ছিপাঝাৰত চুৰিকাণ্ডই টোপনি হৰিছে ৰাইজৰ

ছিপাঝাৰত চুৰিকাণ্ডই টোপনি হৰিছে ৰাইজৰ

author-image
Asomiya Pratidin
New Update
ছিপাঝাৰত চুৰিকাণ্ডই টোপনি হৰিছে ৰাইজৰ

ডিজিটেল সংবাদ,মঙলদৈঃ দৰঙৰ ছিপাঝাৰত সঘনাই হৈ থকা চুৰিকাণ্ডই টোপনি হৰিছে ৰাইজৰ। বুধবাৰে নিশা ছিপাঝাৰৰ বিজুলীবাৰীৰ এটা পৰিয়ালত দৰ্জাৰ হুক ভাঙি চোৰৰ প্ৰৱেশ।

Advertisment

চোৰে লুটি নিয়ে সোণ-ৰূপৰ আ-অলংকাৰ। বিজুলীবাৰীৰ ৰত্নেশ্বৰ চহৰীয়াৰ গৃহৰ লগতে আন এঘৰতো চোৰৰ প্ৰৱেশ। গৃহস্থৰ খেদাত চোৰে বাটত পেলাই থৈ যায় অলংকাৰৰ কিছু অংশ।

বিগত কিছুদিন ধৰি অঞ্চলটোত বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা।চোৰৰ বিৰুদ্ধে সফল হ'ব পৰা নাই আৰক্ষী।এইক্ষেত্ৰত গাওঁৰক্ষী বাহিনীৰ নিষ্ক্ৰিয় ভুমিকাক সমালোচনা ভুক্তভোগী ৰাইজৰ।

Also Read: উৰিয়াগাঁও খেলপথাৰত এতিয়া ভোগালীক লৈ উৎসৱমুখৰ পৰিবেশ