বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুথিভঁৰালত ৰহস্যজনক চুৰিকাণ্ড

আৰক্ষীৰ মতে হিতেশ্বৰ ৰায় ওৰফে ডম্বৰু বৰ্তমান সময়ত পলাতক অৱস্থাত আছে
বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুথিভঁৰালত ৰহস্যজনক চুৰিকাণ্ড

ডিজিটেল সংবাদ,চিৰাং: পাঠ্যপুথি অবিহনেই ছাত্ৰ ছাত্ৰীৰ পাঠগ্ৰহণ। চিৰাং জিলাৰ বাসুগাঁও চহৰৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পিছতো বিদ্যালয়খনৰ বহু ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা নাই বিনামূলীয়া কিতাপ।

জানিব পৰা অনুসৰি বিদ্যালয়ৰ পুথিভঁৰালত জমা হৈ আছে হেজাৰ হেজাৰ পাঠ্যপুথি । তাৰ পিছতো কিতাপ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীসকলে। উপায়ন্তৰ হৈ কিতাপ অবিহনেই পাঠ গ্ৰহণ কৰিব লগা হৈছে ছাত্ৰ ছাত্ৰী সকলে ।

আনহাতে চৰকাৰী পাঠ্যপুথিৰ নাটনিৰ অভিযোগ চলি থকাৰ মাজতেই পোহৰলৈ আহিছে বিদ্যালয়খনৰ পুথিভঁৰালৰ পৰা ৰহস্যজনকভাৱে পাঠ্যপুথি চুৰিকাণ্ডৰ ঘটনা। ২১ এপ্ৰিলত বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা কল্পনা নাথে বাসুগাঁও আৰক্ষী থানাত এখন এহেজাৰ দাখিল কৰাৰ পিছত চুৰিকাণ্ডৰ বিষয়টো পোহৰলৈ আহে ।

তাৎপৰ্য্যপূৰ্ণ বিষয় যে এজাহাৰত উল্লেখ কৰা অনুসৰি বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় পুথিভঁৰালৰ চুৰিকাণ্ড সংঘটিত হৈছে যোৱা ২৩ জানুৱাৰী, ২০২৩ত । পুথিভঁৰালৰ বাহিৰৰ পৰা তলা বন্ধ কৰা আছে অথচ ভিতৰৰ পৰা ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ প্ৰায় ৩ হেজাৰ পাঠ্যপুথি ৰহস্যজনকভাৱে অৰ্ন্তধান হৈছে বুলি জানিব পৰা গৈছে ।

চুৰিকাণ্ড সংঘটিত হোৱাৰ ৩মাহৰ পিছত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু প্ৰাথমিক তদন্তত কিছু বিস্ফোৰক তথ্য পোহৰলৈ আহে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে চুৰিকাণ্ড সংঘটিত হোৱাৰ সময়ত পুথিভঁৰালকে আদি কৰি বিদ্যালয়খনৰ অন্যান্য বন্ধ কোঠালী, প্ৰৱেশদ্বাৰৰ চাবিপাত আছিল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিতেশ্বৰ ৰায় ওৰফে ডম্বৰুৰ হাতত । তেনে পৰিস্থিতিত তলাবন্ধ প্ৰৱেশদ্বাৰ, তলাবন্ধ পুথিভঁৰালৰ ভিতৰৰ পৰা কোনে আৰু কেনেকৈ এই বৃহৎ পৰিমাণৰ পাঠ্যপুথি চুৰি কৰি বিদ্যালয়ৰ পৰা বাহিৰত ওলাই লৈ গ'ল ।

বাসুগাঁও থানাৰ আৰক্ষী তদন্ত অব্যাহত ৰাখি সোধপোছৰ বাবে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকীক বিচাৰি তেওঁৰ বাসগৃহত আৰক্ষীৰ দল গৈছিল যদিও চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকী বৰ্তমান বেংতলত আছে বুলি পৰিয়ালৰ লোকে আৰক্ষীক জানিবলৈ দিয়ে।

সেই অনুসৰি আৰক্ষীয়ে ৰুণীখাতা আৰক্ষী থানাৰ সহযোগত ডম্বৰুক বিচাৰি আৰক্ষী গৈছিল যদিও কৰ্মস্থলীত ডম্বৰু উপস্থিত নাছিল । আৰক্ষীৰ মতে হিতেশ্বৰ ৰায় ওৰফে ডম্বৰু বৰ্তমান সময়ত পলাতক অৱস্থাত আছে ।

