজন হ'লে অসমীয়া শব্দটোৱেই নিশ্চিন্ন হৈ পৰিব। সুদূৰ বাগদাদৰ পৰা আহি অতি কম সময়তেই আজান পীৰে অসমীয়া ভাষা শিকি লোক সংস্কৃতিৰ সৈতে সংপৃক্ত হৈ পৰিছিল। আজান পীৰৰ ৰচিত জিকিৰ সমূহ ৪০-৫০ দশকত মছজিদৰ চ'ৰাত পৰিবেশন কৰা হৈছিল। গাঁৱৰ ৰাইজে জিকিৰৰ ওজাসকলক তামোল  পাণৰ শৰাই দি মান ধৰিছিল। আনুষ্ঠানিকভাৱে ভাৱে জিকিৰ প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ ডিগবৈ অধিবেশনত পৰিবেশন কৰা হৈছিল। সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিকে এই দলটোৰ নেতৃত্ব দিছিল। তাৰ পূৰ্বে ১৯৩২ চনত শিক্ষাবিদ ক্ষেত্ৰধৰ বৰগোহাঁইয়ে লিখা "আজান পীৰৰ অসমীয়া গীত" শীৰ্ষক মূল্যবান প্ৰৱন্ধ আৱাহনত প্ৰকাশিত হৈছিল।

পৰৱৰ্তী সময়ত গোলাঘাটৰ জিকিৰ সমাৰোহ অনুষ্ঠিত হৈছিল। ১৯৪৫ চনৰ দ্বিতীয় মহাযুদ্ধৰ সময়ত বৃটিছ চৰকাৰে অসমত " চঙ কম্পজাৰ" নামৰ এটি পদ সৃষ্টি কৰি অসমৰ পুৰণি গীত সমূহ "জাগৰণি" নামৰ এখন গ্ৰন্থৰ জৰিয়তে অসমীয়া, বাংলা আৰু পাৰ্চী ভাষাত অনুবাদ কৰোৱাইছিল। এই গ্ৰন্থখনত ১০ টা পুৰণি জিকিৰকে ধৰি জিকিৰ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য সন্নিৱিষ্ট কৰিছিল। এই পুৰণি জিকিৰৰ ভিতৰত "নামে পৰম ধন" জিকিৰটি শিল্পী সাৰদা শৰ্মা আৰু "খোদা খোদা বুলি বাতৰি নাপালোঁ" জিকিৰটি চুমি মিঞাই পৰিবেশন কৰিছিল। এই পুৰণি জিকিৰ আৰু এই সম্পৰ্কীয় মূল্যবান ৰচনা সম্ভাৰ আমি উদ্ধাৰ কৰিব লাগে বুলি প্ৰেম গগৈয়ে মন্তব্য কৰে।

বিশিষ্ট অতিথিৰ ভাষণত বুৰঞ্জীবিদ জিতেন বৰপাত্ৰগোঁহাইয়ে কয় যে, প্ৰব্ৰজনৰ পৰা সৃষ্টি হয় সমন্বয় আৰু প্ৰগতি। প্ৰব্ৰজন আৰু প্ৰগতি এটা মুদ্ৰাৰ দুটা পিঠি। প্ৰব্ৰজন নহ'লে প্ৰগতি নহয়। অসমৰ হিন্দু আৰু মুছলমানৰ সম্প্ৰীতি অতুলনীয়। ভাৰতৰ কোনো ৰাজ্যতেই এনে সমন্বয় আৰু সম্প্ৰীতি দেখা পোৱা নাযায়। অসমৰ খিলঞ্জীয়া মুছলমানৰ ৯৫ শতাংশ্ই মৰাণ, মটক, চুটীয়া, বৰাহী আৰু টাই মঙ্গোলিয়াৰ সকলৰ পৰা ধৰ্মান্তৰিত। বুৰঞ্জী অধ্যয়ন অবিহনে সমন্বয় আৰু সম্প্ৰীতি জনাতো সম্ভৱ নহয়।

আহোম ৰাজত্বৰ কালতে অসমত প্ৰৱেশ কৰা আজান দেউ চাহেবে অমূল্য জিকিৰ ৰচনাৰে অসমীয়া লোক সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে। শংকৰদেৱ আৰু আজান ফকীৰৰ বিচৰণ ভূমি পবিত্ৰ অসমত কোনোদিনেই সাম্প্ৰদায়িক শক্তিয়ে আমাৰ মাজত বিভেদ সৃষ্টি কৰিব নোৱাৰে বুলি জিতেন বৰপাত্ৰগোঁহাইয়ে মন্তব্য কৰে।

      মুকলি সভাখনত ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ কাৰ্যকৰী সভাপতি ধৰ্ম বৰুৱাইয়ো ভাষণ দিয়ে।এই অনুষ্ঠানত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মনিৰুল ইছলাম বড়া, আজান পীৰ দৰগাহ পৰিচালনা সমিতিৰ উপ সভাপতি খাইৰুদ্দিন আহমেদ, চাৱাল পীৰ দৰগাহৰ সম্পাদক ৰাতুল হক, বান্দা শ্বাহ দৰগাহৰ কাৰ্যকৰী সভাপতি মুস্তফা খানে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতেই বঁটা বিতৰণী আৰু বিশ্ব শান্তিৰ বাবে সমজুৱা দোৱা কৰা হয়।।

 আজান পীৰ(ৰঃ) দিৱস উদযাপন
ধৰ্মীয় সংখ্যালঘূসকল সদায় শোষিত,বঞ্চিত, লাঞ্চিত হৈ আহিছে : বদৰুল ইছলাম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in