ডিজিটেল সংবাদ, শিলচৰ: জনজাতিকৰণ, ভূমিৰ পট্টা প্ৰদান, জনজাতিৰ প্ৰমাণ পত্ৰ,প্ৰদান,মজুৰি বৃদ্ধি আদি কেবাটাও দাবীৰ সমৰ্থনত সোমবাৰে শিলচৰত ধৰ্ণা কাৰ্যসূচী পালন কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। শ্বহিদ খুদিৰাম বসুৰ মুৰ্তিৰ সন্মুখত দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহন কৰি সংগঠনটোৱে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰে।
নিজৰ অধিকাৰ বিচাৰি বৰাক উপত্যকাত প্ৰথমবাৰৰ বাবে ধৰ্ণা আৰু প্ৰতিবাদত অংশ লয় ছাত্ৰ সংগঠনটোৱে। হাতত প্লেকাৰ্ড আৰু বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতা আৰু সদস্য সকলে বিভিন্ন শ্ল’গানেৰে উত্তাল কৰে শিলচৰৰ আকাশ বতাহ।
দুঘণ্টীয়া এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক মহিলা আৰু পুৰুষ একত্ৰিত হৈ নিজৰ অধিকাৰৰ দাবী সজোৰে উত্থাপন কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ দাবী সমূহ পূৰণ নকৰিলে বিজেপিক সমৰ্থন কৰাৰ পৰা বিৰত থাকিব বুলি চৰকাৰক সকীয়াই দিছে ছাত্ৰ সংগঠনটোৱে।
ধৰ্ণাৰ শেষত জিলা আয়ুক্তৰ জৰিয়তে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহক এখন স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে। পিচত সংবাদ মাধ্যমৰ মুখামুখী হৈ আদিবাসী ছাত্ৰ সংগঠনটোৱে কয় যে সংবিধান (অনুসূচিত জনজাতি) সংশোধনী বিধেয়ক ২০১৯ অনুসৰি অসমৰ আদিবাসী সকলক অনুসূচিত জনজাতিৰ মৰ্যাদা, সংবিধান অনুযায়ী স্বায়ত্তশাসিত পৰিষদ আৰু সংৰক্ষিত শ্ৰেণীত ভোটাধিকাৰ, বন আইন ২০০৬, মিছন বসুন্ধৰা ১ .০ আৰু ২.০ৰ অধীনত আদিবাসী সকলক ভূমি পট্টা প্ৰদান কৰি অসমৰ বঞ্চিত আদিবাসী সকলক ভূমি পট্টা প্ৰদানৰ দাবী জনাই।
বাৰম্বাৰ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ পিছতো এতিয়ালৈকে কোনো ফল নোপোৱাত শেষত ৰাজ পথত নামি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে আদিবাসী সকলে। ইয়াৰ পিচতো তেওঁলোকৰ দাবী মানি নললে, ভৱিষ্যতে আৰু তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকীয়াই দিয়ে সংঠনটোৱে।