ৰাইডঙীয়া সৌৰভ শাখা সাহিত্য সভা ভৱনত শিল্পী দিৱস...

আজি শিল্পী দিৱস। প্ৰতিবছৰে ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটোত এই দিৱস উদযাপন কৰা হয়। অসমৰ আকাশৰ উজ্বল নক্ষত্ৰ ৰূপকোঁৱৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য

author-image
Asomiya Pratidin
New Update
ৰাইডঙীয়া

ৰাইডঙীয়া Photograph: (অসমীয়া প্ৰতিদিন)

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  আজি শিল্পী দিৱস। প্ৰতিবছৰে ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটোত এই দিৱস উদযাপন কৰা হয়। অসমৰ আকাশৰ উজ্বল নক্ষত্ৰ ৰূপকোঁৱৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শিল্পী দিৱসৰ।

নগাঁও জিলাৰ ৰাইডঙীয়া সৌৰভ শাখা সাহিত্য সভা ভৱনত শিল্পী দিৱসত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। তদুপলক্ষে পুৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সভাপতি দিলীপ কুমাৰ বৰাই।

পুষ্পাঞ্জলি অৰ্পণ কৰে বুবুল ভূঞা, প্ৰণৱ শইকীয়া, অমৃত বৰা, মদন বৰকটকী কে আদি কৰি উপস্থিত ৰাইজে। ৰাইডঙীয়া সৌৰভ শাখা সাহিত্য সভাৰ সম্পাদক কবিন পাটৰে আঁত ধৰা অনুষ্ঠানত পৰবৰ্তী সময়ত গীত মাত নৃত্যৰ মাজেৰে ৰূপকোঁৱৰক স্মৰণ কৰা হয়। ইফালে বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানটো পুৱা বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি জ্ঞাপন, গীত মাতেৰে শিল্পী দিৱস পালন কৰা হয়।

শিল্পী দিৱস