/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/orang-1.jpg)
ডিজিটেল সংবাদ, ওৰাং : বৰছলা ৩ নং শিতলমাৰীত উচ্ছেদ আৰম্ভ। শোণিতপুৰৰ বৰছলাত বেদখল মুক্ত হ'ব প্ৰায় এহেজাৰ বিঘা ভূমি। বৰছলাৰ ৩ নং চিতলমাৰীত উচ্ছেদিত হ'ব ২৯৯ টা পৰিয়াল। ৰাতিপুৱা ৫ বজাৰ পৰা আৰম্ভ হৈছে উচ্ছেদ প্ৰক্ৰিয়া।
প্ৰায় ৯৫০ গৰাকী আৰক্ষী বিষয়া জোৱান আৰু বেটেলিয়ানৰ বিশাল বাহিনীৰে শোণিতপুৰ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে আৰম্ভ কৰিছে উচ্ছেদ অভিযান। যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহ'বৰ বাবে আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সষ্টম কৰি ৰখা হৈছে চি আৰ পি এফৰ অতিৰিক্ত বাহিনী।
জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই সন্মুখৰ পৰা পৰিস্থিতি তদাৰক কৰি আছে। ইতিমধ্যে উচ্ছেদৰ জাননী লাভ কৰি ক্ষোভ আৰু দুখৰে সপোনৰ ঘৰ বাৰী ভাঙি প্ৰায় সত্তৰ শতাংশ লোকে অন্য স্থানলৈ গতি কৰিছে। উচ্ছেদ অভিযানত জে চি বি ২০খন, ট্ৰেক্টৰ ১৫ খন আৰু ৮ বলেৰ' পিকআপ ভান ব্যৱহৃত হৈছে।