নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি শিলচৰত উত্তপ্ত পৰিস্থিতি

মেডিলেণ্ড নাৰ্চিং হোমৰ চিকিৎসকৰ ভুল চিকিৎসৰ বাবে নৱজাতকৰ মৃত্যু হোৱা বুলি অভিযোগ পৰিয়ালৰ।

author-image
Asomiya Pratidin
New Update
নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি শিলচৰত উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ, শিলচৰঃ এটি নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি শিলচৰত উত্তপ্ত পৰিস্থিতি। মেডিলেণ্ড নাৰ্চিং হোমৰ চিকিৎসকৰ ভুল চিকিৎসৰ বাবে নৱজাতকৰ মৃত্যু হোৱা বুলি অভিযোগ পৰিয়ালৰ।

Advertisment

অভিযোগ অনুসৰি জন্মৰ পিছত নৱজাতকটিক কাৰ্টুনত ভৰাই পেলাই থৈছিল নাৰ্চিং হোম কতৃপক্ষই। ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শিলচৰৰ মেডিলেণ্ড নাৰ্চিং হোমত।

আমবিয়া বেগম বৰভূঞা নামৰ প্ৰসূতি গৰাকীৰ নৱজাতকক চিকিৎসক তিলক উপাধ্যায়ে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি পৰিস্থিতি উত্তাল কৰি তোলে ৰোগীৰ পৰিয়াল আৰু আত্মীয়সকলে ।

উল্লেখ্য যে, আমবিয়া বেগম বৰভূঞা নামৰ হাইলাকান্দিৰ পাচ গ্ৰামৰ প্ৰসূতী গৰাকীক দেওবাৰে সন্ধিয়া ভৰ্তি কৰোৱা হৈছিল নাৰ্চিং হোমত। নিশা প্ৰায় এক বজাত প্ৰসূতি গৰাকীক অস্ত্ৰো-পচাৰ কৰা হ'ব বুলি চিকিৎসক ডা:তিলক উপাধ্যায় ৰোগীৰ পৰিয়ালক অৱগত কৰিছিল যদিও নিশা তেনেকৈয়ে ৰোগীগৰাকীক পেলাই থোৱাৰ অভিযোগ।

সোমবাৰে পুৱা ৯ বজাত প্ৰসূতিগৰাকীৰ অস্ত্ৰোপচাৰ কৰে তিলক উপাধ্যায়ে। কিন্তু প্ৰসূতি গৰাকীৰ গৰ্ভৰ পৰা এটি মৃত শিশুৰ জন্ম হয় । অকল ইমানেই নহয়, মৃত শিশুটিক এটি কাৰ্টুনত ভৰাই পেলাই থৈছিল নাৰ্চিং হোম কতৃপক্ষই।

এই খবৰ পোৱাৰ পিছতে ক্ষোভত ফাটি পৰে ৰোগীৰ পৰিয়াল। চিকিৎসক ডা: তিলক উপাধ্যায়ৰ ভুল চিকিৎসাৰ বাবে শিশুটিৰ মৃত্যুৰ হোৱা বুলি অভিযোগ ৰোগীৰ পৰিয়ালৰ। শিশুটিক হত্যা কৰা বুলি অভিযোগ কৰিছে ৰোগীৰ‌ পৰিয়ালে। বৰ্তমান পলাতক চিকিৎসক তিলক উপাধ্যায়। ইফালে, ন্যায় বিচাৰি মুখ্য মন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ন্যায় বিচাৰি আইনৰ দ্বাৰস্থ হ'ব বুলি জানিবলৈ দিয়ে পৰিয়ালৰলোকে।

Also Read: নাই কেৰলৰ ধ্বনি, খ্ৰীষ্টমাছ ট্ৰীঃ যীচুৰ জন্মভূমিত এতিয়া আছে কেৱল কান্দোনৰ ৰোল...

Assam police