শিৱসাগৰত ১.৪৪ কোটি টকীয়াৰ প্ৰকল্পৰ কামত স্থবিৰতা

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ অবাঞ্চিত তৎপৰতাৰ বাবে শিৱসাগৰত ১'৪৪ কোটি টকীয়াৰ প্ৰকল্পৰ কামত স্থবিৰতা । পাৱাৰ গ্ৰীডৰ ধনেৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত স্থাপন হ'বলগীয়া ৰক্ত কণিকা পৃথকীকৰণ গোটক লৈ কোনে কৰিছে কুটিল ৰাজনীতি।বুজাবুজিৰ চুক্তি সম্পন্ন হোৱাৰ পিছত পুনৰ প্ৰাককলন প্ৰস্তুত কিয় ?
শিৱসাগৰত ১.৪৪ কোটি টকীয়াৰ প্ৰকল্পৰ কামত স্থবিৰতা

ডিজিটেল সংবাদ, শিৱসাগৰঃ জয়সাগৰত থকা শিৱসাগৰ অসামৰিক চিকিৎসালয় চৌহদত থকা ৰক্ত ভঁৰালত (ব্লাড বেংক) এটা নতুন ৰক্ত কণিকা তথা ৰক্তৰ বিভিন্ন উপাদান পৃথকীকৰণ গোট নিৰ্মাণ কৰাৰ বাবে পাৱাৰ গ্ৰীড কৰ্পৰেচন আগবাঢ়ি অহাৰ পিছতো এই কামে অগ্ৰগতি লাভ কৰা নাই ৷

১.৪৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া গোটটোৰ সমূদাই ধন পাৱাৰ গ্ৰীড কৰ্পৰেচনে ঔদ্যোগিক সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত প্ৰদানৰ বাবে আগবাঢ়ি অহাৰ পিছটো কাৰ ব্যক্তিগত স্বাৰ্থ কিম্বা কুটিল ৰাজনীতিৰ বাবে এই কাম ইমান দিনে ফাইলৰ মাজতেই আবদ্ধ হৈ থকাত জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ ভালেকেইটা দল সংগঠন আৰু অনেক ব্যক্তিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ অবাঞ্চিত হস্তক্ষেপৰ বাবে জিলাখনৰ জনসাধাৰণ অত্যাধুনিক সা সুবিধা সম্পন্ন ৰক্ত ভৰালৰ সুবিধাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

তথ্য অনুসৰি বিগত বৰ্ষৰ ৬ অক্টোবৰৰ দিনা শিৱসাগৰ জিলা স্বাস্থ্য সমিতিৰ সৈতে পাৱাৰ গ্ৰীড কৰ্পৰেচনে এক বুজাবুজিৰ চুক্তি চমুকৈ এম অ’ ইউ সম্পাদন কৰিছিল । শিৱসাগৰ জিলা আয়ুক্ত  কাৰ্যালয়ৰ চুকাফা ভৱনত অনুষ্ঠিত এখনি প্ৰশাসনীয় সভাত জিলা স্বাস্থ্য সমিতিৰ অধ্যক্ষ তথা জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে পাৱাৰ গ্ৰীড কৰ্পৰেচনৰ শীৰ্ষ বিষয়া চিন্তু কুমাৰ পালৰ উপস্থিতিত উক্ত বুজাবুজি চুক্তি সম্পাদন কৰিছিল। প্ৰস্তাৱিত ৰক্ত কণিকা তথা ৰক্তৰ বিভিন্ন উপাদান পৃথকীকৰণ গোটৰ নিৰ্মাণ কাৰ্য বুজাবুজি চুক্তি সম্পন্ন হোৱা দিনটোৰ পৰা ১২ মাহৰ ভিতৰতে সম্পূৰ্ণ হোৱাৰ কথা আছিল। কিন্ত এম অ’ ইউ অৰ্থাৎ বুজাবুজি চুক্তিত স্বাক্ষৰ হোৱা আজি ১২৪ দিন (৪মাহ) অতিক্ৰম কৰিলে যদিও এই পৰ্যন্ত প্ৰকল্পৰ এক শতাংশ কামো আগবঢ়া নাই ৷

