চিমেন নদীত শিল-বালিৰ ৰমৰমীয়া বেহা

চিমেন নদীত শিল-বালিৰ ৰমৰমীয়া বেহা
Published on
Updated on

ডিজিটেল সংবাদ, জোনাই : ধেমাজি জিলাৰ জোনাই মহকুমাৰ চিমেন নদীত অবৈধ খনন আৰু শিল-বালিৰ ৰমৰমীয়া বেহা চলি আছে। চিমেন নদীৰ পৰা অবৈধ শিল-বালি সংগ্ৰহ কৰি চিমেন চাপৰিৰ চেৰেণ নৈৰ ওপৰত থকা ৰে'লৱে দলঙৰ তলেদি মাফিয়া চক্রই অবৈধভাৱে তথা চোক পথ নিৰ্মাণ কৰি চলাই গৈছে শিল-বালিৰ চোৰাং বেহা। ফলত স্থানীয় ৰাইজে ভুগিবলগীয়া হৈছে যমৰ যাতনা।

উল্লেখযোগ্য যে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা চিমেন নদীত অসম-আৰু অৰুণাচল প্ৰদেশৰ সীমাত দুটা শিল-বালিৰ কুৱাৰী আছে। বিশেষ সূত্ৰে জানিব পৰামতে অসমৰ শিল-বালিৰ কুৱাৰীটো আদালত এক গোচৰ চলি থকাত বন্ধ হৈ আছে। কিন্তু বন বিভাগে এজন লোকক সন্দেজনকভাৱে চিমেন নদীৰ পৰা শিল-বালি সংগ্ৰহ অনুমতি দিছে।

এনেদৰে চিমেন নদীত অসাধু শিল-বালিৰ মাফিয়াই এস্কেভেটৰেৰে নদীৰ বুকু তল ওপৰ কৰি ৰমৰমীয়া চোৰাং শিল-বালিৰ বেহা চলাই আহিছে। অবৈধ শিল-বালিৰ বেহা ফলত চিমেন নদীৰ প্ৰাকৃতিক পৰিবেশ বিনষ্ট হৈ বছৰী বান-খহনীয়া বৃদ্ধি পাইছে। চিমেন নদীৰ পৰা দৈনিক এস্কেভেটৰেৰে শিল-বালি খনন কৰি নথি-পত্ৰ অবিহনেই চেৰেণ নৈৰ ওপৰত থকা ৰে'লৱে দলঙৰ তলৰ চোৰাং পথেদি মাফিয়া চক্রই অবৈধভাৱে চলাই আছে শিল-বালিৰ ছিণ্ডিকেট।

ইপিনে ৰাইজে বাৰে বাৰে বিভাগীয় কর্তৃপক্ষক পথটো বন্ধ কৰিবলৈ দাবী জনাই আহিছে যদিও কোনো গুৰুত্ব দিয়া নাই। ফলত মংগলবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চিমেন চাপৰি আঞ্চলিক সমিতিয়ে এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। দুই শতাধিক ৰাইজে চিমেন চাপৰিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত মানৱ শৃংখল উলিয়াই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

প্রতিবাদীসকলে চিমেন নৈত অবৈধ খনন বন্ধ কৰক, চেৰেণ নদীৰ তলেদি অবৈধ পথ বন্ধ কৰক, মাফিয়াৰ ময়মতালি নচলিব, শিল-বালিৰ ছিণ্ডিকেট বন্ধ কৰক, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে চিমেন চাপৰিৰ আকাশ বতাহ। উল্লেখযোগ্য যে সমীপৱৰ্তী চিমেন নদীত অবাধ গতিত শিল-বালি খনন কৰি অবৈধভাবে চেৰেণ নদীৰ ওপৰৰ ৰে'লৱে দলঙৰ তলৰ চোৰাং পথেদি এচাম অসাধু চক্রই পথ নিৰ্মাণ কৰি দীৰ্ঘদিন ধৰি শিল-বালি সৰবৰাহ কৰাত অঞ্চলটো প্ৰদূষণ হৈ পৰিছে। এইক্ষেত্ৰত চৰকাৰ প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাই আহিছে যদিও কোনো ফলপ্রসূ পদক্ষেপ হাতত লোৱা নাই।

উল্লেখযোগ্য যে চিমেন নদীৰ বক্ষত অবাধে শিল-বালি খননৰ ফলত নদীখনৰ নামনি অংশত চিমেন চাপৰিলৈ নদীৰ গতিপথ লোৱাৰ আশংকাই দেখা দিছে। ফলত সংশ্লিষ্ট বিভাগক শীঘ্ৰে ইয়াৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা ল'বলৈ দাবী জনায়। প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চিমেন চাপৰি আঞ্চলিক সমিতিৰ সভাপতি দেৱেশ্বৰ বৰা আৰু সাধাৰণ সম্পাদক অভিজিৎ বৰাই এইক্ষেত্ৰত শীঘ্ৰেই প্রশাসনে ব্যবস্থা গ্রহণ নকৰিলে তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিছে।

চিমেন নদীত শিল-বালিৰ ৰমৰমীয়া বেহা
আজি আকাশত ওলাব ব্লু মুনঃ কেতিয়া, কেনেকৈ চাব পাৰিব চন্দ্ৰৰ অনন্য ৰূপ, জানক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in