Advertisment

নবিল তৰাজানত শিৱ পুৰাণ পাঠ

বিশ্ব শান্তিৰ উদ্দেশ্যৰে অনুষ্ঠিত এই মহা শিৱ পুৰান অনুষ্ঠানে সমগ্ৰ অঞ্চলটো বৈকুণ্ঠত পৰিণত হয়

author-image
Asomiya Pratidin
New Update
নবিল তৰাজানত শিৱ পুৰাণ পাঠ

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ নবিল তৰাজানত ৯ দিনিয়াকৈ অনুষ্ঠিত হৈছে শিৱ পুৰাণ পাঠ ৷ তৰাজান শিৱ মন্দিৰ কমিটিৰ উদ্যোগত আৰু গাঁৱবাসীৰ সহযোগত অনুষ্ঠিত এই শিৱ পুৰাণ অনুষ্ঠানত বৃহস্পতিবাৰে অংশগ্ৰহন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷

Advertisment

বিধায়কগৰাকীয়ে ৰাইজক উদ্দেশ্যি আধ্যাত্মিক তত্ত্বৰ সন্দৰ্ভতো বিষদ বক্তব্য আগবঢ়োৱাৰ লগতে সকলো ৰাইজৰ মঙ্গল কামনা কৰে ৷ অঞ্চলটোৰ সহস্ৰাধিক ৰাইজৰ উপস্থিতিৰ ধৰ্মপ্ৰাণ ৰাইজৰ লগত হৰি নামৰ তালে তালে বিধায়ক পদ্ম হাজৰিকাই গীত নৃত্যও পৰিবেশন কৰে।

বিশ্ব শান্তিৰ উদ্দেশ্যৰে অনুষ্ঠিত এই মহা শিৱ পুৰান অনুষ্ঠানে সমগ্ৰ অঞ্চলটো বৈকুণ্ঠত পৰিণত হয় ৷

Also Read: বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুথিভঁৰালত ৰহস্যজনক চুৰিকাণ্ড

siv puran