চৰাইদেউ মথুৰাপুৰত সদৌ অসম ফুৰালুং সংঘৰ সোণালী জয়ন্তী সমাৰোহ...

২০ আৰু ২১ মে'ত চৰাইদেউ মথুৰাপুৰত সদৌ অসম ফুৰালুং সংঘৰ সোণালী জয়ন্তী সমাৰোহ
চৰাইদেউ মথুৰাপুৰত সদৌ অসম ফুৰালুং সংঘৰ সোণালী জয়ন্তী সমাৰোহ...

ডিজিটেল সংবাদ, চৰাইদেউঃ ৫০ বৰ্ষত ভৰি দিলে সদৌ অসম ফুৰালুং সংঘই। টাইলুং টাই খামসকলৰ নিজা সাংস্কৃতিক পৰম্পৰা ফুৰালুঙক সঠিকভাৱে পালন কৰিবৰ বাবে ১৯৭৩ চনত সদৌ অসম মহন দেওধাই বাইলুং সন্মিলনৰ পৃষ্ঠপোষকতাত জন্ম গ্ৰহণ কৰা সদৌ অসম ফুৰালুং সংঘই ৫০ বৰ্ষত ভৰি দিয়াত ফুৰালুং সমাজৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত চৰাইদেউ আৰু শিৱসাগৰ তথা মথুৰাপুৰ দেওধাই গাঁৱৰ শাখাৰ সহযোগত অহা ২০ আৰু ২১ মে'ত চৰাইদেউ জিলাৰ মথুৰাপুৰ দেওধাই গাঁৱৰ বৰতল খেল পথাৰত সোণালী জয়ন্তী সমাৰোহৰ আয়োজন কৰিছে।

সদৌ অসম ফুৰালুং সংঘ নামেৰে প্ৰতিষ্ঠা হোৱা অনুষ্ঠানটো পৰৱৰ্তী সময়ত ফুৰালুং সমাজ অসম নামেৰে চৰকাৰী পঞ্জীয়নভুক্ত হয় আৰু অসমৰ প্রায় ৯ খন জিলাত সিঁচৰতি হৈ থকা এই অনুষ্ঠানটোৰ অৰ্ধ-শতাধিক শাখা সমিতি ইতিমধ্যে গঠন কৰা হৈছে। প্ৰণিধানযোগ্য যে, টাই-লুঙ আৰু টাই- খামসকলৰ মাজত গঢ়ি উঠা বিভিন্ন ভাষিক আৰু সাংস্কৃতিক সংগঠনসমূহৰ মাজত ফুৰালুং সমাজ সু-সংগঠিত আৰু কাৰ্যক্ষম।

এই অনুষ্ঠানটোৰ সোণালী জয়ন্তী সমাৰোহৰ প্ৰস্তুতিৰ বাবে ইতিমধ্যে প্রদীপ দেওধাই ফুকনক সভাপতি, পূর্ণজিৎ ফুকনক কার্যকৰী সভাপতি, নিপেন গগৈক সাধাৰণ সম্পাদক আৰু সত্যেন ফুকন, ৰাণা ফুকনক যুটীয়া সম্পাদক হিচাপে লৈ উদযাপন সমিতি গঠন কৰা হৈছে।

সোণালী জয়ন্তীৰ দুয়োটা দিনৰ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে ফুৰালুং সমাজ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জ্ঞানানন্দ চাংবুন ফুকন, কাৰ্যকৰী সভাপতি ৰামেশ্বৰ বুঢ়াগোহাঁই আৰু ভাৰপ্ৰাপ্ত যুটীয়া সাধাৰণ সম্পাদক আনন্দ দাধৰা, নিপেন গগৈৰ লগতে সোণালী জয়ন্তীৰ উদযাপন সমিতিয়ে।

চৰাইদেউ মথুৰাপুৰত সদৌ অসম ফুৰালুং সংঘৰ সোণালী জয়ন্তী সমাৰোহ...
হিমন্ত বিশ্বক অসমৰ সংস্কৃতি শিকিবলৈ আহ্বান কেজৰিৱালৰ, ক'লে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in