/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-14/r2yumhto/58.jpg)
ডিজিটেল সংবাদ,শিলচৰ : ডিব্ৰুগড়, নগাওঁ আৰু কোকৰাঝাৰৰ পিচত শনিবাৰৰ পৰা শিলচৰত আৰম্ভ হৈছে "ট্ৰেণ্ডছ টেলেন্ট হান্ট প্ৰতিদিন টাইম ছিজন-৩" ৰ অডিচন । শিলচৰ পাৰ্কৰোডৰ শিলচৰ সংগীত বিদ্যালয় প্ৰেক্ষাগৃহত শনিবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে "ট্ৰেণ্ডছ টেলেন্ট হান্ট প্ৰতিদিন টাইম ছিজন-৩" ৰ অডিচন ।
বৰাক উপত্যকাত প্ৰথমবাৰৰ বাবে শিলচৰত অনুষ্ঠিত হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত লুকাই থকা প্ৰতিভা বিকাশৰ এই সাংস্কৃতিক অনুষ্ঠান। অডিচনৰ প্ৰথম দিনা যথেষ্ট সঁহাৰি পোৱা গৈছে শিলচৰৰবাসীৰ মাজত।
শনিবাৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিভা সন্ধানী এই মেগা টেলেন্ট হান্ট প্ৰতিযোগিতাত অংশ গ্ৰহন কৰিবলৈ হিলদল ভাঙি ওলাই আহে প্ৰতিযোগী আৰু অভিভাৱকসকল। গণেশ বন্দনাৰ পৰা আৰম্ভ কৰি বাঙালি গীত, বিহু গীত, বিহু নৃত্য, বাঙালি নৃত্য, বাঙালী আৰু অসমীয়া আধুনিক নৃত্য, ভূপেন হাজৰিকাই গোৱা গীতত নৃত্য পৰিবেশন আৰু বিভিন্ন বাদ্য বাদনেৰে প্ৰতিযোগীসকলে টেলেন্ট হান্টত অংশ গ্ৰহন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-14/sveyyafn/bab8c370-3dda-452e-a5df-e7f67874d6a7.jpg)
এনেধৰণৰ ৰাজ্যিক ভিত্তিক মেগা প্ৰতিযোগিতাত অংশ গ্ৰহন কৰিবলৈ পাই যথেষ্ট আনন্দিত বুলি মন্তব্য কৰে প্ৰতিযোগীসকলে। এখন বিশাল সাংস্কৃতিক ক্ষেত্ৰত প্ৰতিভা তুলি ধৰাৰ সুবিধা দিয়া বাবে প্ৰতিদিন টাইম - ট্ৰেণ্ডছ কৰ্তৃপক্ষক ধন্যবাদ জনায়।
ট্ৰেণ্ডছ- প্ৰতিদিন টাইমৰ উদ্যোগত আয়োজিত এই ' টেলেন্ট হান্ট' প্ৰতিযোগিতা ভবিষ্যতে পুনৰ শিলচৰত আয়োজন কৰিবলৈ আয়োজক পক্ষক অনুৰোধ জনায়।দেওবাৰে বৃহৎ সংখ্যক প্ৰতিযোগীয়ে টেলেন্ট হান্টত অংশ গ্ৰহন কৰাৰ সম্ভৱনা আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-14/uvatsmdc/3f481dcd-0bd8-4074-8dd9-c93426b4f00e.jpg)
ইফালে, বিচাৰকৰ আসনত বহা বিশিষ্ট অভেনেত্ৰী নিশিতা গোস্বামী, গায়ক ৰূপম ভুঞা আৰু নৃত্য পটীয়সী মেঘৰঞ্জনী মেধিয়ে শিলচৰৰ প্ৰতিযোগীসকলৰ প্ৰতিভা দেখি সন্তুষ্টি প্ৰকাশ কৰে। অভিনেত্ৰী নিশিতা গোস্বামীৰ মতে, বৰাক উপত্যকাত বহুতো টেলেন্ট আছে। ইয়াৰ মাজৰ পৰা শ্ৰেষ্ঠ প্ৰতিভাধৰসকলক উলিয়াই আনিবলৈ ট্ৰেণ্ডছ- প্ৰতিদিন টাইমে এটা ভাল পদক্ষেপ গ্ৰহন কৰিছে। লগতে এই প্ৰতিযোগিতাৰ জৰিয়তে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজৰ ঐক্যৰ এনাজৰী ডাল আৰু অধিক মজবুত হ'ব বুলি মন্তব্য কৰে।
এই টেলেন্ট হান্টৰ জৰিয়তে বৰাকৰ ছাত্ৰ ছাত্ৰী সকলৰ সুপ্ত প্ৰতিভা বিকশিত কৰাৰ ক্ষেত্ৰত ট্ৰেণ্ডছ- প্ৰতিদিন টাইমে লোৱা উদ্যোগক ধন্যবাদ জনাই অন্যতম বিচাৰক ৰূপম ভূঞাই। শিলচৰৰ পৰা বহুতো ভাল ভাল প্ৰতিভা পাব বুলি আশা প্ৰকাশ কৰে বিশিষ্ট গায়কগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-14/9b907ek7/55aacaf7-552a-4ee4-bb4e-bfd6f0eb1758.jpg)
আনহাতে, শিলচৰৰ সাংস্কৃতিক ক্ষেত্ৰ খন যথেষ্ট চহকী বুলি মন্তব্য কৰে অন্যতম বিচাৰক মেঘৰঞ্জনী মেধীয়ে। শিলচৰত সংগীত , নৃত্য আদিত পাৰদৰ্শিতা থকা অসংখ্য প্ৰতিভাধৰ আছে। দেওবাৰে এনে বহু সংখ্যক প্ৰতিভা ধৰে টেলেন্ট হান্টত অংশ গ্ৰহন কৰিব বুলি আশা ব্যক্ত কৰে বিচাৰকগৰাকীয়ে ।
Also Read: শীতল পানীয় খুৱাই ছাত্ৰীক নিৰ্যাতনৰ চেষ্টা : হোৱাটছএপযোগে মুখ্যমন্ত্ৰীক অৱগত কৰিলে ভুক্তভোগীয়ে