/asomiyapratidin/media/media_files/2025/01/27/TqYKfsjYzJwHwjXDPj4m.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ বিশাল প্ৰতিনিধি সভাই আজি নিশা আছুৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰে সমীৰণ ফুকনক। প্ৰতিনিধি সভাত শিৱসাগৰ ছাত্ৰ নেতাজনক মনোনীত কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই ঐতিহাসিক তলাতলৰ বাকৰি, পৰাগ চলিহা ষ্টেডিয়ামৰ সমান্তৰালকৈ জিলাখনৰ চৌপাশত এক আনন্দমুখৰ পৰিৱেশে সৃষ্টি হয়।
সমগ্ৰ অসমৰ ছাত্র প্ৰতিনিধিৰ লগতে অসম তথা শিৱসাগৰৰ কেইবা শতাধিক দল- সংগঠন, অনুষ্ঠান- প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে নৱ-নিৰ্বাচিত ছাত্র নেতাজনক অভিনন্দন জ্ঞাপন কৰে। সমীৰণ ফুকনৰ নেতৃত্বত অসমৰ পুৰণি ছাত্র সংগঠনটোক এক নতুন গতি প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰে সকলোৱে ।
১৯৭৯ আৰু ১৯৮৬ চনৰ পিছতেই সুদীর্ঘ তিনিটা দশকৰ পিছত শিৱসাগৰত অনুষ্ঠিত হোৱা আছুৰ সাধাৰণ সভাত শিৱসাগৰৰ এগৰাকী সন্তানে সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব লাভ কৰাত বিশেষভাৱে শিৱসাগৰীয়া ৰাইজে গৌৰৱ অনুভৱ কৰিছে। উল্লেখ্য যে, সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব লাভ কৰা সমীৰণ ফুকনৰ জন্ম হয় ১৯৮৯ চনৰ ১৯ চেপ্তেম্বৰত ৷
শিৱসাগৰ চহৰৰ সমীপৱৰ্তী জয়সাগৰৰ জয়ানগৰ নিবাসী তথা চাৰিং মণিৰাম দেৱান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তাৰাপ্ৰসন্ন ফুকন আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অঞ্জলী বৰুৱা ফুকনৰ পুত্র সমীৰণ ফুকন ছাত্ৰাৱস্থাৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত ৷ সমীৰণ ফুকন ২০০৫ বৰ্ষত সদৌ অসম ছাত্ৰ সন্থাৰ স’তে পোনপটীয়াকৈ জড়িত হৈ জয়সাগৰত এটা প্ৰাথমিক গোট গঠন কৰি তাৰ সাধাৰণ সম্পাদকৰূপে আছুৰ মজিয়াত যাত্ৰা আৰম্ভ কৰে৷
একাদশ শ্ৰেণীত অধ্যয়নৰত সময়ত ২০০৫-০৬ বৰ্ষত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হয় ৷ কলেজীয়া দিনতো সক্ৰিয় ছাত্ৰ ৰাজনীতিত জড়িত হৈ শিৱসাগৰ কলেজ ছাত্ৰ একতা সভাৰ ২০০৭-০৮ আৰু ২০০৮-০৯ বৰ্ষৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হোৱাৰ উপৰি ২০০৯-১০ বৰ্ষত উপ-সভাপতি ৰূপে নিৰ্বাচিত হৈ একতা সভাৰ নিৰ্বাচনত একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱাৰ অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ৷
কলেজীয়া ছাত্ৰ হৈ থকা সময়তে ২০১০ বৰ্ষত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈ ২০১৪ বৰ্ষলৈকে দায়িত্বত থাকি ২০১৪ বৰ্ষৰ শেষৰ ভাগৰ পৰা ২০১৬ বৰ্ষৰ জানুৱাৰীলৈ সভাপতিৰ দায়িত্বত আছিল ৷ ২০১৬ বৰ্ষৰ জানুৱাৰীত বৰ্তমানৰ চৰাইদেউ জিলা সহিতে থকা সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰূপে দায়িত্ব লৈ তাৰ পৰৱৰ্তী পৰ্যায়ত ২০২০ চনৰ অক্টোবৰ মাহত পুনৰ দ্বিতীয়টি কাৰ্যকালৰ বাবে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয় ৷
২০২০ চনৰ নৱেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশনত শিৱসাগৰ জিলাক প্ৰতিনিধিত্ব কৰি আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰূপে নিৰ্বাচিত হয় ৷ ২০২২ বৰ্ষৰ ছেপ্তেম্বৰ মাহত আছুৰ সহকাৰী সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হৈ ২০২৩ বৰ্ষৰ নৱেম্বৰত অনুষ্ঠিত অষ্টাদশ মৰিগাঁও অধিৱেশনলৈকে উক্ত পদবীত কাৰ্যনিৰ্বাহ কৰে ৷
২০২৩ বৰ্ষৰ নৱেম্বৰৰ পৰা ২০২৪ বৰ্ষৰ ডিচেম্বৰ পৰ্যন্ত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰূপে থাকি পুনৰ সহকাৰী সাধাৰণ সম্পাদক নিৰ্বাচিত হয় ৷ আজিৰ প্ৰতিনিধি সভাখনত আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চেক উপ-সভাপতি হিচাপে মনোনীত কৰাৰ লগতে সহকাৰী সাধাৰণ সম্পাদক হিচাপে তিনিচুকীয়াৰ সমৰ গোহাঁই, চৰাইদেউৰ অনুপ জ্যোতি ভূঞাক আৰু সাংগঠনিক সম্পাদক হিচাপে শোণিতপুৰ জিলাৰ নয়ন জ্যোতি গগৈক মনোনীত কৰা হয়। আজিৰ সভাতেই নবনির্বাচিত সাধাৰণ সম্পাদক সমীৰন ফুকনক আনুষ্ঠানিকভাবে দ্বায়িত্ব অৰ্পণ কৰে।