ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ কাৰ্যালয় মুকলি

উল্লেখ্য যে এই কাৰ্যসূচীৰ পূৰ্বে জয়ন্তীৰ এদিনীয়া শুভাৰম্ভন কাৰ্যসূচীৰ সফল ৰূপায়ণৰ লক্ষ্যৰে উদযাপন সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়
ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ কাৰ্যালয় মুকলি

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাবাসীৰ শৈক্ষিক সম্ভ্ৰম স্বৰূপ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ঢকুৱাখনাৰ ৰূপালী জয়ন্তী মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে।অহা ৬, ৭ আৰু ৮ অক্টোবৰত জয়ন্তীৰ  মূল কাৰ্যসূচী অনুষ্ঠিত কৰাৰ  সিদ্ধান্তৰে অহা ২৫ মাৰ্চত এই প্ৰায় বৰ্ষজোৰা মহোৎসৱ উদযাপনৰ শুভাৰম্ভণ পৰ্ব অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰে মহাবিদ্যালয় পৰিয়াল আৰু উদযাপন সমিতিয়ে  ক্ষিপ্ৰতাৰে  কৰ্মসূচী গ্ৰহণ কৰি গৈছে।

তাৰেই অংশ হিচাপে মহোৎসৱ উদযাপনৰ এটা অস্থায়ী কাৰ্যালয়ৰ দ্বাৰ উন্মোচন পৰ্ব শুক্ৰবাৰে সম্পন্ন কৰা হয়।  ৰূপালী জয়ন্তী মহোৎসৱ উদযাপন সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈ , উপদেষ্টা ভোলা নাথ গগৈ , উদযাপন সমিতিৰ বিষয়ববীয়া পূৰ্ণ লাহন , হেম বৰুৱা , মিঠাৰাম চেতিয়া, হেমেশ্বৰ পেগু , প্ৰণৱ বৰুৱা , মানস জ্যোতি নেওগ , কুশল গোঁহাই ,  দুলু শইকীয়া, মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰদীপ চন্দ্ৰ বৰা,  প্ৰশিক্ষক  ক্ৰমে ডঃ সুৰজিত দলে , লীনা বুঢ়াগোঁহাই, সংগীতা শইকীয়া, ৰুমী গগৈ, দীপ শিখা দত্ত ,পুস্পিতা বৰা, নিতুমনি মেধি ,নৱজ্যোতি শইকীয়া, অসীম গগৈ, অংকুৰ বৰুৱা  আদি গৰিষ্ঠ সংখ্যক প্ৰশিক্ষক আৰু চন্দ্ৰজিত শইকীয়া, বুবুল দত্ত, পাপু বৰুৱা , আকাশ জ্যোতি লাহন আদি বহু সংখ্যক কৰ্মচাৰী তথা উদযাপন সমিতিৰ বিষয়ববীয়া উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উৰুলি মংগল ধ্বনিৰ  মাজত মহাবিদ্যালয় চৌহদত অৱস্থিত অস্থায়ী কাৰ্যালয়ৰ ফিটা কাটি দ্বাৰ উন্মোচন কৰে উদযাপন সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈয়ে ।

উল্লেখ্য যে এই কাৰ্যসূচীৰ পূৰ্বে  জয়ন্তীৰ এদিনীয়া শুভাৰম্ভন কাৰ্যসূচীৰ সফল ৰূপায়ণৰ লক্ষ্যৰে উদযাপন সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়।  উদযাপন সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত জয়ন্তীৰ শুভাৰম্ভ কাৰ্যসূচী সৰ্বতো প্ৰকাৰে সাফল্য মণ্ডিত কৰাৰ সন্দৰ্ভত  আৱশ্যকীয় গুৰুত্বপূৰ্ণ সকলো দিশ বিশ্লেষণ কৰি বহু কেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ কাৰ্যালয় মুকলি
১১ হাজাৰ ঢুলীয়া-নাচনী: গুৱাহাটীত থাকিব ক'ত, খাব কি ? মহানগৰ প্ৰশাসনে চলাইছে প্ৰস্তুতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in