এনে পৰিস্থিতিত আৰু মাথো ৮ টা মাহৰ ভিতৰত প্ৰকল্পৰ কাম সম্পন্ন হোৱাৰ সম্ভাৱনা কিমান তাক লৈ প্ৰশ্ন উঠিছে ৷ উত্থাপিত অভিযোগ অনুসৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ অবাঞ্চিত হস্তক্ষেপৰ বাবে ইমান দিনে ৩০/৪০ শতাংশ কাম আগবাঢ়িব লগীয়া প্ৰকল্পৰ কাম স্থবিৰ হৈ পৰে ৷ প্ৰকল্প ৰূপায়ণৰ বাবে প্ৰাথমিক পৰ্যায়তে ২৫ শতাংশ অৰ্থাৎ প্ৰায় ৩৬ লাখ টকা মুকলি কৰি দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল পাৱাৰ গ্ৰীড কৰ্পৰেচনে ৷ সেই মৰ্মে শিৱসাগৰত প্ৰকল্পৰ কাম আগবঢ়োৱাৰ সময়তে জিলাখনলৈ অহা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকল্পৰ কামকাজ এক প্ৰকাৰে বন্ধ কৰাই স্বাস্থ্য বিভাগৰ গুৱাহাটী কাৰ্যালয়ৰ পৰা এগৰাকী বিষয়াক শিৱসাগৰলৈ পঠিয়াই ৷ উক্ত বিষয়া গৰাকীৰ তত্ত্বাৱধানত লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ দ্বাৰা শিৱসাগৰ অসামৰিক চিকিৎসালয় সংলগ্ন ৰক্ত ভঁৰাল পুনৰ নিৰ্মাণ তথা মেৰামতিৰ প্ৰাককলন দ্বিতীয় বাৰৰ বাবে প্ৰস্তুত কৰা পাৱাৰ গ্ৰীড কৰ্পৰেচন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে ৷

যোৱা কেইবাটাও দশকৰ পূৰ্বে স্থাপন কৰা শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ নব্যকৰণ তথা তাৰ সৰু সৰু সমস্যা সমূহ সমাধা কৰাৰ বাবে এক লাখ টকাৰ অনুদান আগবঢ়োৱাৰ প্ৰয়োজনবোধ নকৰা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই পাৱাৰ গ্ৰীড কৰ্পৰেচনে ১'৪৪ কোটি টকীয়া অনুদান আগবঢ়োৱাৰ লগে লগেই হঠাৎ সৰৱ হৈ পৰিল ৷ এবাৰ প্ৰাককলন প্ৰস্তুত কৰি বিভাগীয় ভাৱে প্ৰেৰণৰ পিছত পাৱাৰ গ্ৰীড কৰ্পৰেচনে অনুমোদন জনোৱাৰ লগতে শিৱসাগৰ জিলা প্ৰশাসনৰ লগত এম অ’ ইউ চুক্তিত স্বাক্ষৰ কৰাৰ পিছত স্বাস্থ্যমন্ত্ৰীয়ে দ্বিতীয় বাৰৰ বাবে কিয় একেটা প্ৰকল্পৰ প্ৰাককলন প্ৰস্তুত কৰালে তাক লৈ জনসাধাৰণৰ মাজত সৰৱ আলোচনা চলিছে ৷ স্বাস্থ্যমন্ত্ৰীৰ অপ্ৰয়োজনীয় তৎপৰতাৰ বাবেই প্ৰকল্পৰ কাম স্থবিৰ হোৱৰ অভিযোগেৰে জনসাধাৰণে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে শিৱসাগৰে পাৱাৰ গ্ৰীড কৰ্পৰেচনৰ পৰা এই প্ৰকল্প লাভ কৰাত স্বাস্থ্য বিভাগৰ বিশেষ অৱদান নাই ৷ ইয়াৰ আঁৰত আছে শিৱসাগৰ ৰটাৰী ক্লাবৰ লগত জড়িত  অঞ্জনা শৰ্মা নামৰ ই এন টি বিভাগৰ চিকিৎসক গৰাকীৰ নেৰানেপেৰা প্ৰচেষ্টা ৷  চিকিৎসা সুবিধাৰ ক্ষেত্ৰত অত্যন্ত পিচপৰি থকা শিৱসাগৰ জিলাই ডা° অঞ্জনা শৰ্মাৰ প্ৰচেষ্টাৰ বাবে এই সুবিধা লাভৰ পথ প্ৰশস্ত হৈছিল ৷ যোৱা কভিডকালীন সময়চোৱাত প্লাজমা দান তথা প্লাজমা প্ৰয়োগেৰে একাংশ লোকৰ প্ৰাণ ৰক্ষা কৰা হৈছিল ৷ কিন্ত প্লাজমা পৃথকীকৰণ তথা ৰক্তৰ বিভন্ন উপাদান পৃথকীকৰণ কৰাটো  এক জটিল আৰু ব্যয়বহুল প্ৰক্ৰিয়া ৷ 

