বনভোজ খাবলৈ গৈ দুই পক্ষৰ ভয়ানক মাৰপিট...

সিন্দুৰা বনভোজস্থলীত দুই বনভোজকাৰী দলৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা। এই মাৰপিটৰ সমগ্ৰ দৃশ্য বন্দী হয় কেমেৰাত। তাৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সেই ভয়ংকৰ দৃশ্যাৱলী।

author-image
Asomiya Pratidin
New Update
বনভোজ খাবলৈ গৈ দুই পক্ষৰ ভয়ানক মাৰপিট...

ডিজিটেল ডেস্কঃ নতুন বছৰক আদৰাৰ নামত ৰাজ্যত এতিয়াও অব্যাহত আছে বনভোজ। প্ৰত্যাহিক জীৱনৰ ব্যস্ততাৰ মাজতে কিছু সময় উলিয়াই আনন্দ উপভোগৰ বাবে বনভোজৰ বাবে যোৱা হয় যদিও এতিয়া যেন বনভোজস্থলীসমূহ সুৰক্ষিত হৈ থকা নাই। 

Advertisment

কেতিয়া, কোনে, কাক সমাণ্য কথাতে আক্ৰমণ কৰে তাৰ কোনো ঠিকনা নাই। আজি কাছাৰৰ সিন্দুৰা বনভোজস্থলীত সংঘটিত হোৱা এক মাৰপিটৰ ঘটনাই এই কথাকেই যেন প্ৰমাণ কৰিলে।

সিন্দুৰা বনভোজস্থলীত দুই বনভোজকাৰী দলৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা। এই মাৰপিটৰ সমগ্ৰ দৃশ্য বন্দী হয় কেমেৰাত। তাৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সেই ভয়ংকৰ দৃশ্যাৱলী।

জানিব পৰা মতে বনভোজস্থলীত দুটা বনভোজকাৰী দলৰ মাজত ফটো তুলাক কেন্দ্ৰ কৰি প্ৰথমে তৰ্কাতৰ্কি হয় আৰু পাছত সেয়াই গৈ মাৰপিটৰ ৰূপ ধাৰণ কৰে। দুপক্ষৰ মাজত হোৱা প্ৰচণ্ড মাৰপিটত দুয়ো পক্ষৰ কেইবাজনো আহত হয়।

দুয়োটা দলৰ সদস্যসকলে দৌৰা দৌৰি কৰি ইজনে সিজনক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ সমগ্ৰ দৃশ্যই জোকাৰি গৈছে সকলোকে। অৱশ্যে পাছত যেনিবা সেই স্থানত উপস্থিত থকা আন লোক সকলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

অভিযোগ অনুসৰি সামান্য কথাৰ পৰাই মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ মূলতে হৈছে সহজলভ্য সুৰা। দুয়ো পক্ষৰ যিসকলে কাজিয়াত লিপ্ত হয় সেই সকলোৱে সুৰা সেৱন কৰি আছিল। যাৰ বাবে এই ঘটনা সংঘটিত হয়।

কাছাৰ বনভোজ