শিলচৰ আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ

শিলচৰ আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ

author-image
Asomiya Pratidin
New Update
শিলচৰ আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ

ডিজিটেল সংবাদ, শিলচৰ: কাছাৰ জিলাক নিৰাপদ কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰি অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। কাছাৰক ট্ৰেনজিট হিচাপে ব্যৱহাৰ কৰি ড্ৰাগছ ব্যৱসায়ী সকলে চুবুৰীয়া ৰাজ্য মিজোৰাম আৰু মণিপুৰৰ পৰা কোটি কোটি টকাৰ ড্ৰাগছ আমদানি কৰি বহিঃৰাজ্যলৈ সৰবৰাহ কৰি আহিছে।

Advertisment

কাছাৰ আৰক্ষীৰ হাতত প্ৰায়েই জব্দ হৈছে এই নিষিদ্ধ ড্ৰাগছ। এইদৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে মঙলবাৰে নিশা বৃহৎ সফলতা লাভ কৰে। গোপন তথ্যৰ ভিত্তিত আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত‌্বত সোণাই এলেকাৰ কাবুগঞ্জত অভিযান চলাই আৰক্ষীয়ে এখন বলেৰো বাহনৰ পৰা ৮৮ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।

বাকচ কেইটাৰ পৰা মুঠ ১.১৫ কেজি হেৰ'ইন জব্দ কৰা হয়। জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় ৭কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে। হেৰ'ইন খিনি চুবুৰীয়া ৰাজ্যৰ পৰা সৰবৰাহ কৰি কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল বুলি জানিব দিয়ে আৰক্ষীৰ লোকে।

উল্লেখ্য যে, হেৰ'ইনখিনি জব্দ কৰাৰ লগতে ৩জন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো। গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী কেইজন ধলাই ভাগাবাজাৰৰ বাহাৰুল লস্কৰ, ৰোহিত লস্কৰ আৰু ৰাহুল লস্কৰ বুলি জানিব পৰা গৈছে।

assampolice