এনে ব্যৱস্থা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়তহে আছে ৷ যাৰ বাবে যোৱা আঢ়ৈটা বছৰৰ পূৰ্বেই ডা° অঞ্জনা শৰ্মাই ৰটাৰী ক্লাৱৰ উদ্যোগত অত্যাধুনিক সা সুবিধা থকা এনে এটা ৰক্ত ভৰাঁল নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছিল ৷ সেইমৰ্মে তেওঁ প্ৰকল্পৰ প্ৰাককলন প্ৰস্তুত কৰি অৰ্থৰ বাবে বিভিন্ন প্ৰতিষ্ঠাৰ কাষ চাপে ৷  বহু প্ৰতিষ্ঠান তথ পুঁজিপতি গোষ্ঠীয়ে স্বেচ্ছাসেৱী অনুষ্ঠান ( এন জি অ) ক প্ৰকল্প স্থাপনৰ বাবে ইমান বৃহৎ পৰিমাণৰ ধন প্ৰদান কৰিবলৈ তিলমানো আগ্ৰহ প্ৰকাশ নকৰিলে ৷ যাৰ বাবে ডা° অঞ্জনা শৰ্মাই এই সমস্ত প্ৰকল্পৰ আবেদনৰ পৰা আৰম্ভ কৰি প্ৰাককলন পৰ্যন্ত শিৱসাগৰ  জিলা প্ৰশাসনৰ হাতত অৰ্পণ কৰে ৷ আনকি ৰটাৰী ক্লাবৰ নাম পৰ্যন্ত আতঁৰাই প্ৰশাসনক পাৱাৰ গ্ৰীড কৰ্পৰেচনৰ ওচৰত আবেদন জনাবলৈ অনুৰোধ জনায় ৷

জিলা প্ৰশাসনে সংশ্লিষ্ট প্ৰতিষ্ঠানলৈ আবেদন জনায় ৷ চিকিৎসা বিষয়া তথা শিৱসাগৰ ৰক্ত ভঁৰালৰ তদানীন্তন বিষয়া দ্বিজেন কোঁচ এই প্ৰক্ৰিয়াটোৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত হৈ পৰে ৷ যাৰ ফলস্বৰূপে পাৱাৰ গ্ৰীড কৰ্পৰেচনে শিৱসাগৰত এই প্ৰকল্পৰ বাবে ধন ব্যয় কৰিবলৈ আগবাঢ়ি আহে ৷ শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে প্ৰকল্প ৰূপায়ণত গুৰুত্ব প্ৰদান কৰি কামকাজ আগবঢ়াই ৷ যিহেতু এই গোট সম্পূৰ্ণ হৈ উঠাৰ পাছত শিৱসাগৰ জিলাৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজ উপকৃত হোৱাটো নিশ্চিৎ ৷ 

যোৱা ৬ অক্টোবৰত বুজাবুজিৰ চুক্তি সম্পাদিত অনুষ্ঠানত পাৱাৰ গ্ৰীডৰ কনিষ্ঠ অভিযন্তা প্ৰণৱজ্যোতি ডেকা,শিৱসাগৰ ৰক্ত ভঁৰলাৰ  ভাৰপ্ৰাপ্ত বিষয়া ডা° দ্বিজেন কোঁচ,ৰটাৰী ক্লাৱৰ সভাপতি মানৱ বৰুৱা , ডা° অঞ্জনা শৰ্মা, ডা° ৰঞ্জিত হাজৰিকা, ডা° উদয় ৰাজকোঁৱৰ, স্বাস্থ্য বিভাগৰ অঞ্জুমা চাংমাই আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা প্ৰকল্প প্ৰৱন্ধক উপস্থিত আছিল। তাৰ পিছতেই কৰবাত কেনা লগাৰ বাবে প্ৰকল্পৰ কাম ফাইলতে আবদ্ধ হৈ ৰ’ল ৷ এক সূত্ৰৰ পৰা জানিব পৰিমতে পাৱাৰ গ্ৰীড কৰ্পৰেচনে ইতিপূৰ্বে অনুমোদন জনোৱা প্ৰকল্পৰ প্ৰাককলনৰ বাবে নতুন প্ৰাককলনত নিৰ্ধাৰণ কৰা ধন যোগান ধৰাৰ ক্ষেত্ৰত মান্তি হোৱা নাই ৷ 

শিৱসাগৰত ১.৪৪ কোটি টকীয়াৰ প্ৰকল্পৰ কামত স্থবিৰতা
মিচিং যুৱ মহোৎসৱৰ সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in