ঐতিসিক স’ৰাগুৰি চাপৰিৰ আকাশে বতাহে জিকিৰৰ অমিয়া সুৰ...

প্ৰতিবছৰে ফ্ৰেব্ৰুৱাৰী মাহত আজান পীৰ দৰগাহত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা উৰুচ কালি নিশা সামৰণি পৰে ৷ উৰুচক কেন্দ্ৰ লোকে লোকাৰণ্য হ’ল আজান পীৰ দৰগাহ।

author-image
Asomiya Pratidin
New Update
ঐতিসিক স’ৰাগুৰি চাপৰিৰ আকাশে বতাহে জিকিৰৰ অমিয়া সুৰ...

ডিজিটেল সংবাদ, শিৱসাগৰঃ আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত আজান পীৰে ৰচনা কৰা মধুৰ জিকিৰৰ সুৰে ঐতিহাসিক স’ৰাগুৰি চাপৰিৰ আকাশ বতাহ মুখৰিত কৰিছে ৷ “মোৰ মনত ভেদভাৱ নাই অ' আল্লা, হিন্দু কি মুছলমান এক আল্লাৰ ফৰমান, মোৰ মনত ভেদভাৱ নাই” — শীৰ্ষক জিকিৰৰ তালে তালে হাত চাপৰি বজাই বিলাইছে সমন্বয়ৰ বাৰ্তা ৷

Advertisment

উল্লেখ্য যে আহোম স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনত সুদূৰ ইৰাকৰ পৰা অসম ভূমিত আহি উপস্থিত হোৱা শ্বাহ মিৰান, শ্বাহ মিলন বা আজান পীৰে এই মাটিকেই মাতৃভূমি হিচাপে চিৰকালৰ বাবে আকোঁৱালি লৈ ইয়াৰ ভাষা কৃষ্টি সংস্কৃতিক আপোন কৰি ল’লে ৷ অসমৰ লোক গীতৰ আৰ্হিত জিকিৰ ৰচনা কৰি আমাৰ সাহিত্যৰ ভড়াল চহকী কৰি কৰিলে ৷ এই জিকিৰসমূহ ধৰ্মীয় গীতৰ সমান্তৰালভাৱে সমন্বয়ৰো গীত হিচাপে স্বীকৃতি লাভ কৰি আহিছে ৷

এইগৰাকী সাধাকক আহোম স্বৰ্গদেউ গদাধৰসিংহই দিখৌমুখৰ স’ৰাগুৰি চাপৰিত মাটি ভেটি দি মঠ সজাই দিছিল ৷ “স’ৰাগুৰি চাপৰি দিখৌ নৈ কাষৰী, ৰজাই বন্ধাই দিয়া মঠ / ছকুৰি ভকতে লয় আল্লাৰে নাম, মাদুৰি বনৰে কঠ ” শীৰ্ষক জিকিৰেই এই কথাৰ স্পষ্ট প্ৰমাণ ৷ মৃত্যুৰ পিছত আজান পীৰক এই স’ৰাগুৰি চাপৰিতেই সমাধিস্থ কৰা হৈছিল ৷

ঐতিসিক স’ৰাগুৰি চাপৰিৰ আকাশে বতাহে জিকিৰৰ অমিয়া সুৰ...

স’ৰাগুৰি চাপৰিৰ আজান পীৰ দৰগাহ বিভিন্ন জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকৰ সমন্বয়ৰ ধামলৈ ৰূপান্তৰিত হৈছে ৷ প্ৰতিবছৰে ফ্ৰেব্ৰুৱাৰী মাহত আজান পীৰ দৰগাহত উৰুচ অনুষ্ঠিত কৰা হয় ৷ এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা উৰুচ কালি নিশা সামৰণি পৰে ৷

উৰুচক কেন্দ্ৰ কৰি বিভিন্ন জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকে লোকাৰণ্য হ’ল আজান পীৰ দৰগাহ ৷ হাজাৰ হাজাৰ লোকে আজান পীৰৰ সমাধিত ধূপ ধুনা সহিতে বন্তি প্ৰজ্বালন কৰি মানৱজাতিৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনায় ৷ আনহাতে স্থানীয় হিন্দু ধৰ্মাৱলম্বী লোকে কালি নিশা গৰীয়াজান দলঙৰ পৰা আজান পীৰৰ দৰগাহলৈকে প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ দুয়োকাষে বন্তি প্ৰজ্বলন কৰি মানৱতাৰ বাণী প্ৰচাৰ কৰা আজান পীৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ সমান্তৰালকৈ সমগ্ৰ অঞ্চল আলোকিত কৰি সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰে ৷

অন্তিম দিনটোত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তৃা হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড° কৰবী ডেকা হাজৰিকাই  আজান পীৰক সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন বুলি অভিহিত কৰে ৷ তেওঁ কয় আজান পীৰে অসমীয়া সমাজক একতাৰ ডোলেৰে বান্ধি থৈ গ’ল , যাক চিঙোতা নাই ৷

ড° কৰবী ডেকা হাজৰিকাই কয় সমাজত অপশক্তি থাকে ৷ ৰূপাই দাধৰা এনে শক্তি ৷ এইখন আমাৰ চেনেহী অসম ৷ ইয়াত হিন্দু মুছলমানৰ বিভেদ কাহানিও নাছিল, এতিয়াও নাই আৰু ভবিষ্যতেও নেথাকিব।

ঐতিসিক স’ৰাগুৰি চাপৰিৰ আকাশে বতাহে জিকিৰৰ অমিয়া সুৰ...

