কাঁইটৰ হাবিয়নিত চিলচেং মোমিনে দেখিছে স্বাৱলম্বিতাৰ সপোন

কাঁইটৰ হাবিয়নিত চিলচেং মোমিনে দেখিছে স্বাৱলম্বিতাৰ সপোন

ডিজিটেল সংবাদ, গোৱালপাৰাঃ এজন যুৱক। নাম চিলচেং মোমিন।উচ্চ শিক্ষাৰে শিক্ষিত গোৱালপাৰাৰ এইজন যুৱকে কাঁইটৰ হাবিয়নি এখনত দেখিছে স্বাৱলম্বিতাৰ সপোন। যোৱা আগষ্ট মাহৰ পৰাই কাঁইটৰ হাবিয়নিখনত যুৱকজনৰ সপোনটোৱে বাগৰ সলাবলৈ আৰম্ভ কৰে।

যুৱকগৰাকীৰ আলফুলীয়া হাতৰ পৰশত কাঁইটৰ হাবিয়নিখনে ক্ৰমশঃ ডাঠ সেউজ বৰণ লয়। হাবিয়নিখনৰ কাঁইটবোৰৰ দৰে চফল যুৱকগৰাকীৰ কুহুমীয়া সপোনটোৱেও ক্ৰমশঃ পুৰঠ হৈ উঠিছে।কাঁইটৰ হাবিয়নিত শ্যামলী পাটৰ ওৰণি খহাই ৰঙা,বগা,হালধীয়া আৰু গুলপীয়া গোলাপৰ কলিয়ে যে মাৰিছে হাঁহি।

ফুলৰ 'ৰাণী' গোলাপ। যাৰ সত্তা কোমল। যাৰ প্ৰতিটো পাহিয়ে নিভাজ প্ৰেম আৰু কৃপাৰ কাহিনী কয়।প্ৰতিটো কাঁইটেই যেন একো একোটা সোঁৱৰণীৰ দস্তাবেজ।গোলাপ ফুলৰ কোমল সত্তাক লৈ কত যে সৃষ্টি হৈছে ৰোমান্টিক কবিতাৰ।টনকিয়াল হৈছে বিশ্ব সাহিত্যৰ ভঁৰাল।

বিহগী কবি ৰঘুনাথ চৌধুৰীয়েও 'গোলাপ' নামৰ কালজয়ী কবিতাৰে চহকী কৰি গৈছে অসমীয়া সাহিত্যৰ ভঁৰাল।পিচে যুৱক চিলচেং মোমিনে এই গোলাপ ফুলক লৈ লিখা নাই কোনো কবিতা।প্ৰেমৰ প্ৰতিক গোলাপ ফুলৰ খেতিৰে চিলচেঙে দেখিছে নিজক স্বাৱলম্বী কৰাৰ সপোনহে।আগিয়াৰ বলবলা-চান্দামাৰীৰ এইগৰাকী এম এ পাছ চফল যুৱকে শোলমাৰীৰ চামাগুৰিত ব্যৱসায় ভিত্তিত কৰিছে এডৰা গোলাপ ফুলৰ খেতি।

যি সময়ত একাংশ শিক্ষিত যুৱক-যুৱতীয়ে এটা চৰকাৰী বা বহুজাগতিক কোম্পানীত চাকৰি পোৱাৰ আশাত নিজৰ জীৱন যৌৱন অথলে নিয়াইছে,সেই সময়তে উচ্চ শিক্ষা সাং কৰি অবাটত ওলপো সময় নষ্ট নকৰি নিজক স্বাৱলম্বী কৰিবলৈ উন্নত জাতৰ গোলাপ ফুলৰ খেতিত মনোনিবেশ কৰিছে চিলচেং মোমিনে। ফুলৰ ন খেতিয়ক যুৱকগৰাকীয়ে জানিব দিয়া মতে, মেঘালয়ৰ চিলঙত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা সময়তে তেওঁ গোলাপ ফুলৰ খেতি কৰাৰ এটা হেঁপাহ পুহি ৰাখিছিল।

