শিলচৰ‌ত ৰে’লৰ খুন্দাত মৃত্যু যুৱকৰ, চিনাক্ত হোৱা নাই মৃতদেহ

শিলচৰ‌ত ৰে’লৰ খুন্দাত মৃত্যু যুৱকৰ, চিনাক্ত হোৱা নাই মৃতদেহ

author-image
Asomiya Pratidin
New Update
শিলচৰ‌ত ৰে’লৰ খুন্দাত মৃত্যু যুৱকৰ, চিনাক্ত হোৱা নাই মৃতদেহ

ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰ তাৰাপুৰ ৰে'ল ষ্টেচনত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। শনিবাৰে শিলচৰ তাৰাপুৰ ৰে’ল ষ্টেচনত ৰে’লৰ খুন্দাত এজন যুৱকৰ মৃত্যু হয় । জানিব পৰা মতে, ৰে’ল লাইনৰ মাজেৰে খোজকাঢ়ি গৈ থকা সময়ত শিলচৰ - মহিশাসন যাত্ৰীবাহী ৰে'লৰ খুন্দাত থিতাতে মৃত্যু হয় যুৱকজনৰ।

Advertisment

ইফালে, যুৱকজনৰ মৃত্যুত স্থানীয় ৰাইজে ৰে’ল আৰক্ষীক খবৰ দিয়ে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰে আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতালয়লৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে দুৰ্ঘটনাত মৃত্যু হোৱা যুৱকজনৰ পৰিচয়ৰ কোনো সন্ধান পোৱা নাই।

Also Read: উত্তৰ ছিকিমৰ মংগন জিলাত অব্যাহত প্ৰাকৃতিক বিপৰ্যয়ঃ ব্যাহত যোগাযোগ ব্যৱস্থা...

train accident