/asomiyapratidin/media/media_files/2025/03/14/Cq69uZ1A1oCDEcCVfZiG.jpg)
ডিজিটেল সংবাদ শিলচৰঃ চুবুৰীয়া ৰাজ্য মণিপুৰত বুজণ পৰিমাণৰ নিচাজাতীয় WY টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে। Narcotics Control Bureau আৰু মণিপুৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই থৌবাল জিলাৰ লিলং এলেকাৰ পৰা জব্দ কৰে টেবলেটখিনি।
এখন বাহনত তালাচী চলাই আৰক্ষীয়ে মুঠ ১০২ কেজি ৩৯৩ গ্ৰাম টেবলেট জব্দ কৰে। এই বুজণ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে অসমৰ মৰিগাঁও আৰু গোলাঘাটৰ দুজন আৰু মণিপুৰৰ থৌবাল জিলাৰ এজনক গ্ৰেপ্তাৰ কৰে।
ধৃত লোক কেইজন গোলাঘাট সৰুপথাৰৰ অমল দাস, মৰিগাঁৱৰ বৰথল কছাৰী গাঁৱৰ মেহদী আলম আৰু থৌবাল জিলাৰ মহম্মদ খুৰছিদ। তেওঁ লোকৰ পৰা এখন ট্ৰাক আৰু এখন চাৰিচকীয়া বাহনো জব্দ কৰা হয়।
আনহাতে, পশ্চিম ইম্ফল জিলাত চলোৱা আন এক অভিযানত আৰক্ষীয়ে পি এল এৰ এগৰাকী সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰে। ধৃত উগ্ৰপন্থী গৰাকীৰ নাম থোকচম অংবি অনিতা দেবী। উগ্ৰপন্থী গোটৰ সদস্যগৰাকীৰ পৰা মেগজিনসহ এটা পিষ্টল, নাইন এম এম পিষ্টলৰ ১৮ টা আৰু পইন্ট থ্ৰি এইটৰ ১৫ টা সক্ৰিয় গুলী,নগদ ৫০০০ টকা আৰু ৬ টা মোবাইলসহ কেইবাখনো বিভিন্ন কোম্পানীৰ মোবাইলৰ চিম কাৰ্ড জব্দ কৰে আৰক্ষীয়ে।