ডিজিটেল ডেস্কঃ সাৱধান, সামাজিক মাধ্যমত সীমান্ত শেখৰৰ পোষ্টত কমেণ্ট কৰাৰ পূৰ্বে এশবাৰ ভাবিব। তেওঁৰ সামাজিক মাধ্যমৰ পোষ্টত অপমানজনক মন্তব্য কৰাসকলৰ বিৰু্দ্ধে গ্ৰহণ কৰিব আইনী ব্যৱস্থা।
আজি সামাজিক মাধ্যমৰ জৰিয়তে বিজেপি নেতা তথা অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষগৰাকীয়ে এই বিষয়ে অৱগত কৰিছে। উল্লেখ্য যে, বৃহস্পতিবাৰে সামাজিক মাধ্যমত সীমান্ত শেখৰে মহাকুম্ভ মেলাত উঠা তেওঁৰ দুখন ফটো আপলোড কৰিছিল।
ফটো দুখনৰ কেপচনত লিখিছিল, ''মহাকুম্ভ যাত্ৰাৰ প্ৰথমদিনা আজি মা গঙ্গাৰ পাৰত কিছু পূজা-অৰ্চনা কৰোঁ আৰু মহাকুম্ভৰ আধ্যাত্মিকত পৰিবেশৰ মাজত বিলীন হওঁ।'' সীমান্ত শেখৰৰ এই পোষ্টত বাতৰি লিখাৰ সময়লৈকে ৩২৩ টা ৰিয়েক্ট আৰু ৪৯ টা মন্তব্য আহিছে। তাৰোপৰি এটা শ্বেয়াৰ হৈছে।
এই ৪৯ টা কমেণ্টৰ ভিতৰত তাৰ ভিতৰত কেইবাজনেও কমেণ্ট বক্সত তেওঁক উদ্দেশ্যি অপমানজনক মন্তব্য কৰা পৰিলক্ষিত হৈছে। অনুৰূপ ধৰণে তেওঁৰ পূৰ্বৰ পোষ্ট সমূহতো তেওঁ ট্ৰ’লৰ সন্মুখীন হৈছে।
কোনো কোনোৱে যোৱা সময়ছোৱাৰ একাংশ ঘটনাক কেন্দ্ৰ কৰি তেওঁক সমালোচনাত্মক কৰাৰ লগতে আন একাংশই আকৌ অশ্লীল গালি, গালাজো কৰা পৰিলক্ষিত হৈছে। তাৰ মাজতেই বৃহস্পতিবাৰে আপলোড কৰা ফটোখনৰ কমেণ্টবক্সত ছ’চিয়েল মিডিয়া টীম সীমান্ত শেখৰে লিখিছে যে, ''এই সপ্তাহৰ ভিতৰত সকলো অপমানজনক মন্তব্যদাতাৰ বিৰুদ্ধে আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আমাৰ আইনী দলে অতি সোনকালেই গুৱাহাটী আদালতত পৰৱৰ্তী পদক্ষেপ মানহানিৰ গোচৰ তৰিবৰ বাবে স্ক্ৰীণ শ্বট আৰু লিংক সংগ্ৰহ কৰিছে।''
/asomiyapratidin/media/media_files/2025/02/21/KyVUNGKGpIuozUDD4sz9.jpeg)
অৱশ্যে সীমান্ত শেখৰৰ এনে আইনী পদক্ষেপ গ্ৰহণৰ সন্দৰ্ভত দিয়া মন্তব্যতো আকৌ একাংশই তেওঁক উভতি ধৰি সমালোচনা কৰা দেখা গৈছে। সেয়া যিয়েই নহওক সীমান্ত শেখৰে সঁচাকৈয়ে কোৱাৰদৰে আইনী পদক্ষেপ গ্ৰহণ কৰে নে নাই সেয়া হ’ব লক্ষ্যণীয়।
মন কৰিবলগীয়া কিছুদিন পূৰ্বে এগৰাকী আই এ এছ বিষয়াৰ পোষ্টৰ কমেণ্টত হাহা ৰিয়েক্ট কৰি এগৰাকী ব্যক্তিয়ে আদালতৰ পৰা জামিন লবলগীয়া হোৱা বিষয়টোৰ প্ৰতিক্ৰিয়াও ৰাজ্যত বৰ্তমানেও অব্যাহত আছে।
/asomiyapratidin/media/media_files/2025/02/21/0kUQ5B2yACbhyyUDBNCh.png)
সীমান্ত শেখৰৰ ফেচবুক পোষ্টত কমেণ্ট কৰাৰ পূৰ্বে এশবাৰ ভাবক, বিপদত পৰিব পাৰে আপুনি...
সাৱধান, সামাজিক মাধ্যমত সীমান্ত শেখৰৰ পোষ্টত কমেণ্ট কৰাৰ পূৰ্বে এশবাৰ ভাবিব। তেওঁৰ সামাজিক মাধ্যমৰ পোষ্টত অপমানজনক মন্তব্য কৰাসকলৰ বিৰু্দ্ধে গ্ৰহণ কৰিব আইনী ব্যৱস্থা।