দৰগাহ পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট অধিবক্তা হাৰুনল ৰচিদৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰি বিশিষ্ট লেখক তথা গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই কয় যে- আমাৰ সমাজত আজান পীৰৰ প্ৰাসংগিক পূৰ্বতেও আছিল আৰু এতিয়া আছে ৷ আজান পীৰৰ সৃষ্টি কৰ্ম অধ্যয়ন তথা অনুধাৱন কৰিলে তেওঁ অসমীয়া ভাষা সাহিত্যৰ লগতে আমাৰ মহাপুৰুষ দুজনাৰ দৰ্শন অধ্যয়ন কৰাৰ কথা স্পষ্ট হৈ পৰে ৷

ড° মহন্তই জিকিৰৰ প্ৰতিটো শাৰীতেই সম্প্ৰীতিৰ বাণীৰ লগতে ঈশ্বৰপ্ৰাপ্তিৰ বাণী স্পষ্ট ৰূপত প্ৰতিফলিত হয় বুলি মন্তব্য কৰে ৷ ডিব্ৰুগড়ৰ আৰু শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° কন্দৰ্প কুমাৰ ডেকাই সভাত অংশগ্ৰহণ কৰি স’ৰাগুৰি চাপৰিৰ আজান পীৰ দৰগাহক শান্তি সম্প্ৰতিৰ তীৰ্থস্থান বুলি অভিহিত কৰে ৷

এই সভাতেই এনামউদ্দিন আহমেদৰ সম্পাদনাত প্ৰকাশিত “স’ৰাগুৰিৰ আজান” স্মৃতিগ্ৰন্থ আনুষ্ঠানিক ভাৱে উন্মোচন কৰি লোকসংস্কৃতিৰ গৱেষক ড° অনিল শইকীয়াই কয় যে— এই গ্ৰন্থই আজান পীৰৰ কৰ্ম আৰু তেওঁৰ জিকিৰক পুনৰ ফঁহিয়াই চোৱাৰ বাবে পাঠকক সুযোগ প্ৰদান কৰিলে ৷ তেওঁ কয় আজান পীৰ প্ৰখৰ স্মৃতিশক্তিৰ গৰাকী আৰু সৃষ্টিশীল মনৰ অধিকাৰী আছিল ৷ আমাৰ মন আৰু প্ৰাণত জিকিৰে সুকীয়া স্থান দখল কৰি আছে ৷

তেওঁ সমন্বয় বাণী থকা, মুক্তিৰ বাণী থকা জিকিৰ সকলোকে গোৱাৰ বাবে মুকলি আহ্বান জনায় ৷ অনুষ্ঠানত মেঘালয়ৰ প্ৰাক্তন মন্ত্ৰী চৈয়দ উল্লা ননগ্ৰোমে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি আজান পীৰে ধৰ্মতকৈ মানৱপ্ৰেমত অধিক গুৰুত্ব প্ৰদান কৰিছিল ৷ আজান পীৰে গঢ়িযোৱা সমন্বয়ক আধাৰ হিচাপে লৈ সকলোকে দেশ গঢ়াৰ আহ্বান জনায় ৷ তদুপৰি প্ৰতিগৰাকী শিশুক শিক্ষা আহাৰণৰ সুযোগ দিয়াৰ বাবে তেওঁ আহ্বান জনাই ৷

দৰগাহ পৰিচালনা সমিতিৰ সম্পাদক নৱাব মুচতাকিম আলীয়ে আদৰণী ভাষণ পাঠ কৰা সভাত আজান পীৰ সম্পৰ্কে প্ৰকাশিত সংকলনখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্তই কয় আজান পীৰে অসমত সমন্বয়ৰ এক ধৰা প্ৰৱৰ্তন কৰিলে ৷ যোৱা চাৰিশ বছৰে জিকিৰ জাৰীয়ে আমাৰ হৃদয় স্পন্দিত কৰি অহা বুলি ড° মহন্তই মন্তব্য কৰে ৷

সভাত সংকলনৰ সম্পাদক ড° লুটফুন নাহাৰ আৰু স’ৰাগুৰিৰ আজানৰ সম্পাদক এনামউদ্দিন আহমেদে বক্তব্য আগবঢ়াই ৷ সংকলনৰ সহযোগী সম্পাদক মাহমুদ আলী উপস্থিত থাকে ৷ সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ৰেকিবুদ্দিন আহমেদ আৰু লেখিকা মল্লিকা বেগমে বক্তব্য আগবঢ়াই ৷ সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক সমীৰণ ফুকনক দৰগাহ পৰিচালনা সমিতিয়ে সম্বৰ্ধনা জনাই৷ 

সভাত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ, শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপাঙ্কৰ শইকীয়া, ডা° ইন্টিকাবুৰ ৰহমান, জিকিৰ শিল্পী ৱাজিদুৰ ৰহমানক সম্বৰ্ধনা জনোৱা হয় ৷ আফচানা ৰহমানৰ সংগীবৃন্দৰ জিকিৰেৰে শুভাৰম্ভ কৰা সভাখনৰ আঁতধৰে ইব্ৰাহীম আলী আৰু নৱাব মুচতাকিম আলীয়ে ৷ 

শিৱসাগৰ