/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/08f9b205-0199-4358-a4c5-a6517775e9e2/429.jpg)
ডিজিটেল সংবাদ,শিৱসাগৰ : সদৌ অসম আহোম সভাৰ উদ্যোগত আৰু শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ সহযোগত শনিবাৰে বিদ্যালয় চৌহদত পদ্মনাথ গোহাঞিবৰুৱাৰ ১৫২ সংখ্যক জয়ন্তী উদযাপন কৰা হয় ৷ অনুষ্ঠানটিত তেওঁৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শিৱসাগৰ জিলাৰ উন্নয়ন আয়ুক্ত বিতোপন নেওগে।
মাল্যাৰ্পণ কৰে শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে ৷ পৰৱৰ্তী কাৰ্যসূচীত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি আমগুৰি কলেজৰ উপাধ্যক্ষ বিমান শেনচোৱা বৰুৱাই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কয় যে- পদ্মনাথ গোহাঞিবৰুৱা একাধাৰে নাট্যকাৰ, গল্পকাৰ, বুৰঞ্জীবিদ, চিত্ৰশিল্পী, সাহিত্যিক, সদৌ অসম আহোম সভা আৰু অসম সাহিত্য সভাৰ প্ৰথম সভাপতি, সমাজ সংগঠক, অসমীয়া ভাষাৰ আদিপাঠ প্ৰণেতা আৰু অসম সাহিত্য সভাৰ বটবৃক্ষৰ বীজ ৰোপণ কৰোতা ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/b2dae831-dec3-45cf-9b9d-5a9873de1c6e/00d85296_e05b_4320_b41b_3ec404d191ce.jpg)
উল্লেখযোগ্য যে তেওঁৰ নামত প্ৰতিবছৰে সদৌ অসম ভিত্তিত কুইজ আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু এটি ন্যাস খোলাৰ প্ৰস্তাৱ আগবঢ়াই আৰু সকলোৱে একেমুখে সমৰ্থন জনায় ৷
অনুষ্ঠানত শিৱসাগৰ জিলাৰ উন্নয়ন আয়ুক্ত বিতোপন নেওগ, সদৌ ভাৰত অ’ এন জি চিৰ অ’ বি চি আৰু এম অ’ বি চিৰ প্ৰাক্তন সভাপতি তথা মহাপ্ৰবন্ধক জয়ন্ত পাটৰ, সম্পাদক হেমন্ত গগৈ, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ মঞ্জু চেতিয়াৰ লগতে¸ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকি পদ্মনাথ গোহাঞিবৰুৱাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ৷
ইফালে সদৌ অসম আহোম সভাৰ জিলা সভাপতি জয়ন্ত ৰাজকোঁৱৰ, অৱসৰপ্ৰাপ্ত শিক্ষক গোবিন বড়া, টাই সাহিত্য সভাৰ জিলা সভাপতি ফুলবৰ দিহিঙীয়া, সদৌ অসম আহোম সভাৰ শিৱসাগৰ আঞ্চলিকৰ সভাপতি প্ৰকাশ গগৈ, চাদিকুৰ ৰহমান উপস্থিত থাকি বক্তব্য আগবঢ়ায় ৷
অনুষ্ঠানৰ আঁত ধৰা সদৌ অসম আহোম সভাৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দেৱজ্যোতি গগৈয়ে ২৪ ডিচেম্বৰত শিৱসাগৰৰ তাই আহোম সংস্কৃতি বিকাশ কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম আহোম সভাৰ শিৱসাগৰ জিলা সমিতিৰ বাৰ্ষিক অধিবেশনত আহোম সভাৰ সকলো কাৰ্যকৰ্তাক উপস্থিত থাকিবলৈ অনুৰোধ জনায় ৷
Also Read: 'অসমীয়া প্ৰতিদিন'ৰ সাংবাদিক জিতু শৰ্মা ৰাজখোৱালৈ জন কণ্ঠ-২০২৩ বঁটা