/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/nandita.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰ: বিভিন্ন ঘাট-প্ৰতিঘাট, প্ৰত্যাহ্বানৰ মাজৰে পুনৰ ঠন ধৰি উঠা ৰাজ্যখনৰ সমবায় খণ্ডত প্ৰতিষ্ঠিত কলিয়াবৰ মহকুমাৰ শিলঘাট স্থিত অসম সমবায় মৰাপাট কল শুক্ৰবাৰে পৰিদৰ্শন কৰে মন্ত্ৰী নন্দিতা গাৰ্লোচাই। একাংশ সংবাদ মাধ্যমত শিলঘাট মৰাপাট কলৰ দ্বিতীয় ইউনিট স্থাপনৰ ইতিবাচক বাতৰি প্ৰকাশৰ পিছতেই শিলঘাট মৰাপাট কলত শুক্ৰবাৰে পুৱাই উপস্থিত হয় সমবায় মন্ত্ৰী নন্দিতা গাৰ্লোচা।
পুৱা মন্ত্ৰী গৰাকী শিলঘাটস্থিত অসম সমবায় মৰাপাট কলত উপস্থিত হৈ কলটো পৰিদৰ্শন কৰাৰ লগতে শীঘ্ৰে আৰম্ভ হ'ব লগা কলটোৰ দ্বিতীয়টো ইউনিটৰ কাম-কাজৰ বুজ লয়। উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ লগতে ৰাষ্ট্ৰীয় সমবায় বিকাশ নিগম চমুকৈ এন চি ডি চিৰ পৰা লাভ কৰা সৰ্বমুঠ ২৬ কোটি ৬৯ লাখ ৪৪ হাজাৰ টকা ব্যয় সাপেক্ষে স্থাপন কৰা দ্বিতীয়টো ইউনিটৰ উৎপাদন দূৰ্গা পুজাৰ পাছতে আৰম্ভ হ'ব। সেই সন্দৰ্ভত বিভাগীয় মন্ত্ৰী গৰাকীয়ে উদ্যোগ কৰ্তৃপক্ষ আৰু পৰিচালনা মণ্ডলীৰ সৈতে আলোচনাত মিলিত হৈ ন-ন পৰিকল্পনাৰে লাভজনক ব্যৱসায়ৰে মিলটোক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
মৰাপাট কলটোৰ সন্মুখ ভাগত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধৰ অচিৰেই ব্যৱস্থা কৰাৰ ইংগিত প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী গৰাকীৰ পৰিদৰ্শনৰ সময়ত মৰাপাট কলৰ পৰিচালন সঞ্চালক গুন মণি গগৈ, পৰিচালনা মণ্ডলীৰ বিষয় ববীয়া, মহকুমা দণ্ডাধীশ দেৱসেনা বৰ্মন, মৰাপাট কল কৰ্মী সন্থাকে ধৰি উদ্যোগটোৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
উল্লেখ্য যে,তদানীন্তন বিধায়ক লীলাকান্ত বৰাৰ অপৰিসীম ত্যাগ আৰু কলিয়াবৰীয়া ৰাইজৰ অশেষ কষ্টৰ বিনিময়ত ১৯৭১ চনত শিলঘাটত সমবায় খণ্ডত স্থাপন হোৱা লাভজনক অসম সমবায় মৰাপাট কলটোৱে পৰবৰ্তী সময়ছোৱাত অদক্ষ পৰিচালনা,আসোঁৱাহযুক্ত আঁচনি অপৰিপক্ক সিদ্ধান্ত আৰু ব্যাপক দুৰ্নীতিৰ ফলতে লোকচানৰ সন্মুখীন হৈ আহিছিল ৷
সম্প্ৰতি এন চি ডি চিৰ ৰাজসাহাৰ্যৰে মৰাপাট কলৰ দ্বিতীয়টো ইউনিট স্থাপনৰ ক্ষেত্ৰটো যথেষ্ট আঁসোৱাহ আৰু অনিয়মৰ আশ্ৰয় লোৱা বুলি উদ্যোগটোৰ অন্তৰ্ভাগৰ পৰাই গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে ৷
আৰু পঢ়কঃ সোণাৰিত NSCN(IM) ৰ সদস্য আটক