কাছাৰ আৰক্ষীৰ জালত মিজোৰামৰ ২ ড্ৰাগছ সৰবৰাহকাৰী...

কাছাৰ আৰক্ষীৰ জালত মিজোৰামৰ ২ ড্ৰাগছ সৰবৰাহকাৰী...
কাছাৰ আৰক্ষীৰ জালত মিজোৰামৰ ২ ড্ৰাগছ সৰবৰাহকাৰী...

ডিজিটেল সংবাদ কাছাৰঃ কাছাৰ আৰক্ষীৰ জালত পুনৰ পৰিল ড্ৰাগছ সৰবৰাহকাৰী। এক বিশেষ সূত্ৰৰ আধাৰত কাছাৰ আৰক্ষীয়ে শিলচৰৰ শিলডুবি অঞ্চলত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।

আনহাতে আৰক্ষীয়ে জব্দ কৰিছে এম জেড ০৫ এ ৮২৯১ নম্বৰৰ এখন বাহন। এই বাহনখনতেই বিশেষ চেম্বাৰ তৈয়াৰ কৰি ৩০ টা চাবোনৰ বাকচত সৰবৰাহ কৰিছিল প্ৰায় ৬০০ গ্ৰাম হেৰ'ইন।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই ড্ৰাগছ সৰবৰাহকাৰী মিজোৰামৰ বিলকাটিৰ, কোলাশিবৰ লালংছাং (৪৩) আৰু পাজনা (৩৭)। আৰক্ষীয়ে অনুমান কৰা অনুসৰি জব্দকৃত হেৰ'ইনখিনিৰ নিষিদ্ধ বজাৰৰ মূল্য প্ৰায় ৩ কোটি। আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই দুজন লোকে মিজোৰামৰ চম্পাই জিলাৰ পৰা হেৰ'ইনখিনি সৰবৰাহ কৰিছিল।

কাছাৰ আৰক্ষীৰ জালত মিজোৰামৰ ২ ড্ৰাগছ সৰবৰাহকাৰী...
মায়ঙৰ বিভিন্ন স্থানত প্ৰশাসনৰ অভিযানঃ ২খন ধাবাকে ধৰি ৩ ব্যৱসায়ীক প্ৰতিষ্ঠান ছিল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in