শিলচৰত ১১৪ গ্ৰাম নিচাযুক্ত সামগ্ৰী জব্দঃ গ্ৰেপ্তাৰ মহিলা সৰবৰাহকাৰী

আৰক্ষীয়ে এগৰাকী মহিলাৰ কাপোৰৰ বেগত তালাচী চলাই নিচাযুক্ত সামগ্ৰী ভৰ্তি ১০ টা চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা মুঠ ১১৪ গ্ৰাম নিচাযুক্ত সামগ্ৰী জব্দ হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,শিলচৰ: নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। গোপন তথ্যৰ ভিত্তিত শিলচৰৰ অৰুণাচল ৰেল জংছনৰ ওচৰত অভিযান চলাই আৰক্ষীয়ে বুজণ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে।

Advertisment

আৰক্ষীয়ে এগৰাকী মহিলাৰ কাপোৰৰ বেগত তালাচী চলাই নিচাযুক্ত সামগ্ৰী ভৰ্তি ১০ টা চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা মুঠ ১১৪ গ্ৰাম নিচাযুক্ত সামগ্ৰী জব্দ হয়। ক'লা বজাৰত জব্দ কৰা সামগ্ৰী খিনিৰ মূল্য প্ৰায় ৫৭ লাখ টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে।

নিষিদ্ধ নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ আগৰতলা প্ৰতাপগড়ৰ প্ৰনতী দাস নামৰ এগৰাকী মহিলাক (৩৫)  গ্ৰেপ্তাৰ কৰিছে। এই সংক্ৰান্তত শিলচৰ  সদৰ থানাত এটি  গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

শিলচৰ