শিক্ষানুষ্ঠানৰ পৰা বৃহৎ পৰিমাণৰ পাঠ্যপুথিৰ ৰহস্যজনক চুৰি আৰু থানাত গোচৰ দিবলৈ কিয় ৩মাহ পলম হ'ল এই সন্দৰ্ভত বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কল্পনা নাথে কয় যে জানুৱাৰী মাহত সংঘটিত চুৰিকাণ্ডৰ বিষয়টো অৱগত হোৱাৰ পিছতেই পৰিচালনা সমিতিৰ সৈতে আলোচনা কৰি আৰক্ষীক জনোৱাৰ পৰিবৰ্তে কাজলগাঁৱৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত লিখিতভাৱে অৱগত কৰে।

বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা প্ৰাথমিক তদন্ত কৰি এক নিৰ্দেশযোগে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিতেশ্বৰ ৰায়ক বেংতলত বদলিৰ নিৰ্দেশ দিয়ে । বিভাগীয়ভাৱে তদন্ত কৰি চিৰাঙৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় কুমাৰ বৈষ্ণৱে বাসুগাঁও থানাত গোচৰ ৰুজু কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। কিন্তু বিভাগীয় তদন্তৰ ধীৰগতিৰ বাবেই পলম হৈ গ'ল বুলি জানিবলৈ দিয়ে ।

লক্ষ্যনীয় বিষয় যে জানুৱাৰী মাহত যিজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিতেশ্বৰ ৰায় ওৰফে ডম্বৰু কৰ্মৰত অৱস্থাত চুৰিকাণ্ড সংঘটিত হৈছিল সেই চাবিপাত ৰখা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জনক ফেব্ৰুৱাৰী মাহতে কোনো ধৰনৰ আনুষ্ঠানিক তদন্ত বা অনুসন্ধান নকৰাকৈ ৰহস্যজনকভাৱে বেংতলত বদলি কৰাৰ নিৰ্দেশ জাৰি কৰা বিষয়টো সমগ্ৰ চুৰিকাণ্ডটোক অধিক ৰহস্যৰ মাজত ঠেলি দিয়া পৰিলক্ষিত হৈছে ।

ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ ৰহস্যজনক চুৰিকাণ্ডৰ পিছত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে পাঠ্যপুথি চুৰি হৈছে ২৩জানুৱাৰীত আৰু থানাত গোচৰ ৰুজু কৰা হৈছে২১ এপ্ৰিলত । চৰকাৰী বিদ্যালয় এখনৰ পুথিভঁৰালৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে যোগান ধৰা প্ৰায় ৩সহস্ৰাধিক পাঠ্যপুথি চুৰিৰ গোচৰ এটা ৰুজু কৰিবলৈ ৩মাহ সময় কিয় লগালে অধ্যক্ষাগৰাকীয়ে ।

বিদ্যালয়খনৰ চিচি কেমেৰাৰ ব্যবস্থা আছে যদিও জানুৱাৰী মাহত সেই চিচি কেমেৰা বন্ধ আছিল । জানিব পৰা মতে পাঠ্যপুথিৰ চুৰিকাণ্ডটো যাতে আৰক্ষী থানাত গৈ নাপাই তাৰ বাবে এটা চক্ৰই বিদ্যালয় কৰ্তৃপক্ষক হেঁচা প্ৰয়োগ কৰি আছিল কাৰণ তেওঁলোকৰ আশংকা আৰক্ষী থানাত গলে আৰু উপযুক্ত তদন্ত কৰিলে বহুত ৰৌ-বৰালী জালত পৰাৰ সম্ভাৱনা আছে ।

এই সংক্ৰান্তত বিদ্যালয়ৰ সহকাৰী শিক্ষক সকলেও উদ্বেগ প্ৰকাশ কৰি কয় যে শিক্ষানুষ্ঠানৰ পৰা বৃহৎ পৰিমাণৰ কিতাপ চুৰি, পলমকৈ গোচৰ ৰুজু আৰু এই চুৰিকাণ্ডৰ ফলত বহু ছাত্ৰ ছাত্ৰীয়ে এতিয়া কিতাপ অবিহনেই পাঠ গ্ৰহণ কৰিব লগা হৈছে । ইয়াৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু এই চুৰিৰ আঁৰত কোন দুষ্ট চক্ৰ জড়িত হৈ আছে তাক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ।

বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুথিভঁৰালত ৰহস্যজনক চুৰিকাণ্ড
তিনি ভাং বেপাৰীক লখিমপুৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in