ত্ৰিপুৰাত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ মহিলা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ত্ৰিপুৰাত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ মহিলা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
যোৰাবাটত গ্ৰেপ্তাৰ হ'ল জি পি এছ এছৰ সম্পাদক...

এই মুহূৰ্তৰ খবৰ

ডিজিটেল সংবাদ, শিলচৰ : চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰা হৈছে। ছেপাহি জিলাৰ মেলাঘৰ আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই জব্দ কৰে হেৰ'ইনখিনি।‌

Advertisment

৩গৰাকী মহিলাৰ পৰা জব্দ কৰা হয় হেৰ'ইনখিনি। মেলাঘৰ থানাৰ আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়া মতে, মেলাঘৰ থানাৰ ওচৰত সন্দেহজনক অৱস্থাত ঘূৰা ঘূৰি কৰি থকা অৱস্থাত মহিলাকেইগৰাকী আটক কৰা হয় ।

তেওঁলোকক তালাচী চলোৱাৰ সময়ত ৩৪ টা হেৰ'ইনভৰ্তি চাবোনৰ বাকচ উদ্ধাৰ কৰা হয়। বাকচকেইটাৰ পৰা প্ৰায় ৪০০ গ্ৰাম ব্ৰাউন চুগাৰ (হেৰ'ইন) জব্দ কৰা হয়।‌

নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অভিযোগত মহিলা তিনিগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। জব্দ কৰা হেৰ'ইনৰ মূল্য ২০ লক্ষাধিক টকা।‌ ধৃত‌ মহিলা কেইজনীৰ বিৰুদ্ধে এন ডি পি এছ আইনৰ অধীনত মেলাঘৰ থানাত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Silchar tripura Assam police