/asomiyapratidin/media/media_files/2025/04/03/z38xUaWiG0fc1j9ZZD3B.jpg)
চিকিৎসকে ছাত্ৰীক যৌন আতিশায্য চলোৱাৰ অভিযোগ
ডিজিটেল সংবাদ, ছিপাঝাৰ: ছিপাঝাৰৰ বাজানাপথাৰ গ্ৰাম্য চিকিৎসালয়ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। বৃহস্পতিবাৰে এজন চিকিৎসকে কুৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক যৌন আতিশায্য চলোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অঞ্চলটোৰ টেকেলীয়াকুৰ গ্ৰেন্টৰ এগৰাকী কিশোৰী ছাত্ৰী পিঠিৰ বিষৰ বাবে মাতৃৰ সৈতে আজি দিনৰ ১১ মান বজাত বাজানাপথাৰ গ্ৰাম্য চিকিৎসালয়লৈ গৈছিল। চিকিৎসালয়খনৰ ডাঃ আবু চায়েদ নামৰ চিকিৎসকজনে কিশোৰীগৰাকীৰ মাতৃক নিদান পত্ৰ আনিবলৈ বাহিৰলৈ পঠিয়াই কিশোৰীগৰাকীক চিকিৎসা কৰাৰ চলেৰে যৌন আতিশায্য চলোৱাত কিশোৰীগৰাকীয়ে কান্দি কান্দি বাহিৰলৈ ওলাই আহি মাতৃক সকলো কথা বিৱৰি কয়।
কিশোৰী গৰাকীৰ মাতৃয়ে চিকিৎসকজনক এই বিষয়ে সোধ-পোছ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। মাতৃ-কন্যা চিকিৎসালয়খনৰ পৰা ওলাই গৈ খলিহৈ মেডিকেল চ'কত একাংশ লোকক চিকিৎসকে যৌন আতিশায্য চলোৱাৰ ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পিচতে একাংশ ৰাইজ চিকিৎসালয়লৈ গৈ চিকিৎসকজনক প্ৰহাৰ কৰিবলৈ উদ্যত হৈ পৰে। লগে লগে আৰক্ষী বাহিনী চিকিৎসালয়খনত উপস্থিত হৈ চিকিৎসকজনক এটা কোঠাত আবদ্ধ কৰি ৰাখে।
পৰৱৰ্তী সময়ত অঞ্চলটোৰ সহস্ৰাধিক লোক চিকিৎসালয়খনত উপস্থিত হৈ লম্পট চিকিৎসকজনক কোঠাৰ পৰা উলিয়াই আনিবলৈ বিচৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে চিকিৎসজনক কোঠাৰ পৰা উলিয়াই আনিব নোৱাৰি তেওঁৰ বিলাসী বাহনখনকে ভাঙি চুৰমাৰ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী, অৰ্দ্ধ সামৰিক বাহিনী মোতায়েন কৰিবলগীয়া হয়। হাজাৰৰো অধিক উত্তেজিত ৰাইজে ছয় ঘন্টা ধৰি আৱদ্ধ কৰি ৰাখে চিকিৎসকজনক। ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া ৰিতিমনি দাস আৰু জিলা আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ বহু সময় ধৰি ৰাইজক বুজনি দি অৱশেষত লম্পট চিকিৎসক আবু চায়েদক নিৰাপদে চিকিৎসালয়ৰ পৰা উলিয়াই নিবলৈ সক্ষম হয়। চিকিৎসা গ্ৰহন কৰিবলৈ যোৱা ছাত্ৰীগৰাকীক যৌন আতিশায্য চলোৱা চিকিৎসকজনক উচিত শাস্তি প্ৰদানৰ দাবী তুলিছে অঞ্চলটোৰ ৰাইজে।