/asomiyapratidin/media/media_files/2025/03/13/7DuyIUvVakoFPQUMDako.jpg)
ডিজিটটেল সংবাদ শিলচৰ: শিলচৰৰ ভয়ংকৰ ট্ৰেফিক যানজঁটৰ সমস্যা সমাধানৰ বাবে দুখন উৰণ সেতু নিৰ্মাণৰ বাবে এইবাৰ বাজেটত ৭০০ কোটি টকা ধাৰ্য কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰে কেপিটেল পইন্টৰ পৰা ৰাংগিৰখাৰীৰ চিত্তৰঞ্জন মূৰ্তিলৈ নিৰ্মাণ হ'ব লগা উৰণ সেতুৰ প্ৰাৰম্ভিক কাম অহা তিনি মাহৰ ভিতৰত আৰম্ভ হ'ব।
অসম চৰকাৰৰ শেহতীয়া বাজেট সন্দৰ্ভত বিশ্লেষণ কৰিবলৈ বৃহস্পতিবাৰে শিলচৰৰ দলীয় কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত এই কথা সদৰী কৰিছে মন্ত্ৰী কৌশিক ৰায়ে। উৰণ সেতু নিৰ্মাণৰ বাবে প্ৰয়োজন হ'লে শিলচৰত উচ্ছেদ কৰিবলৈও প্ৰশাসন সাজু হৈছে বুলিও তেওঁ কয়।
ইফালে, কেইবা বছৰ ধৰি শিলচৰৰ শ্ৰীকোণাত ১০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা মিনি সচিবালয়ৰ নাম সলনি কৰি বৰ্তমান বৰাক সচিবালয় কৰা বুলিও সদৰী কৰে কৌশিক ৰায়ে। এই সচিবালয়ৰ কাম কাজ অহা অক্টোবৰত আৰম্ভ হ'ব বুলিও সংবাদ মেলত সদৰী কৰে বৰাক উন্নয়ণ বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে।
আনহাতে, এডভান্টেজ আছাম ২.০ ৰ অংশ হিচাপে কাছাৰ কাগজ কলৰ ভূমিত কেইবাটাও ক্ষুদ্ৰ উদ্যোগ গঢ়িবলৈ আগবাঢ়ি আহিছে তিনিটাকৈ সংস্থা ক্ৰমে এন আৰ এল, অ’ এন জি চি আৰু এম এছ এম ই। এই তিনি সংস্থাৰ ভিতৰত এন আৰ এলক ১৩৪ বিঘা, অ’ এন জি চিক ১২ বিঘা আৰু এম এছ এম ইক ৬০ বিঘা ভূমি হস্তান্তৰ কৰা হৈছে বুলিও তেওঁ জনায়।
কাছাৰ কাগজ কলৰ এই ভূমিত এন আৰ এলে ১০০ কোটি, অ’ এন জি চিয়ে ৪০ কোটি আৰু এম এছ এম ইয়ে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে ২০০ কোটি বিনিয়োগ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। আনহাতে কাটিগৰাৰ বৰাক নৈৰ ওপৰত থকা গেমণ সেতু মেৰামতিৰ কাম ২৫ মাৰ্চৰ পৰা আৰম্ভ হ'ব বুলিও সংবাদ মেলতে অৱগত কৰে মন্ত্ৰী ৰায়ে।
তেওঁ এই সন্দৰ্ভত লগতে কয় যে, সেতু মেৰামতিৰ বাবে বৰাকৰ জীৱন ৰেখা হিচাপে বিবেচিত বদৰপুৰ-শ্বিলং ৬ নম্বৰ ৰাষ্ট্ৰীয় পথটো কিছু দিনৰ বাবে বন্ধ কৰি দিয়া হ'ব। বিকল্প হিচাপে কালাইন-শিলচৰ পথটো ব্যৱহাৰ কৰাৰ কথাও সদৰি কৰে মন্ত্ৰীগৰাকীয়ে।