চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষ আৰম্ভ

২৫ খন পতাকা উত্তোলন আৰু বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা

author-image
Asomiya Pratidin
New Update
চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষ আৰম্ভ

চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষ আৰম্ভ

ডিজিটেল সংবাদ,বেবেজীয়া : ১৯৯৮ চনত ছাত্ৰছাত্ৰীৰ শৈক্ষিক, আধ্যাত্মিক, নৈতিক, বৌদ্ধিক, শাৰীৰিক আৰু সাংস্কৃতিক উত্তৰণৰ মানসেৰে প্ৰতিষ্ঠা কৰা হৈছিল চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতন ৷ বিদ্যা ভাৰতীৰ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্ভুক্ত চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনে আজিৰে পৰা ২৫ বছৰত ভৰি দিলে ৷

Advertisment

এই উপলক্ষে আজিৰে পৰা বিভিন্ন কাৰ্যসূচীৰে নিকেতন খনত আৰম্ভ হৈছে ৰূপালী জয়ন্তী বৰ্ষ ৷ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি নিকেতন প্ৰাঙ্গণত পুৱা পতাকা উত্তোলন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। লগতে নিকেতনখন প্ৰতিষ্ঠা কালৰ পৰা জড়িত ব্যক্তি আৰু চৰাইবাহী অঞ্চলৰ বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা ২৪ গছি বন্তি প্ৰজ্বলন আৰু মূল পতাকাৰ লগতে ২৪ খন পতাকা উত্তোলন কৰা হয় ৷

আনহাতে, ৰূপালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা “অভিজ্ঞানম” প্ৰাচীৰ পত্ৰিকা খনি উন্মোচন কৰে চৰাইবাহী মহাবিদ্যালয় অধক্ষ্য ড০ কমল চন্দ্ৰ নাথে। অনুষ্ঠানৰ লগত সংগতি ৰাখি নিকেতনৰ আচাৰ্য-আচাৰ্যা আৰু কণ কণ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ এই সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে ৷

শোভাযাত্ৰাৰ পিছত দিনৰ ২ বজাৰ পৰা এখন মুকলি সভাৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় নিকেতনত। মৰিগাঁও সমষ্টিৰ বিধায়ক তথা নিকেতনৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি ৰমাকান্ত দেউৰীৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাখনিত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিদ্যা ভাৰতীৰ শিশু শিক্ষা সমিতিৰ বিভাগ নিৰীক্ষক পৰাণ বৰা ৷

সভাত উপস্থিত থাকে তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ মনোনীত সদস্য অজিত ডেকা , নিকেতন পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি পুনিৰাম নাথৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি। সন্ধিয়া নিকেতনৰ চৌহদত ২৪ গছি বন্তি প্ৰজ্বলন কৰি বৰ্ষজোৰা ৰূপালী জয়ন্তীৰ শুভাৰম্ভণী কাৰ্যসূচী সামৰণি পৰে ৷

আৰু পঢ়ক: গুৱাহাটীত অবৈধ নিৰ্মাণ আৰু বেদখলকৃত ভূমিত চলিব প্ৰশাসনৰ অভিযান ! বাদ পৰিব নেকি পুঁজিপতি বণিয়া !

assam Bebejia