২০২৩ বৰ্ষত তেওঁ শিক্ষা সাং কৰি ঘৰলৈ আহি আগিয়াৰ উৰপদ বিলৰ কাষতে থকা চামাগুৰিৰ ভিনিয়েকৰ ঘৰৰ কাষতে পিতৃয়ে আগতীয়াকৈ ক্ৰয় কৰি থোৱা মাটিডৰা নিজ হাতে চহাই তোলে।ইয়াৰ পিচতে তেওঁ আগষ্ট মাহৰ প্ৰথম সপ্তাহতে বহি:ৰাজ্য পুনেত যোগাযোগ কৰি উন্নত জাতৰ গোলাপ ফুলৰ পলি সংগ্ৰহ কৰি আনে।আধা বিঘাৰ গোলাপ ফুলৰ খেতি ডৰাত ফুলৰ কলি ফুটা লৈকে তেওঁৰ মুঠ ব্যয় হৈছে চাৰি লক্ষাধিক টকা।

খেতিডৰা ফুলাই তোলাৰ ক্ষেত্ৰত তেওঁ অকলেই পৰিশ্ৰম আৰু পৰিচৰ্চা কৰিছে।যোৱা ডিচেম্বৰ মাহৰ শেষৰফালে প্ৰথম ফুল কাঢ়ি গুৱাহাটীৰ ফেন্সি বজাৰৰ ফুল বেপাৰীক পাইকাৰী দৰত বিক্ৰী কৰি ৫০ হেজাৰ টকা উপাৰ্জন কৰিছে।একোটা ফুলত তেওঁ পোন্ধৰ টকাকৈ লাভ কৰিছে।

খেতিডৰাত বৰ্তমান যি হাৰত ফুলৰ কলি ফুটিছে,সেই হিচাপে চলিত সপ্তাহত তেওঁ পসত্তৰৰ পৰা এক লাখ টকা সংগ্ৰহ কৰাৰ আশা প্ৰকাশ কৰিছে।ইতিমধ্যে কেইবাগৰকী ফুল বেপাৰীয়ে চিলচেঙৰ সৈতে গোলাপ ক্ৰয় কৰিবলৈ যোগযোগ কৰিছে বুলি জানিব পৰা গৈছে।চলিত বছৰতে ফুলৰ খেতিডৰাত ব্যয় হোৱা সমস্ত খৰচ উঠি অহাৰ লগতে লাভ হোৱা আৰম্ভ হ'ব।

তেনেদৰে আগত দুই/আঢ়ৈ বছৰত খেতিডৰাৰ পৰা ফুল বেচি পোৱা সমগ্ৰ ধন লাভৰ ঘৰত থাকিব বুলি তেওঁ আশাবাদী।গছবোৰত চাৰি বছৰলৈকেহে ফুল ফুলিব।ফুলৰ খেতিৰে কিয় তেওঁ স্বাৱলম্বী হোৱাৰ পথ বাচি ল'লে বুলি প্ৰশ্ন কৰাত তেওঁ মিচিকিয়াই উত্তৰ দিলে- 'গোলাপ ফুল মই ভাল পাওঁ!'- সেই বাবেই। বৰ্তমান চিলচেং মোমিনৰ গোলাপৰ খেতিডৰা যেন বেবিলনৰ গুলবাগান।চামাগুৰিৰে উৰপদ বিললৈ যোৱা প্ৰতিগৰাকী পৰ্যটকে পান কৰে চিলচেঙৰ গোলাপ ফুলৰ ৰূপমাধুৰী।ৰং বিৰঙৰ তৰহ তৰহ পখিলাৰ সামন্তাৰলকৈ প্ৰতিদিনে গোলাপ ফুলৰ খেতিডৰাত বহু প্ৰেমিক যুগলেও ভিৰ কৰা পৰিলক্ষিত হৈছে।

কাঁইটৰ হাবিয়নিত চিলচেং মোমিনে দেখিছে স্বাৱলম্বিতাৰ সপোন
মাজবাটৰ ওৰাং ৰূপা পথত পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দুজনৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in