শিলচৰৰ হোষ্টেলত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

শিলচৰৰ হোষ্টেলত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

ডিজিটেল সংবাদ,শিলচৰ : শিলচৰৰ পঞ্চায়ত ৰোডৰ এটা ব্যক্তিগত পিজি হোষ্টেলৰ পৰা শুকুৰবাৰে এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অসম বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰজনৰ মৃতদেহ পঞ্চায়ত ৰোডৰ আছিয়ানা নামৰ পিজি হোষ্টেলৰ এটা কোঠাত ডিঙিত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে।

মৃত‌ ছাত্ৰজন জাহিদ আহমেদ তাপাদাৰ (২০) বুলি চিনাক্ত কৰা হৈছে। জাহিদ আহমেদ অসম বিশ্ববিদ্যালয়ৰ 'বি এ এল এল বি' ৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ। ছাত্ৰ জনৰ ঘৰ‌ কৰিমগঞ্জ জিলাৰ চৰগোল নায়েৰগ্ৰামত ।‌

জানিব পৰা মতে, জাহিদ আহমেদে তেওঁৰ কনিষ্ঠ ভাতৃ তাহেৰ আহমেদৰ‌‌ সৈতে প্ৰায় ছমাহ ধৰি পঞ্চায়ত ৰোডৰ আছিয়ানা 'পিজি'ত ভাড়াতীয়া হিচাপে বাস কৰি আহিছিল। তাহেৰ শিলচৰৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ। শুক্ৰবাৰে, তাহেৰ কলেজৰ পৰা আহি নামাজ লৈ গৈছিল। সেই সময়ত জাহিৰ 'পিজি'ৰ‌ সিহঁতৰ ৰূমতে আছিল বুলি জানিব পৰা গৈছে।

দুপৰীয়া প্ৰায় এক বজাত জাহিৰৰ দুজন বন্ধু তেওঁক লগ কৰিবলৈ পিজিলৈ ‌আহিছিল। তেওঁলোকে বাহিৰৰ পৰা কেবাবাৰো জাহিৰক মতাৰ‌ পিছতো কোনো সহাৰি নোপোৱাত দুৱাৰ খোলাৰ‌ চেষ্টা কৰে। কিন্তু দেখা যায় ভিতৰৰ পৰা দুৱাৰ বন্ধ। খিৰিকীৰে চোৱাত দেখা পাই যে বিছনাৰ ওপৰত থকা চিলিং ফেনত কাপোৰেৰে ডিঙিত চিপ লৈ ওলমি আছে জাহিৰ।

এনে অৱস্থাত বন্ধু দুজনে‌ জাহিৰৰ কনিষ্ঠ ভাতৃ তাহেৰক ফোন কৰি ঘটনাটো অৱগত কৰে।‌ খবৰ পাই পিজিৰ গৰাকী পাৰভেজ পানবীৰসহ তাহেৰ ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় লোকৰ সহায়ত তেওঁলোকে ‌কোঠাটোৰ দুৱাৰ খুলি প্ৰত্যক্ষ কৰে জাহিৰ চিলিং ফেনত চিপ লৈ ওলমি থকা দৃশ্য ।

ইয়াৰ‌ পিছত খবৰ‌ দিয়া হয় আৰক্ষী আৰু আৰু ছাত্ৰজনৰ পৰিয়ালক। খবৰ পোৱাৰ‌ লগে লগে ৰাংগিৰখাৰীৰ আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে। তদন্তৰ অন্তত দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি ময়নাতদন্তৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালয়লৈ প্ৰেৰণ কৰা হয়।

ইফালে ,খবৰ পোৱাৰ‌ পিচত কৰিমগঞ্জৰ‌ পৰা জাহিৰৰ জ্যেষ্ঠ ভাতৃ‌ আহমেদ চাকিৰসহ আত্মীয় লোকসকল ঘটনাস্থলীত উপস্থিত হৈ শোকত ভাগি পৰে। জাহিদে চিলিং ফেনত চিপ লোৱা দৃশ্য প্ৰত্যক্ষ কৰি তেওঁৰ‌ পৰিয়ালৰ‌ লোকসকল‌ বিষ্মিত হৈ পৰে।

এয়া এক হত্যাকাণ্ড বুলি দাবী কৰে পৰিয়ালৰ লোকে।‌ জাহিৰে কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে। তেওঁক হত্যা কৰি কোনোবাই চিলিং ফেনত আঁৰি আত্মহত্যাৰ‌ ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ কৰে।‌

এই ঘটনাৰ উপযুক্ত তদন্ত কৰি জাহিদৰ মৃত্যুৰ কাৰণ উদ্ঘাটন কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে।‌ ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰাংগিৰখাৰী আৰক্ষী চকীত এজাহাৰো দাখিল কৰিছে জাহিৰৰ পৰিয়ালে।

ইফালে, আত্মহত্যা আৰু হত্যাকাণ্ড সকলো‌ দিশৰ‌ প্ৰতি লক্ষ্য ৰাখি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। প্ৰাথমিক তদন্ত অনুসৰি জাহিদে আত্মহত্যা কৰা বুলিয়ে সন্দেহ আৰক্ষীৰ‌।‌

শিলচৰৰ হোষ্টেলত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ
গ্ৰাহকক প্ৰবঞ্চনাৰে লুণ্ঠন কৰা যোগানন্দ বৰগোঁহাই আৰক্ষীৰ জালত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in