কাছাৰৰ দুটা স্থানত ব্ৰজপাতঃ পশুধন, শিশুসহ দুজনৰ মৃত্যু...

মাছ ধৰিবলৈ যোৱা এটি শিশু আহত
কাছাৰৰ দুটা স্থানত ব্ৰজপাতঃ পশুধন, শিশুসহ দুজনৰ মৃত্যু...
কাছাৰৰ দুটা স্থানত ব্ৰজপাতঃ পশুধন, শিশুসহ দুজনৰ মৃত্যু...

ডিজিটেল সংবাদ কাছাৰঃ কাছাৰৰ কাটিগড়াৰ গুমৰা চাহ বাগিচা আৰু ভাৰত বাংলাদেশ সীমান্তৰ লেবাৰপুতাত ব্ৰজপাতত পশুধনসহ দুজনৰ কৰুণ মৃত্যু। মৃত  দুজন ক্ৰমে গুমৰা চাহ বাগিচাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ৰোহন গুনজু আৰু ভাৰত বাংলাদেশ  সীমান্তৰ ভটেৰচক গাঁৱৰ ফৰিন্দ্ৰ দাস ৷

প্ৰথমটো ঘটনা সংঘটিত হৈছে গুমৰা চাহ বাগিচাত । জানিব পৰা মতে, ৰোহন গুনজু নামৰ ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰ মাছ ধৰিবলৈ গৈ হঠাৎ হোৱা ব্ৰজপাতত থিতাতে মৃত্যু ঘটে । লগতে আহত হয় জয়কুমাৰ গুনজু নামৰ আন এজন শিশু ৷ ঘটনাৰ পাছত স্থানীয় লোকসকলে আহত শিশুটিক ততাতৈয়াকৈ উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

ইপিনে এই ঘটনাৰ কিছু সময় পাছত কাটিগড়াৰ ভাৰত বাংলাদেশ সীমান্তৰ লেবাৰপুতাত আন এক ব্ৰজপাতৰ ঘটনা সংঘটিত হয়। ভয়ংকৰ এই ঘটনাত এটা গৰুসহ মৃত্যু হয় ফৰিন্দ্ৰ দাস নামৰ এজন লোকৰ ৷

জানিব পৰা মতে, পথাৰত গৰু আনিবলৈ গৈছিল লোকজন । গৰু লৈ উভতি অহাৰ পথত হঠাৎ হোৱা ব্ৰজপাতত এটা গৰুসহ লোকজনৰ মৃত্যু হয়। ঘটনাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে । 

কাছাৰৰ দুটা স্থানত ব্ৰজপাতঃ পশুধন, শিশুসহ দুজনৰ মৃত্যু...
যোৰহাট আৰক্ষীৰ গুলীত আহত দুধৰ্ষ চোৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in