জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ডা০ অলোক নাথৰ সাফল্য

জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ডা০ অলোক নাথৰ সাফল্য

author-image
Asomiya Pratidin
New Update
জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ডা০ অলোক নাথৰ সাফল্য

ডিজিটেল সংবাদ,শিলচৰ : এক ভয়ংকৰ তথা জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰি নজিৰ গঢ়িলে শিলচৰ মেডিকেল কলেজ হাস্পাতালৰ তৰুণ নিউৰো ছাৰ্জন ডা০ অলোক নাথে। দা'ৰ আঘাতত গুৰুতৰ আঘাতপ্ৰাপ্ত এজন ২৪ বছৰীয়া যুৱকক চাৰিঘন্টা ধৰি অপাৰেচন কৰি শেষত নতুনকৈ জীৱন দান দিলে শিলচৰ মেডিকেল কলেজ হাস্পাতালৰ ছয় জনীয়া চিকিৎসকৰ এটা দলে।

Advertisment

বৰ্তমান‌ সম্পুৰ্ণ সুস্থ অৱস্থাত আই চি ইউত চিকিৎসাধীন হৈ আছে অনিক দাস নামৰ শিলচৰ শিলকুৰিৰ যুৱকজন। শিলচৰ মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডা০ ভাস্কৰ গুপ্তৰ মতে, এইটো এটা দুৰ্লভ আৰু জটিল অপাৰেচন।

ডা০ অলোক নাথৰ নেতৃত্বত নিশা ডেৰ বজাৰ পৰা চাৰি ঘন্টা ধৰি ছয়জনীয়া চিকিৎসকৰ দলটোৱে অনিক দাসৰ অপাৰেচন কৰি শেষত ৰোগীজনক নতুন জীৱন দান দিলে। উল্লেখ্য যে আত্মীয়ৰ সৈতে হোৱা কাজিয়াত অনিক দাসক দা'ৰে মূৰত আক্ৰমণ কৰা হৈছিল। এই আক্ৰমণ ইমানেই ভয়াৱহ যে দাখন মূৰৰ ইমুৰৰ পৰা সিমুৰলৈ সোমাই গৈছিল।

Also Read: জোক, নেৰো আজি তোক...

Silchar Medical College Hospital