/asomiyapratidin/media/media_files/2025/03/13/kAIyiBj2g8mCkd68I3PF.jpg)
ডিজিটেল সংবাদ শিলচৰ: পৰীক্ষা হলত নকল ধৰাৰ প্ৰতিশোধত যোৱা মঙলবাৰে শিলচৰৰ এগৰাকী প্ৰবক্তাক আক্ৰমণ কৰা কাটিগৰা গণিৰগ্ৰাম জে আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুজন ছাত্ৰ আৰু এগৰাকী কনিষ্ঠ সহায়কক আটক কৰিছে শিলচৰ আৰক্ষীয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছাত্ৰ দুজন কাটিগৰা বুৰিবাইলৰ ইমদাদ উল্লাহ বৰভুইয়া (১৯) ,বিলাল আহমেদ বৰভুইয়া (১৮) আৰু কনিষ্ঠ সহায়ক হানিফ আলম মাজাৰভুঞা।
উল্লেখ্য যে মঙলবাৰে ছুপাৰ ভাইজিঙ অফিচাৰ হিচাপে কৰ্তব্য শেষ কৰি শিলচৰলৈ উভতিছিল শিলচৰ গুৰুচৰণ কলেজৰ প্ৰবক্তা ড° সুভাষ দেবনাথ। সেই সময়ত এখন নম্বৰ প্লেটবিহীন বাইকেৰে আহি পথতে প্ৰবক্তা জনক লাঠিৰে আক্ৰমণ কৰিছিল ছাত্ৰ দুজনে।
এই আক্ৰমণত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছিল প্ৰবক্তা জন। ঘটনাৰ পিছত শিলচৰ থানাত এখন এজেহাৰ দাখিল কৰিছিল প্ৰবক্তাগৰাকীয়ে।
ইয়াৰ পিছতে আৰক্ষীয়ে আজি দুই অভিযুক্ত ছাত্ৰ ইমদাদ উল্লাহ বৰভুইয়া আৰু বিলাল আহমেদ বৰভুইয়াৰ লগতে জে আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কনিষ্ঠ সহায়ক হানিফ আলম মাজাৰভুঞাক আটক কৰে। লগতে তেওঁলোকে ব্যৱহাৰ কৰা বাইক খনো জব্দ কৰে আৰক্ষীয়ে।