অসম বিশ্ববিদ্যালয় চৌহদত প্ৰতিষ্ঠা কৰা হ'ব বীৰ টিকেন্দ্ৰজিতৰ প্ৰতিমূৰ্তি

অসম বিশ্ববিদ্যালয় চৌহদত প্ৰতিষ্ঠা কৰা হ'ব বীৰ টিকেন্দ্ৰজিতৰ প্ৰতিমূৰ্তি

author-image
Asomiya Pratidin
New Update
অসম বিশ্ববিদ্যালয় চৌহদত প্ৰতিষ্ঠা কৰা হ'ব বীৰ টিকেন্দ্ৰজিতৰ প্ৰতিমূৰ্তি

ডিজিটেল সংবাদ শিলচৰ : অৱশেষত ২৬ বছৰীয়া দাবীৰ অন্তত অসম বিশ্ববিদ্যালয় চৌহদত প্ৰতিষ্ঠা কৰা হ'ব উত্তৰ-পূবৰ অন্যতম স্বাধীনতা যুঁজাৰু বীৰ টিকেন্দ্ৰজিতৰ প্ৰতিমূৰ্তি। অসম বিশ্ববিদ্যালয়ৰ মণিপুৰী বিভাগৰ ভৱনৰ ওচৰত প্ৰতিষ্ঠিত হ'ব মুক্তিযোদ্ধা টিকেন্দ্ৰজিতৰ প্ৰতিমূৰ্তি।

Advertisment

ইতিমধ্যে মূৰ্তি নিৰ্মাণ আৰু প্ৰতিষ্ঠাৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠা বুলি জানিবলৈ দিছে । অহা ১৩ আগষ্টত বীৰ টিকেন্দ্ৰজিতৰ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। মুকলি কৰিব অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ ৰাজীব মোহন পন্টে।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকা। লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে সন্মানীয় অতিথি হিচাপে থাকিব।

অসম বিশ্ববিদ্যালয়ৰ মণিপুৰী ছাত্ৰ ইউনিয়নৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়ৰ সহযোগত মুকলি কৰা হ'ব বীৰ টিকেন্দ্ৰজিতৰ প্ৰতিমূৰ্তি । ইফালে, বিশ্ববিদ্যালয় চৌহদত টিকেন্দ্ৰজিতৰ মুৰ্তি স্থাপনৰ বাবে সুদীৰ্ঘ ২৬ বছৰ ধৰি দাবী জনাই আহিছিল বুলি সদৰী কৰিছে মণিপুৰী ছাত্ৰ ইউনিয়নৰ সভাপতি কৃষ্ণমোহন সিংহই।

ছাত্ৰ সন্থাসহ মণিপুৰী বিভিন্ন সংগঠনে ২৬ বছৰ ধৰি জনাই অহা দাবীৰ প্ৰতি অৱশেষত সন্মতি প্ৰদান কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। তাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু উপাচাৰ্য প্ৰফেছাৰ ৰাজীব মোহন পন্টক ধন্যবাদ জ্ঞাপন কৰে ছাত্ৰ নেতাজনে।

Also Read: পাৰপত্ৰ অবিহনে ভাৰতত প্ৰৱেশ : ধুবুৰীৰ কাৰাগাৰত বাংলাদেশী দুই যুৱতী

Silchar Statue assam university