৩৯৭ টা পৰিয়ালক উচ্ছেদঃ অবৈধ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে ধলপুৰত পুনৰ অভিযান...

৩৯৭ টা পৰিয়ালক উচ্ছেদঃ অবৈধ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে ধলপুৰত পুনৰ অভিযান...

ডিজিটেল সংবাদ, ছিপাঝাৰ: ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ কঠোৰ নিৰ্দেশৰ পিচতো আকোৰগোজ হৈ গৰুখুটি কৃষি প্ৰকল্পৰ ভুমি বেদখল কৰি থকা সন্দেহযুক্ত লোকসকলৰ বিৰুদ্ধে প্ৰশাসনে আজি পুনৰ আৰম্ভ কৰিছে উচ্ছেদ অভিযান । উল্লেখ্য যে ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া ৰিতিমনি দাসে পৰহি ধলপুৰলৈ গৈ কৃষি প্ৰকল্পৰ ভুমি বেদখল কৰি থকা ৬২০ টা পৰিয়ালক দলগাৱলৈ স্থানান্তৰ হবলৈ কঠোৰ নিৰ্দেশ দিছিল।

কিন্তু প্ৰশাসনৰ কঠোৰ নিৰ্দেশৰ পিচতো বেদখলকাৰী সকলে আকোৰগোজ হৈ কৃষি প্ৰকল্পৰ ভুমি এৰিবলৈ নিবিচৰাত আজি ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া ৰিতিমনি দাস আৰু ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত গোপাল শৰ্মাই লাটমণ্ডলসকলক শতাধিক নিৰাপত্তাৰক্ষীৰে ধলপুৰত উপস্থিত হৈ বুলডজাৰেৰে উচ্ছেদ অভিযান আৰম্ভ কৰে। প্ৰশাসনে আজি ৩৯৭ টা বেদখলকাৰী পৰিয়ালৰ ঘৰ-দুৱাৰ বুল ডজাৰেৰে ভাঙি দিয়ে ।

কৃষি প্ৰকল্পৰ ভুমি বেদখল কৰি থকা বাকী পৰিয়ালসমুহৰ বিৰুদ্ধে কাইলৈও উচ্ছেদ অভিযান চলোৱা হব বুলি জানিব পৰা গৈছে। প্ৰশাসনে উচ্ছেদ অভিযান চলাই ঘৰ- দুৱাৰ ভাঙি পেলোৱাৰ পিচত বেদখলকাৰী সকলে টালি-টোপোলা লৈ দলগাৱলৈ ঢাপলি মেলিছে । উল্লেখ্য যে চৰকাৰে গৰুখুটি কৃষি প্ৰকল্পৰ নামত ৮৭০০ বিঘা চৰকাৰী মাটি আবন্টন দিছে। ইয়াৰ প্ৰায় ৬৮০০ বিঘা ভুমি বেদখলমুক্ত কৰা হৈছে যদিও বাকী ভুমি বৰ্তমানেও বেদখলত আছে। উল্লেখযোগ্য যে গৰুখুটি কৃষি প্ৰকল্প ৰূপায়নৰ বাবে প্ৰশাসনে বিগত ২০২১ বৰ্ষৰ ছেপ্টেম্বৰ মাহত ধলপুৰত উচ্ছেদ অভিযান চলাই ১৪১৮ টা পৰিয়ালক উচ্ছেদ কৰিছিল।

এই উচ্ছেদিত পৰিয়ালসমুহক পুনৰ সংস্থাপনৰ বাবে আমছুকে ধৰি বিভিন্ন সংখ্যালঘু সংগঠনে চৰকাৰৰ ওচৰত প্ৰবল দাবী উত্থাপন কৰিছিল। এই দাবীৰ ভিত্তিত চৰকাৰ-প্ৰশাসনে আমছুকে ধৰি বিভিন্ন সংখ্যালঘু সংগঠনৰ সৈতে এক বৈঠকত মিলিত হৈ উচ্ছেদিত ১৪১৮ টা পৰিয়ালৰ লগতে নিজ শালমাৰা, বাৰবাৰী আদিত কৃষি প্ৰকল্পৰ ভুমি বেদখল কৰি থকা ৬৩৩ টা পৰিয়ালসহ মুঠ ২০৫১ টা পৰিয়ালক দলগাৱলৈ স্থানান্তৰ কৰি দলগাৱত পুনৰ সংস্থাপিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

সেই অনুসৰি ১৪৩১ টা পৰিয়ালে নিজেই ঘৰ দুৱাৰ ভাঙি পৰ্যায়ক্ৰমে দলগাৱলৈ স্থানান্তৰ হয় যদিও ৬২০ টা পৰিয়ালে দলগাৱলৈ স্থানান্তৰ নহৈ আকোৰগোজভাৱে বেদখল কৰি আহিছিল কৃষি প্ৰকল্পৰ ভুমি। প্ৰশাসনৰ বাৰম্বাৰ নিৰ্দেশৰ পিচতো এই বেদখলকাৰী পৰিয়ালসমুহে দলগাৱলৈ স্থানান্তৰ নোহোৱাত আজি প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ বাধ্য হয়।

উল্লেখযোগ্য যে, ছিপাঝাৰৰ চৰ অঞ্চলত বেদখলত থকা ৭৭৪২০ বিঘা চৰকাৰী ভুমি বেদখলমুক্ত কৰি কৃষিৰ জৰিয়তে খিলঞ্জীয়া নিৱনুৱা যুৱক -যুৱতীসকলক সংস্থাপিত কৰা হব বুলি ঘোষণা কৰিছিল। ইয়াৰ চৰ অঞ্চলত বেদখলত থকা বাকী ভুমিও বেদখলমুক্ত কৰি খিলঞ্জীয়াক সংস্থাপিত কৰিবলৈ ছিপাঝাৰ আঞ্চলিক ছাত্র সন্থা, কুৰুৱা আঞ্চলিক ছাত্র সন্থা, সংগ্ৰামী সতীৰ্থ সন্মিলন, দক্ষিণ -পশ্চিম মঙলদৈ গোৱাল সন্থা, প্ৰব্ৰজন বিৰোধী মঞ্চ আদিয়ে দাবী উত্থাপন কৰি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in